২৫/১০/২০২৩
গোলাঘাট
“ মোৰ দেশ মোৰ মাটি” অনুষ্ঠানৰ অন্তৰ্গত আজি ২৫/১০/২০২৩ তাৰিখে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ গোলাঘাট জিলাৰ আঠোঁটা উন্নয়ন খণ্ড আৰু গোলাঘাট পৌৰসভাক প্ৰতিনিধিত্ব কৰি যুৱ প্ৰতিনিধিৰ দলটো আজি মাটি ভৰ্তি কলহেৰে প্ৰথমে গুৱাহাটী আৰু পিছত দিল্লী যোৱা যাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয় ।
আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই অমৃত কলহ যাত্ৰাৰ গাঁও, পঞ্চায়ত তথা উন্নয়ন খণ্ড গোটেইকিটা পৰ্য্যায়ৰ কাৰ্যসূচীৰ বিৱৰণ ডাঙি ধৰাৰ লগতে অমৃত কলহ যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অমৃত কলহ যাত্ৰাৰ মহান উদেশ্য তথা দেশৰ ৰাজধানীত নিৰ্মাণ হ’বলগীয়া অমৃত ভাটিকাৰ বিষয়ে ব্যক্ত কৰে৷ জিলা আয়ুক্ত ডা° পি উদয় প্ৰবীনে গোলাঘাট জিলাৰ আঁঠোটা উন্নয়ন খণ্ড আৰু পৌৰসভাক প্ৰতিনিধিত্ব কৰা ৯ গৰাকী যুৱ প্ৰতিনিধিক উদ্দেশ্যি ২৬ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া তথা তাৰ পিছত দিল্লীত হ’বলগীয়া কাৰ্যসূচীৰ বিষয়ে ব্যাখা কৰে৷ ইয়াৰ পিছতে সকলো প্ৰতিনিধিক শুভেচ্ছা জনাই বিশিষ্ট অতিথি তথা জিলা আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে ১৮টা পিতলৰ কলহ প্ৰদান কৰে৷ সকলোৰে উপস্থিতিত বিধায়ক দুগৰাকীয়ে আনুষ্ঠানিক ভাৱে গোলাঘাটৰ পৰা অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ্ কৰা হয় ।
খণ্ড উন্নয়ন বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৌৰৱ বৰঠাকুৰে আঁত ধৰা আজিৰ অনুষ্ঠানত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমনি বৰবৰা, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবীৰ সুভানী, নিৰ্বাচন বিষয়া ঋষিকেশ বৰুৱা, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, দ্বীপ্তি মনি টায়ে, খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰি, পাৰ্থজিৎ গগৈ, ময়ুৰিমা মোহন, গীতাৰ্থ নাথ, গৌৰৱ বৰঠাকুৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল, দল সংগঠনৰ সদস্য আৰু ৰাইজ উপস্থিত আছিল৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India