Saturday, 28 October 2023

*সাংস্কৃতিক মহাসংগ্ৰাম , খেল মহাৰণ আদিক লৈ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত মন্ত্ৰী অতুল বৰাৰ বিশেষ সভা*

২৮/১০/২০২৩, গোলাঘাট

 *সাংস্কৃতিক মহাসংগ্ৰাম , খেল মহাৰণ আদিক লৈ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত মন্ত্ৰী অতুল বৰাৰ বিশেষ সভা* 

আজি গোলাঘাট জিলাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ সভাগৃহত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ সভাপতিত্বত সাংস্কৃতিক মহাসংগ্ৰাম, খেল মহাৰণ আদিক লৈ এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মন্ত্ৰী গৰাকীয়ে নৱেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া  সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণ সম্পৰ্কে বিমান সভা সমষ্টি আৰু গাঁও পঞ্চায়ত সমিতি পৰ্য্যায়ৰ সকলো সদস্য ৰ সৈতে পৰ্য্যলোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে সভাত কয় যে অসমৰ সকলো ঠাইতে লুকাই থকা প্ৰতিভা সমূহ উলিয়াবৰ বাবে এই দুয়োটা অনুষ্ঠান এক বিশেষ সুযোগ আৰু সকলোৱে এই সুযোগৰ সদব্যৱহাৰ কৰি নিজ নিজ ক্ষেত্ৰত আগুৱাই যাব পাৰিব৷ তেখেতে সংশ্লিষ্ট সকলোকে দুয়োটা অনুষ্ঠানৰ বাবে সহযোগিতা কামনা কৰি সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণত বোকাখাতবাসীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰে ৷


 আজিৰ সভাৰ শেষত মন্ত্ৰী অতুল বৰাই যক্ষ্মা ৰোগ সম্পৰ্কে হোৱা এক সজাগতাৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷ আজিৰ সভাতে যোৱা ৭ আগষ্ট তাৰিখে নদীত পৰি প্ৰাণ হেৰুওৱা বোকাখাত অঞ্চলৰ পৰিস্মিতা বৰা ছেত্ৰীৰ পৰিয়াললৈ মন্ত্ৰী অতুল বৰাই ৪ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়ায়৷ 


আজিৰ সভাত বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰা, বোকাখাতৰ নিৰ্বাচন বিষয়া পৰিস্মিতা দিহিঙীয়া, জিলা যক্ষ্মাৰোগ বিষয়া ডা° সুনীতা এক্কা , জিলা ক্ৰীড়া বিষয়া বিমল গগৈ,গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ , খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি আৰু পঞ্চায়ত পৰ্য্যায়ৰ সমিতি সদূহৰ সদস্য সকলৰ লগতে কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত আছিল । 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাট

NORTHEAST NEWS INDIA

২৫ অক্টোবৰ তাৰিখৰ পৰা পালিত ৰাষ্ট্ৰীয় একতা সপ্তাহ উপলক্ষ্যে গোলাঘাট কাৰাগাৰত আজি কাৰাগাৰ আৱাসীসকলৰ মাজত ক্ৰিকেট , ফুটবল আদি ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

গোলাঘাট
২৮/১০/২০২৩

আগন্তুক ৰাষ্ট্ৰীয় একতা দিৱস ৰ লগত সংগতি ৰাখি যোৱা ২৫ অক্টোবৰ তাৰিখৰ পৰা  পালিত ৰাষ্ট্ৰীয় একতা সপ্তাহ উপলক্ষ্যে গোলাঘাট কাৰাগাৰত আজি কাৰাগাৰ আৱাসীসকলৰ মাজত ক্ৰিকেট , ফুটবল আদি  ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ গোলাঘাট কাৰাগাৰ কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত এই ক্ৰীড়া প্ৰতিযোগিতাত কাৰাগাৰত জীৱন কটোৱা কয়দী সকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷  এনেধৰণৰ আয়োজনে কয়দীসকলৰ লগতে সৰ্বসাধাৰণ জনতাৰ মাজত ৰাষ্টীয় একতা, দেশাত্মিকতাবোধ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Friday, 27 October 2023

*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ বিষয়ে সংবাদমেল অনুষ্ঠিত**৩০ অক্টোবৰ, ২০২৩ ৰ পৰা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান*

