Tuesday, 3 October 2023

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

৩ অক্টোবৰ, ২০২৩

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

সমগ্ৰ দেশজুৰি চলি থকা আয়ুস্মান ভৱ অভিযানৰ অন্তৰ্গত আজি ইংৰাজী ৩ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। আজিৰ স্বাস্থ্য মেলা খন আনুষ্ঠানিক ভাৱে মুকলি কৰে দেৰগাঁও বিধানসভা সমষ্টিৰ মাননিয় বিধায়ক শ্ৰীযুত ভবেন্দ্ৰনাথ ভৰালী দেৱে। 

তিনি শতাধিক লোকে চিকিৎসা সেৱা লাভ কৰা এই স্বাস্থ্য মেলা খনত প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, ই এন টি, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱা হয়। স্বাস্থ্য মেলাত চিকিৎসা প্ৰদান কৰাৰ হেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিশেষজ্ঞ সকল উপস্থিত থাকে যেনে ঔষধ বিভাগৰ ডা: শুভম কাশ্যপ, প্ৰসূতি বিভাগৰ ডা: সমৰ্পিতা সিনহা, ই এন টিৰ ডা: অস্মিতা শৰ্মা। 

চিকিৎসা প্ৰদান কৰাৰ উপৰিও উপস্থিত ৰাইজক অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন, পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আয়ুষ্মান কাৰ্ডকে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত সজাগতা আগবঢ়োৱা  হয়।

দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Monday, 2 October 2023

*২ অক্টোবৰ, ২০২৩: গোলাঘাট*

*২ অক্টোবৰ, ২০২৩: গোলাঘাট* 

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত মিচন বসুন্ধৰাৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বসুন্ধৰাৰ ২.০ অধীনৰ বিভিন্ন কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। সভাত বোকাখাট মহকুমাধিপতি শ্রীমতী চিমি কৰন, বোকাখাটৰ চক্ৰবিষয়া চম্পক ডেকা, চক্ৰবিষয়া কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*কঁহৰাত স্বচ্ছতাৰ ওপৰত জিলা আয়ুক্তৰ বিশেষ সভা*

২ অক্টোবৰ, ২০২৩: গোলাঘাট

 *কঁহৰাত স্বচ্ছতাৰ ওপৰত জিলা আয়ুক্তৰ বিশেষ সভা* 


আজি গোলাঘাট জিলাৰ কঁহৰা অঞ্চলৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত অনাগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনৰ দিশটোলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৎপৰতাত স্বচ্ছতা সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত হয় । গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত জিলা আয়ুক্ত গৰাকীয়ে সভাত উপস্থিত হোৱা কঁহৰা অঞ্চলৰ ব্যৱসায় সংস্থাৰ প্ৰতিনিধি আৰু পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কঁহৰাৰ ওচৰৰ পাজৰৰ অঞ্চলবোৰত জাবৰ নিস্কাশনৰ বাবে বিহীত ব্যৱস্থা লোৱাৰ ওপৰত বক্তব্য ৰাখে৷ আলোচনা সভাত বোকাখাটৰ মহকুমাধিপতী শ্ৰীমতী চিমি কৰন, বোকাখাটৰ সহকাৰী আয়ুক্ত ঋষিবন্দনা গগৈ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী পাৰ্থজিৎ গগৈ উপস্থিত থাকে৷


*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*আজিৰে পৰা গোলাঘাট জিলাৰ গাঁও সমূহৰ পৰা পঞ্চায়ত কাৰ্য্যলয়লৈ অমৃত কলহ যাত্ৰা*

২ অক্টোবৰ, ২০২৩: গোলাঘাট

  *আজিৰে পৰা গোলাঘাট জিলাৰ গাঁও সমূহৰ পৰা পঞ্চায়ত কাৰ্য্যলয়লৈ অমৃত কলহ যাত্ৰা* 


 অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্রীযুত অতুল বৰা মহোদয়ে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত আজি গান্ধী জয়ন্তীৰ পৱিত্ৰ দিনত গোলাঘাট জিলাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত নুমলীগড় গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত অমৃত কলহ যাত্ৰাত ভাগ লয় ৷ মোৰ দেশ মোৰ মাটি অনুষ্ঠানৰ অন্তৰ্গত আয়োজিত এই পৱিত্ৰ অমৃত কলহ যাত্ৰাত যোগ দিয়া  সকলোকে মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে ধন্যবাদ জনায় আৰু সকলোৰে প্ৰচেষ্টাৰ শলাগ লয় ৷ সমবেত ৰাইজক সম্বোধি জিলা আয়ুক্ত গৰাকীয়েও এই পৱিত্ৰ কামৰ জৰিয়তে দেশৰ একতা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মাননীয় কৃষি মন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে ৷ ৭০০ ৰো অধিক ৰাইজে অংশগ্ৰহণ কৰা এই অমৃত কলহ যাত্ৰাত গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্নী কাকতি, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাট মহকুমাৰ মহকুমাধিপতি শ্ৰীযুতা চিমি কৰন, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কমাণ্ডেন্ট সুৰজ কুমাৰ চাহু, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে৷  নুমলীগড় গাঁও পঞ্চায়তৰ অধীনৰ সকলো গাঁৱৰ পৰা সংগৃহিত মাটিৰ কলহেৰে এই অমৃত কলহ যাত্ৰা সম্পন্ন কৰা হয়৷ এই যাত্ৰাৰ পিছতে নুমলীগড় গাঁও পঞ্চায়তত বিশেষ গাঁও সভা অনুষ্ঠিত হয়৷

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Sunday, 1 October 2023

*বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট জিলাত “এক তাৰিখ এক ঘন্টা” অভিযান*

১ অক্টোবৰ, ২০২৩: গোলাঘাট

 *বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট জিলাত “এক তাৰিখ এক ঘন্টা” অভিযান* 

           আজি “এক তাৰিখ এক ঘন্টা” অভিযানৰ অন্তৰ্গত সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস তথা জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাৰ সদস্য আৰু অনান্য  বিষয়ববীয়াৰ উপস্থিতিত গোলাঘাট চহৰৰ মাজমজিয়াৰ চকবজাৰ এলেকা পৰিষ্কাৰ কৰে। উক্ত কাৰ্য্যত জিলাখনৰ আৰক্ষী বাহিনী  বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য জনসাধাৰনে সহযোগিতা আগবঢায়। আজিৰ এই  স্বচ্ছতাৰ কাৰ্যসূচীত জিলা আয়ুক্ত গৰাকীয়ে  আজিৰ কাৰ্যসূচী জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি  দেশবাসীৰ এক শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে৷ তেখেতে লগতে সমূহ গোলাঘাট বাসীক নিজৰ জিলাখন পৰিস্কাৰ কৰি ৰখাৰ সংকল্প লবলৈ আহ্বান জনায়৷ এই কাৰ্যসূচী গোলাঘাট জিলাৰ সকলো পঞ্চায়তৰ সকলো ৱাৰ্ডতে আজি অনুষ্ঠিত হয় । গোলাঘাট পূৱ উন্নয়ন খণ্ডৰ  পুলিবৰ গাঁও পঞ্চায়তৰ  অন্তৰ্গত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যজিৎ পাল, জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া জয়ন্ত মাধৱ শৰ্মা, খণ্ড উন্নয়ন বিষয়া ময়ুৰিমা মোহন ৰ উপস্থিতিত এক বিস্তৃত স্বচ্ছতা কাৰযসূচীতো অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয় চৌহদৰ লগতে ছাত্ৰাৱাস আদিও জিলা আয়ুক্ত গৰাকীয়ে পৰিস্কাৰ কৰে৷ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও এই অভিযানত ভাগ লয় । অনুষ্ঠানতে জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অন্তৰংগ আলাপ কৰে আৰু গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক আগন্তুক খেল মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি  জৰিয়তে মহাবিদ্যালয় চৌহদ তথা খেলপথাৰ উন্নয়ন আৰু গছপুলি ৰোপনৰ প্ৰকল্প লোৱাৰ বাবে নিৰ্দেশ দিয়ে৷


   *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট* 
NORTHEAST NEWS INDIA

*প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত স্বচ্ছতা হি সেৱা কাৰ্যসূচী অনুষ্ঠিত**১ অক্টোবৰ, ২০২৩ তাৰিখে স্বচ্ছতাৰ বাবে ১ ঘণ্টা শ্ৰমদাম*

*প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত স্বচ্ছতা হি সেৱা কাৰ্যসূচী অনুষ্ঠিত*

*১ অক্টোবৰ, ২০২৩ তাৰিখে স্বচ্ছতাৰ বাবে ১ ঘণ্টা শ্ৰমদাম* 

সমগ্ৰ দেশজুৰি ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ পৰা চলি থকা আয়ুস্মান ভৱ অভিযানৰ লগত সংগতি ৰাখি আজি ইংৰাজী ১ অক্টোবৰ, ২০২৩ তাৰিখে ভাৰতৰ প্ৰত্যেক ৰাজ্যতে 'স্বচ্ছতা হি সেৱা' কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ অন্তৰ্গত গোলাঘাট জিলাতো প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰতে স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।  জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন হেতু এই স্বচ্ছতা অভিয়ানৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

আজি অনুষ্ঠিত স্বচ্ছতা অভিয়ানৰ কাৰ্যসূচীত প্ৰত্যেক চিকিৎসা কেন্দ্ৰত কাৰ্যৰত চিকিৎসা কৰ্মী যেনে চিকিৎসক, সামূহিক চিকিৎসা বিষয়া, ষ্টাফ নাৰ্চ, এ এন এম কে আদি কৰি স্বাস্থ্য কৰ্মী যেনে MPW, SW, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া - কৰ্মচাৰী আদিয়ে নিজৰ স্বাস্থ্য কেন্দ্ৰৰ ৱাৰ্ড সমূহ, OPD এলেকাকে ধৰি বাহিৰ - ভিতৰ সকলোতে স্থানীয় ৰাইজক জঢ়িত কৰি এই কাৰ্যসূচী সম্পূৰ্ণ কৰে।

NORTHEAST NEWS INDIA

Thursday, 28 September 2023

*আজি লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ কনিষ্টবল জোৱানৰ দীক্ষান্ত সমাৰোহ*

*আজি লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ কনিষ্টবল জোৱানৰ  দীক্ষান্ত সমাৰোহ*

গোলাঘাট, ২৮ চেপ্তেম্বৰ,২০২৩ঃ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ কনিষ্টবল জোৱানৰ  দীক্ষান্ত সমাৰোহত ভাগ লয়। পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰে। সমাৰোহত অসম আৰক্ষীৰ নবনিযুক্ত ১১৮সংখ্যক বেট্চৰ ১১৮৫ গৰাকী সশস্ত্ৰ বাহিনী আৰু ১৭৯সংখ্যক  বেট্চৰ ৬৩২ গৰাকী অশস্ত্ৰ বাহিনীৰ সৰ্বমুঠ ১৮১৭ প্ৰশিক্ষাত্ৰীয়ে প্ৰশিক্ষণৰ অন্তত আৰক্ষীৰ স্বীকৃতি লাভ কৰে। পুৱা ভাগৰ পৰা আৰম্ভ হোৱা  অনুষ্ঠানটোত আৰক্ষী বিভাগৰ কেতবোৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত  সশস্ত্ৰ আৰু অশস্ত্ৰ শাখাৰ বিভিন্ন বিভাগৰ সৰ্বশ্রেষ্ঠ নৱনিযুক্ত আৰক্ষী জোৱান সকলক বটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী জোৱান সকলক নিজ কৰ্মস্থলীলৈ যোৱাৰ প্ৰাকক্ষণত বহু গঠণমূলক পৰামৰ্শ আগবঢ়ায়। তেখেতে নিযুক্তি পোৱা সকলো জোৱানকে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি সহানুভূতিশীল হ’ৱলৈ আহ্বান জনায়। আজিৰ এই অনুস্থানত অসমৰ কৃষি আৰু পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা, ৰাজ্য সভাৰ সাংসদ মাননীয় শ্ৰীযুত কামাখ্যা প্ৰসাদ তাচা, দেৰগাওঁ সমষ্টিৰ বিধায়ক শ্ৰীযুত ভবেন ভৰালী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰীযুত জি পি সিং, অসম চৰকাৰৰ অতিৰিক্ত মূখ্যসচিব শ্রীযুত ৰবি কোটা, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, যোৰহাটৰ জিলা আয়ুক্ত শ্রীযুত পুলক মহন্তৰ লগতে আৰক্ষী বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...