Sunday, 29 October 2023

*৩০ অক্টোবৰ তাৰিখেদুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধি আৰু নাগৰিকসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম সম্পন্ন কৰা হব৷*

২৯/১০/২০২৩

 *৩০ অক্টোবৰ তাৰিখে
দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধি আৰু নাগৰিকসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম সম্পন্ন কৰা হব৷* 


           দূৰসংযোগ বিভাগে, ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত, দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধি আৰু নাগৰিকসকলৰ সুৰক্ষা আৰু সুবিধা সুনিশ্চিত কৰিবলৈ অহা ৩০ অক্টোবৰ, ২০২৩ তাৰিখে "চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম” নামৰ এক পৰীক্ষণ অনুষ্ঠিত কৰিব। এই পৰীক্ষণৰ জৰিয়তে, জটিল আৰু সময়-সংবেদনশীল বাৰ্তা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ ভিতৰত থকা সকলো মোবাইল গ্ৰাহকলৈ প্ৰেৰণ কৰা হ’ব,  গ্ৰাহকসকল সেই অঞ্চলৰ বাসিন্দায়ে  হওক বা পৰ্য্যটকেই হওক। ইয়াৰ দ্বাৰা জৰুৰীকালীন গুৰুত্বপূৰ্ণ তথ্য সময়মতে যিমান পাৰি সিমান লোকৰ ওচৰলৈ পোৱাটো নিশ্চিত হব৷ এয়া যিহেতু এটা পৰীক্ষামূলক পৰীক্ষণহে সেয়েহে ইয়াৰ দ্বাৰা ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই ।  গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলোৰে সহায়ক হোৱাকৈ এই পৰীক্ষণ ব্যৱস্থাৰ বিষয়ে তলত সৱিশেষ জনোৱা হ’ল৷ 


১/  দূৰসংযোগ বিভাগে, ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত, দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধি আৰু নাগৰিকসকলৰ সুৰক্ষা আৰু সুবিধা সুনিশ্চিত কৰিবলৈ চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম পৰীক্ষণ অনুষ্ঠিত কৰিব।

২/ ভাৰতৰ নাগৰিক আৰু জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰতি আমাৰ নিৰন্তৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন টেলিকম সেৱা প্ৰদানকাৰীৰ ওপৰত চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেমৰ পৰীক্ষা সম্পন্ন কৰা হৈছ। এই পৰীক্ষাসমূহ সময়ে সময়ে দেশৰ বিভিন্ন অঞ্চলত সম্পন্ন কৰা হ’ব যাতে ঠাইতে থকা ব্যৱস্থাসমূহৰ, বিভিন্ন মোবাইল অপাৰেটৰ আৰু চেল সম্প্ৰচাৰ ব্যৱস্থাৰ জৰুৰীকালীন সতৰ্কবাণী সম্প্ৰচাৰ ক্ষমতাৰ কাৰ্যক্ষমতা আৰু ফলপ্ৰসূতাৰ বিষয়ে জানিব পাৰি।

৩/চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম হৈছে এনে এক প্ৰযুক্তি যিয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জটিল আৰু সময়-সংবেদনশীল বাৰ্তা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ ভিতৰত থকা সকলো মোবাইল ডিভাইচলৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিয়ে, য’ত গ্ৰাহকসকল বাসিন্দায়ে  হওক বা দৰ্শনাৰ্থীয়ে হওক। ইয়াৰ দ্বাৰা জৰুৰীকালীন গুৰুত্বপূৰ্ণ তথ্য সময়মতে যিমান পাৰি সিমান লোকৰ ওচৰলৈ পোৱাটো নিশ্চিত হয়। ইয়াক চৰকাৰী সংস্থা আৰু জৰুৰীকালীন সেৱাই জনসাধাৰণক সম্ভাৱ্য ভাবুকিৰ বিষয়ে অৱগত কৰিবলৈ আৰু জটিল পৰিস্থিতিৰ সময়ত যোগাযোগ অক্ষুণ্ণ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। চেল সম্প্ৰচাৰ সাধাৰণতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে গুৰুতৰ বতৰৰ সতৰ্কবাণী (যেনে, ছুনামী, ভূমিকম্প আদি, জনসাধাৰণৰ সুৰক্ষাৰ বাৰ্তা, দুৰ্যোগৰ সদয়ত স্থান খালী কৰাৰ জাননী আৰু অন্যান্য গুৰুত্তপূৰ্ণ তথ্য।

৪/পৰীক্ষাৰ সময়ছোৱাত জনসাধাৰণে নিজৰ মোবাইল ডিভাইচত  চিমুলেটেড জৰুৰীকালীন সতৰ্কবাণী লাভ কৰিব পাৰে । আমি নিশ্চিত কৰোঁ যে এই সতৰ্কবাণীসমূহ পৰিকল্পিত পৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ আৰু প্ৰকৃত জৰুৰীকালীন অৱস্থাৰ ইংগিত নিদিয়ে। প্ৰতিটো পৰীক্ষাৰ সতৰ্কবাণীয়ে স্পষ্টভাৱে ইংগিত দিব যে সেয়া হৈছে বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ এটা পৰীক্ষা বাৰ্তাহে।

৩০ অক্টোবৰ, ২০২৩ তাৰিখে অসমত এই পৰীক্ষা সম্পন্ন কৰা হ’ব। সমগ্ৰ ব্যৱস্থাটোৰ প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰ কৰি, শেষ মুহূৰ্তত পৰীক্ষাৰ সময়সূচীত পৰিবৰ্তনো হব পাৰে।

টোকা: গ্ৰাহকে সতৰ্কবাণী লাভ কৰিব পাৰে কিন্তু গ্ৰাহকৰ পৰা এই সংক্ৰান্তত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। সকলোকে আতংকিত নহ’বলৈ আৰু বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ অনুৰোধ জনোৱা হৈছে কাৰণ ই এটা পৰীক্ষামূলক সতৰ্কবাণীৰ ব্যৱস্থাহে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...