২৭ অক্টোবৰ, ২০২৩, গোলাঘাট  


*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ বিষয়ে সংবাদমেল অনুষ্ঠিত*

*৩০ অক্টোবৰ, ২০২৩ ৰ পৰা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান*

সমগ্ৰ ভাৰতৰ লগতে ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ১২ নৱেম্বৰ, ২০২৩ তাৰিখলৈ অসমত আৰম্ভ হব  কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান। এই অভিযান ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্গত ৰূপায়ন কৰা হৈছে। 

এই বিষয়ে আজি যুটীয়া স্বাস্থ্য সেৱা সংচালক, গোলাঘাটৰ কাৰ্যালয়ত ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা আৰম্ভ হব লগীয়া কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত হয়।

এই সংবাদমেল খনত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযানৰ অন্তৰ্গত চিকিৎসা বিভাগ দ্বাৰা লব লগা পদক্ষেপ সমূহ উপস্থাপন কৰা হয়। 

কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা গোলাঘাট জিলাত ২ বছৰ বয়সৰ ওপৰৰ গোটেই মানুহক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। 

মুঠ ২২৮৪০৫ টা ঘৰ নিৰীক্ষণৰ লক্ষ্যৰে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা বিশেষ ভাৱে চাহ বাগান অঞ্চলৰ ওপৰত ঘৰ পৰিদৰ্শনৰ কাৰ্যসূচী তৈয়াৰ কৰা হৈছে। ইয়াৰ বাবে প্ৰত্যেক দিনা এগৰাকী আশাকৰ্মী আৰু এজন পুৰুষ সহায়কে ২৫ তা কৈ ঘৰ নিৰীক্ষণ কৰি সন্দেহজনক 
কুষ্ঠ ৰোগত ভুগি থকা লোকক চিনাক্ত কৰি নিকটতম স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত পৰবৰ্তী ৰোগ নিশ্চিতকৰনৰ বাবে দৰকাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যবস্থা কৰা হব।  

ইতিমধ্যে সজাগতা বৃদ্ধিৰ হেতু গ্ৰাম সভা, স্বাস্থ্য বিভাগৰ বিভিন্ন সভা, মেলা ইত্যাদিত
জনসাধাৰণ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ 

আজি অনুষ্ঠিত সংবাদমেল খনত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনুৰাধা বৰুৱা, কুষ্ঠৰোগ বিভাগৰ জিলা ন'ডেল বিষয়া ডা: ভাৰত ফুকন, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰঞ্জিত হাজৰিকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল, জিলা কুষ্ঠ বিভাগৰ কৰ্মচাৰী আদি উপস্থিত থাকে।

 NORTHEAST NEWS INDIA

বিশেষ জাননী

বিশেষ জাননী


আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভোট গ্ৰহন কেন্দ্ৰৰ খচৰা তালিকা প্ৰকাশ কৰা হয় । এইক্ষেত্ৰত যদি কিবা ওজৰ আপত্তি থাকে তেন্তে আগন্তুক সাত দিনৰ ভিতৰত গোলাঘাটৰ নিৰ্বাচনী বিষয়াৰ ওচৰত জমা দিব পাৰিব৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Thursday, 26 October 2023

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান) ৰূপায়ণৰ বাবে দ্বিতীয়খন সভা অনুষ্ঠিত*

২৬ অক্টোবৰ, গোলাঘাট:   

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান) ৰূপায়ণৰ বাবে দ্বিতীয়খন  সভা অনুষ্ঠিত*


           আজি গোলাঘাট জিলা প্ৰশাসনৰ  উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবীৰ সুভানীৰ সভাপতিত্বত কুষ্ঠ ৰোগ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত মূলত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযানৰ অন্তৰ্গত চিকিৎসা বিভাগ দ্বাৰা লোৱা পদক্ষেপ সমূহৰ খতিয়ান দাঙি ধৰা হয়। ইয়াৰ অন্তৰ্গত ৩৬ খন গ্ৰাম সভা তথা তাত সমাৱেশ হোৱা জনসাধাৰণ আৰু বিভাগে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে পৰ্য্যলোচনা কৰা হয় ৷ উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ১৫ জন ৰোগী পোৱা গৈছে। বৰ্তমান ১৯ জন কুষ্ঠ ৰোগী চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াৰ অন্তৰ্গত চাহ বাগিচাত ১১ জন ৰোগী চিনাক্ত হৈছে বুলি বিভাগীয়া প্ৰতিনিধিয়ে জানিবলৈ দিয়ে।

            আজিৰ এই সভাত গোলাঘাটৰ  চিকিৎসা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া সকলৰ লগতে অন্যান্য বিভাগৰ প্ৰতিনিধিও উপস্থিত থাকে।


*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম সন্দৰ্ভত এখন গুৰুত্তপূৰ্ণ সভা অনুষ্ঠিত

২৬/১০/২০২৩

আজি গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম সন্দৰ্ভত এখন গুৰুত্তপূৰ্ণ সভা অনুষ্ঠিত হয়৷ গোলাঘাটৰ  জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীণৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সভাখনত সাংস্কৃতিক মহাসংগ্ৰাম ৰ জিলা, বিধানসভা সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্য্যায়ত হ’বলগীয়া প্ৰতিযোগিতা সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়৷ 

আজিৰ সভাত জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে মুঠ ছটা ভাগত আৰু তিনিটা পৰ্য্যায়ত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদানৰ শেষ তাৰিখ ৫ নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আৰু ১০ নৱেম্বৰৰ পৰা প্ৰতিযোগিতা সমূহ আৰম্ভ হ’ব৷ সভাত জিলা আয়ুক্ত গৰাকীয়ে জিলা, সমষ্টি আৰু পঞ্চায়ত পৰ্য্যায়ৰ সকলো সদস্য সচিব আৰু সদস্য সকলৰ লগতে গোলাঘাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, খণ্ড উন্নয়ন বিষয়া সকলক এই অনুষ্ঠানৰ যথাযথ প্ৰচাৰৰ বাবে অনুৰোধ কৰে। তেখেতে লগতে কয় যে যিহেতু গোলাঘাটৰ চুকে কোণে সোমাই থকা সাংস্কৃতিক ক্ষেত্ৰৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে ই এটা সুৱৰ্ণ সুযোগ সেয়েহে যথেষ্ট সংখ্যক ইচ্ছুক প্ৰতিযোগীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে৷ প্ৰপত্ৰ সমূহ ডিজিটাইজেশ্বনো ৫ নৱেম্বৰৰ ভিতৰত শেষ কৰিব পৰাকৈ সংশ্লিষ্ট বিষয়া সকলে যাতে ব্যৱস্থা লয়৷ 

আজিৰ সভাত গোলাঘাট জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, গোলাঘাটৰ সদৰ মহকুমাধীপতি শ্ৰীমতী পাপৰি দাস, সহকাৰী আয়ুক্ত তথা জিলা সাংস্কৃতিক বিষয়া শ্ৰীমতী কৃষ্ণাৰ্পিতা বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰন বৰা , গোলাঘাটৰ খণ্ড উন্নয়ন বিষয়া সকল, সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্য্যায়ৰ সমিতি , সমষ্টি পৰ্য্যয়ৰ সমিতি তথা জিলা আৰু বিধান সভা সমষ্টি পৰ্য্যয়ৰ সমিতিৰ সদস্য সকল , আৰক্ষী প্ৰশাসনৰ বিষয়া সকল আদি উপস্থিত আছিল৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

ৰাষ্ট্ৰীয় আৰু ৰাজ্য পৰ্য্যায়ৰ ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধিৰ সৈতে এখন সভা অনুস্থিত

২৬/১০/২০২৩  


আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত জিলাখনৰ বিধায়ক তথা সাংসদ সকলৰ প্ৰতিনিধিসকল তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্য পৰ্য্যায়ৰ ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধিৰ  সৈতে এখন সভা অনুস্থিত হয়। সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভোট গ্ৰহন কেন্দ্ৰৰ খচৰা তালিকাৰ বিষয়ে আলোচনা কৰা হয়। এইক্ষেত্ৰত তেঁওলোকৰ যদি কিবা ওজৰ আপত্তি থাকে তেন্তে আগন্তুক সাত দিনৰ ভিতৰত গোলাঘাটৰ নিৰ্বাচনী বিষয়াৰ ওচৰত জমা দিবলৈ অনুৰোধ জনোৱা হয়। সভাত প্ৰতিনিধি সকলৰ লগতে গোলাঘাটৰ নিৰ্বাচনী বিষয়া শ্রী হৃষিকেশ বৰুৱা, গোলাঘাটৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া শ্ৰীমতী ত্ৰিবেণী গগৈ, দেৰগাঁৱৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া শ্ৰী চিৰন্জীত দাস, খুমটাইৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া তনৱীৰ য়ুচুফ আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...