৩০ অক্টোবৰ, ২০২৩, গোলাঘাট
*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ শুভাৰম্ভণি*
সমগ্ৰ ভাৰতৰ লগতে ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ১২ নৱেম্বৰ, ২০২৩ তাৰিখলৈ অসমত আৰম্ভ হৈছে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান। এই অভিযান ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্গত ৰূপায়ন কৰা হৈছে।
আজি যুটীয়া স্বাস্থ্য সেৱা সংচালক, গোলাঘাটৰ কাৰ্যালয়ৰ পৰা এখন সজাগতা সমদল মুকলি কৰি এই অভিযানৰ শুভাৰম্ভণি কৰা হয়। সজাগতা সমদল খন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: অনুৰাধা বৰুৱায়ে।
আশা কৰ্মী আৰু স্বাস্থ্য বিষয়ায়ে যোগদান কৰা এই সজাগতা সমদলৰ দ্বাৰা ৰাইজক কুষ্ঠৰোগৰ বিষয়ে অৱগত কৰি চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে ওলাই আহিবৰ বাবে অনুপ্ৰেৰণা যগোৱা হয়।
কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা গোলাঘাট জিলাৰ ২ বছৰ বয়সৰ ওপৰৰ সমূহ জনসংখ্যক অন্তৰ্ভুক্ত কৰা হব। গোলাঘাট জিলাত মুঠ ২২৮৪০৫ টা ঘৰ নিৰীক্ষণৰ লক্ষ্যৰে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা বিশেষ ভাৱে চাহ বাগান অঞ্চলৰ ওপৰত ঘৰ পৰিদৰ্শনৰ কাৰ্যসূচী তৈয়াৰ কৰা হৈছে। ইয়াৰ বাবে প্ৰত্যেক দিনা এগৰাকী আশাকৰ্মী আৰু এজন পৰীক্ষণ প্ৰাপ্ত পুৰুষ সহায়কে ২৫ তা কৈ ঘৰ নিৰীক্ষণ কৰি সন্দেহজনক কুষ্ঠ ৰোগত ভুগি থকা লোকক চিনাক্ত কৰি নিকটতম স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত পৰবৰ্তী ৰোগ নিশ্চিতকৰনৰ বাবে দৰকাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যবস্থা কৰা হব।
কুষ্ঠৰোগৰ ওপৰত ইতিমধ্যে
সজাগতা বৃদ্ধিৰ হেতু গ্ৰাম সভা,স্বাস্থ্য বিভাগৰ বিভিন্ন সভা, মেলা ইত্যাদিত
জনসাধাৰণৰ মাজত সজাগতা কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে মাইকৰ দ্বাৰা প্ৰচাৰ কৰা হৈছে।
আজিৰ শুভাৰম্ভণি অনুষ্ঠানত
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট, ডা: অনুৰাধা বৰুৱা, কুষ্ঠৰোগ বিভাগৰ জিলা ন'ডেল বিষয়া ডা: ভাৰত ফুকন, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰঞ্জিত ভূঞা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ বিষয়া সকল,
জিলা কুষ্ঠ বিভাগৰ কৰ্মচাৰী, গোলাঘাট নগৰৰ আশা কৰ্মী আদি উপস্থিত থাকে।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India