২৬/১০/২০২৩
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত জিলাখনৰ বিধায়ক তথা সাংসদ সকলৰ প্ৰতিনিধিসকল তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্য পৰ্য্যায়ৰ ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধিৰ সৈতে এখন সভা অনুস্থিত হয়। সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভোট গ্ৰহন কেন্দ্ৰৰ খচৰা তালিকাৰ বিষয়ে আলোচনা কৰা হয়। এইক্ষেত্ৰত তেঁওলোকৰ যদি কিবা ওজৰ আপত্তি থাকে তেন্তে আগন্তুক সাত দিনৰ ভিতৰত গোলাঘাটৰ নিৰ্বাচনী বিষয়াৰ ওচৰত জমা দিবলৈ অনুৰোধ জনোৱা হয়। সভাত প্ৰতিনিধি সকলৰ লগতে গোলাঘাটৰ নিৰ্বাচনী বিষয়া শ্রী হৃষিকেশ বৰুৱা, গোলাঘাটৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া শ্ৰীমতী ত্ৰিবেণী গগৈ, দেৰগাঁৱৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া শ্ৰী চিৰন্জীত দাস, খুমটাইৰ চক্ৰবিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়া তনৱীৰ য়ুচুফ আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India