Saturday, 28 October 2023

*সাংস্কৃতিক মহাসংগ্ৰাম , খেল মহাৰণ আদিক লৈ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত মন্ত্ৰী অতুল বৰাৰ বিশেষ সভা*

২৮/১০/২০২৩, গোলাঘাট

 *সাংস্কৃতিক মহাসংগ্ৰাম , খেল মহাৰণ আদিক লৈ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত মন্ত্ৰী অতুল বৰাৰ বিশেষ সভা* 

আজি গোলাঘাট জিলাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ সভাপতিত্বত সাংস্কৃতিক মহাসংগ্ৰাম, খেল মহাৰণ আদিক লৈ এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মন্ত্ৰী গৰাকীয়ে নৱেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া  সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণ সম্পৰ্কে বিমান সভা সমষ্টি আৰু গাঁও পঞ্চায়ত সমিতি পৰ্য্যায়ৰ সকলো সদস্য ৰ সৈতে পৰ্য্যলোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে সভাত কয় যে অসমৰ সকলো ঠাইতে লুকাই থকা প্ৰতিভা সমূহ উলিয়াবৰ বাবে এই দুয়োটা অনুষ্ঠান এক বিশেষ সুযোগ আৰু সকলোৱে এই সুযোগৰ সদব্যৱহাৰ কৰি নিজ নিজ ক্ষেত্ৰত আগুৱাই যাব পাৰিব৷ তেখেতে সংশ্লিষ্ট সকলোকে দুয়োটা অনুষ্ঠানৰ বাবে সহযোগিতা কামনা কৰি সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণত বোকাখাতবাসীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰে ৷


 আজিৰ সভাৰ শেষত মন্ত্ৰী অতুল বৰাই যক্ষ্মা ৰোগ সম্পৰ্কে হোৱা এক সজাগতাৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷ আজিৰ সভাতে যোৱা ৭ আগষ্ট তাৰিখে নদীত পৰি প্ৰাণ হেৰুওৱা বোকাখাত অঞ্চলৰ পৰিস্মিতা বৰা ছেত্ৰীৰ পৰিয়াললৈ মন্ত্ৰী অতুল বৰাই ৪ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়ায়৷ 


আজিৰ সভাত বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰা, বোকাখাতৰ নিৰ্বাচন বিষয়া পৰিস্মিতা দিহিঙীয়া, জিলা যক্ষ্মাৰোগ বিষয়া ডা° সুনীতা এক্কা , জিলা ক্ৰীড়া বিষয়া বিমল গগৈ,গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ , খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি আৰু পঞ্চায়ত পৰ্য্যায়ৰ সমিতি সদূহৰ সদস্য সকলৰ লগতে কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত আছিল । 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...