২৭ অক্টোবৰ, ২০২৩, গোলাঘাট
*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ বিষয়ে সংবাদমেল অনুষ্ঠিত*
*৩০ অক্টোবৰ, ২০২৩ ৰ পৰা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান*
সমগ্ৰ ভাৰতৰ লগতে ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ১২ নৱেম্বৰ, ২০২৩ তাৰিখলৈ অসমত আৰম্ভ হব কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান। এই অভিযান ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্গত ৰূপায়ন কৰা হৈছে।
এই বিষয়ে আজি যুটীয়া স্বাস্থ্য সেৱা সংচালক, গোলাঘাটৰ কাৰ্যালয়ত ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা আৰম্ভ হব লগীয়া কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত হয়।
এই সংবাদমেল খনত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযানৰ অন্তৰ্গত চিকিৎসা বিভাগ দ্বাৰা লব লগা পদক্ষেপ সমূহ উপস্থাপন কৰা হয়।
কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা গোলাঘাট জিলাত ২ বছৰ বয়সৰ ওপৰৰ গোটেই মানুহক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।
মুঠ ২২৮৪০৫ টা ঘৰ নিৰীক্ষণৰ লক্ষ্যৰে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা বিশেষ ভাৱে চাহ বাগান অঞ্চলৰ ওপৰত ঘৰ পৰিদৰ্শনৰ কাৰ্যসূচী তৈয়াৰ কৰা হৈছে। ইয়াৰ বাবে প্ৰত্যেক দিনা এগৰাকী আশাকৰ্মী আৰু এজন পুৰুষ সহায়কে ২৫ তা কৈ ঘৰ নিৰীক্ষণ কৰি সন্দেহজনক
কুষ্ঠ ৰোগত ভুগি থকা লোকক চিনাক্ত কৰি নিকটতম স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত পৰবৰ্তী ৰোগ নিশ্চিতকৰনৰ বাবে দৰকাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যবস্থা কৰা হব।
ইতিমধ্যে সজাগতা বৃদ্ধিৰ হেতু গ্ৰাম সভা, স্বাস্থ্য বিভাগৰ বিভিন্ন সভা, মেলা ইত্যাদিত
জনসাধাৰণ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে৷
আজি অনুষ্ঠিত সংবাদমেল খনত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনুৰাধা বৰুৱা, কুষ্ঠৰোগ বিভাগৰ জিলা ন'ডেল বিষয়া ডা: ভাৰত ফুকন, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰঞ্জিত হাজৰিকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল, জিলা কুষ্ঠ বিভাগৰ কৰ্মচাৰী আদি উপস্থিত থাকে।
NORTHEAST NEWS INDIA