১৬ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১"ৰ অধীনত বিভিন্ন সংস্থাৰ পৰা ঋণ লোৱা জিলাখনৰ ঋণী মহিলাসকলক 'বকেয়া নথকা প্ৰমাণ-পত্ৰ' প্ৰদান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
অনুস্থানটোৰ মূখ্য অতিথি মাননীয় মন্ত্ৰী অতুল বৰাই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ গ্ৰহণ কৰি অসুবিধাৰ সন্মুখীন হৈ থকা ঋণগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে ২০২১ চনত গ্ৰহন কৰা এই বৃহৎ আঁচনিখনৰ বাবেই আজি অসমৰ মহিলাসকলে মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে মহিলা সবলীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। চৰকাৰে গ্ৰহণ কৰা এনে ধৰনৰ পদক্ষেপে মহিলা সকলক আৰ্থিকভাৱে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে বুলি তেখেতে জনায়।
উল্লেখযোগ্য যে,এই আচঁনিত ৩টা পৰ্য্যন্ত ল’ন দিয়া হৈছে আৰু ১.২৫ লাখ টকালৈকে ঋন লোৱা সকলক সামৰি লোৱা হৈছে৷ অনুস্থানটিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও এই আচনিখনৰ সবল দিশ সমূহৰ ওপৰত বক্তব্য আগবঢায়।গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে আদৰণি ভাষনত এই আঁচনিখনৰ তৃতীয় পৰ্যায়ত গোলাঘাট জিলাৰ ১৯,৩৫২ গৰাকী মহিলা উপকৃত হ'ব বুলি জনায়।
আজিৰ অনুষ্ঠানত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষা হেলিনা দলে পেগু, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট জিলা বিজেপি আৰু অগপৰ সভাপতিদ্বয় দেৱপ্ৰদীপ বৰা আৰু ড° নৃপেন বৰুৱা, গোলঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমণি বৰবৰা, অতিৰিক্ত আয়ুক্ত ৱাছবীৰ ছুভানী, গোলাঘাট সদৰৰ মহকুমাধিপতি পাপৰি দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল, অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখনৰ হিতাধিকাৰীসকলৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA