Thursday, 26 October 2023

আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম সন্দৰ্ভত এখন গুৰুত্তপূৰ্ণ সভা অনুষ্ঠিত

২৬/১০/২০২৩

আজি গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম সন্দৰ্ভত এখন গুৰুত্তপূৰ্ণ সভা অনুষ্ঠিত হয়৷ গোলাঘাটৰ  জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীণৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সভাখনত সাংস্কৃতিক মহাসংগ্ৰাম ৰ জিলা, বিধানসভা সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্য্যায়ত হ’বলগীয়া প্ৰতিযোগিতা সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়৷ 

আজিৰ সভাত জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে মুঠ ছটা ভাগত আৰু তিনিটা পৰ্য্যায়ত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদানৰ শেষ তাৰিখ ৫ নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আৰু ১০ নৱেম্বৰৰ পৰা প্ৰতিযোগিতা সমূহ আৰম্ভ হ’ব৷ সভাত জিলা আয়ুক্ত গৰাকীয়ে জিলা, সমষ্টি আৰু পঞ্চায়ত পৰ্য্যায়ৰ সকলো সদস্য সচিব আৰু সদস্য সকলৰ লগতে গোলাঘাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, খণ্ড উন্নয়ন বিষয়া সকলক এই অনুষ্ঠানৰ যথাযথ প্ৰচাৰৰ বাবে অনুৰোধ কৰে। তেখেতে লগতে কয় যে যিহেতু গোলাঘাটৰ চুকে কোণে সোমাই থকা সাংস্কৃতিক ক্ষেত্ৰৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে ই এটা সুৱৰ্ণ সুযোগ সেয়েহে যথেষ্ট সংখ্যক ইচ্ছুক প্ৰতিযোগীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে৷ প্ৰপত্ৰ সমূহ ডিজিটাইজেশ্বনো ৫ নৱেম্বৰৰ ভিতৰত শেষ কৰিব পৰাকৈ সংশ্লিষ্ট বিষয়া সকলে যাতে ব্যৱস্থা লয়৷ 

আজিৰ সভাত গোলাঘাট জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, গোলাঘাটৰ সদৰ মহকুমাধীপতি শ্ৰীমতী পাপৰি দাস, সহকাৰী আয়ুক্ত তথা জিলা সাংস্কৃতিক বিষয়া শ্ৰীমতী কৃষ্ণাৰ্পিতা বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰন বৰা , গোলাঘাটৰ খণ্ড উন্নয়ন বিষয়া সকল, সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্য্যায়ৰ সমিতি , সমষ্টি পৰ্য্যয়ৰ সমিতি তথা জিলা আৰু বিধান সভা সমষ্টি পৰ্য্যয়ৰ সমিতিৰ সদস্য সকল , আৰক্ষী প্ৰশাসনৰ বিষয়া সকল আদি উপস্থিত আছিল৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...