Saturday, 23 September 2023

*গোলাঘাটত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

*গোলাঘাটত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

গোলাঘাট ২৩ ছেপ্টেম্বৰ, ২০২৩ঃ স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে সমগ্ৰ দেশজুৰি আয়ুস্মান ভৱ অভিযানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰে অংশ হিচাপে স্বাস্থ্য মেলা সমূহৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত প্ৰথম সপ্তাহত ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৫৬ খন মেলা আৰু দ্বিতীয় সপ্তাহত ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৪৬ খন মেলা ইতিমধ্যে আয়োজিত হৈছে। প্ৰথম সপ্তাহত ১০,৯৩৮ লোকে এই স্বাস্থ্য মেলাৰ যোগেদি স্বাস্থ্য পৰীক্ষাৰ সুযোগ লাভ কৰিছে, ২৩০৩ আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা হৈছে, ১৪৬১ খন আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰা হৈছে, ১৩৩ তা যোগ শিবিৰ অনুষ্ঠিত হৈছে আৰু ৭৯৮ জন লোকক আয়ুস চিকিৎসা পদ্ধতিৰ অন্তৰ্গত পৰামৰ্শ প্ৰদান কৰা হৈছে। স্বাস্থ্য মেলাৰ যোগেদি ৭৩৫৮ জন লোকে বিনামূলীয়া ঔষধৰ সুবিধা লাভ কৰিছে। 

এই মেলা সমূহ প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) সমূহত আয়োজিত হৈছে। এই স্বাস্থ্য মেলা সমূহত প্ৰথম সপ্তাহত অসংক্রমিত ৰোগ আৰু দ্বিতীয় সপ্তাহত যক্ষ্মা ৰোগৰ ওপৰত বিশেষ ভাবে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও এই অভিযানৰ দ্বাৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত - অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে। এই অভিযানৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰত্যেক সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহত স্বাস্থ্য মেলাৰ আয়োজন কৰা হব। ইয়াৰ উপৰি স্বাস্থ্য মেলা সমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান যেনে টিকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক - প্ৰসৱ-কালিন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজেষ্ঠ জনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰা হব।এই অভিযানৰ লগত সংগতি ৰাখি ২ অক্টোবৰত প্ৰতিটো পঞ্চায়তত গ্ৰাম সভা আৰু নগৰ অঞ্চলৰ ৱাৰ্ড সমূহত সভা অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে। এই সভা সমূহত ভি. এইহ. এচ. এণ. চি (গাওঁ স্বাস্থ্য  অনাময় আৰু পুষ্টি সমিতি), জন আৰোগ্য সমিতি আদিৰ জৰিয়তে পঞ্চায়ত আৰু ৱাৰ্ড সমূহত স্বাস্থ্য বিষয়ে আলোচনা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সমূহৰ দ্বাৰা ৰাইজৰ কল্যাণৰ দিশত অনুসৰণ কৰা হব। জিলা স্বাস্থ্য বিভাগে লগতে জনায় যে,আয়ুষ্মান ভৱ অভিয়ানৰ যোগেদি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব আৰু  অংগদানৰ শপত লোৱা হব। এই ক্ষেত্ৰত ৰাইজক ৰক্তদান আৰু অংগদানৰ ওপৰত সজাগ কৰি এই মহান কাৰ্যৰ অংশীদাৰ হোৱাৰ বাবে অণুপ্ৰাণীত কৰা হব। এই অভিযানৰ দ্বাৰা ৰাইজলৈ আহ্বান কৰা হৈছে যাতে তেওঁলোকে এই মহান কাৰ্যৰ দ্বাৰা অন্য লোকৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে আগবাঢ়ি আহে।

NORTHEAST NEWS INDIA

Tuesday, 19 September 2023

*গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মেৰি মাটি মেৰা দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত*

*গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মেৰি মাটি মেৰা দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত*

গোলাঘাট ১৯ চেপ্তেম্বৰ,২০২৩ঃ আজি দিনৰ ১১-০০ বজাত গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মেৰি মাটি মেৰা দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজীত ফুকন ডাঙৰীয়া, দেৰগাঁও বিধান সভাৰ মাননীয় বিধায়ক ভূপেন্দ্ৰ নাথ ভঁৰালীৰ প্ৰতিনিধি সাংস্কতিক কৰ্মী নুৰুল চুলতান ডাঙৰীয়া, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী দুলুমণি বৰবৰা, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, অসম ক্ৰীড়া বোৰ্ডৰ উপ-সভাপতি আকাশ ফুকন ডাঙৰীয়া, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস, সমাজকৰ্মী আচিকুৰ ৰহমান ডাঙৰীয়াই। জিলাখনৰ আটাইকেইটা পঞ্চায়তৰ পৰা সমাজখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্স্থিতিৰে পৰিপূৰ্ণ সভাখনত বিধায়ক বিশ্বজীত ফুকন ডাঙৰীয়াই সকলোকে মেৰি মাটি মেৰা দেশ শীৰ্ষক কাৰ্যসূচীত দেশৰ প্ৰতি আন্তৰিকতাৰে আত্মনিয়োগ কৰি, ৰাজনৈতিক উৰ্দ্ধত থাকি অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই খেল- মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামে গাঁৱৰ প্ৰতিভাবান যুৱক-যুৱতীসকলক প্ৰতিভা বিকাশৰ সুযোগ দিব বুলি আশা ব্যক্ত কৰে।
আনহাতে এই সভাতে প্ৰদৰ্শন কৰা হয় মাননীয় প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মেৰা মাটি মেৰা দেশ-অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা বিতং বক্তব্য সম্বলিত তিনিটিকৈ ভিডিঅ আৰু থিমচং।

NORTHEAST NEWS INDIA

Wednesday, 13 September 2023

নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ

গোলাঘাট ১৩ চেপ্তেম্বৰ,২০২৩ঃ আজি গোলাঘাটৰ পদুমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণে  বিভিন্ন আঁচনি যেনে প্ৰধান মন্ত্ৰী আবাস যোজনা গ্ৰামীণ (PMAYG), MGNREGA, পঞ্চদশ বিত্তীয় আয়োগ অনুদানৰ ৰুপায়ণ, নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া, অমৃত বৃক্ষ আন্দোলন আদি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সভাত পদুমনি আঞ্চলিক পঞ্চায়তৰ সভাপতি, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকল , পঞ্চায়তৰ সচিব সমূহ আৰু অনান্য সদস্য তথা খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ কৰ্মচাৰী সকল উপস্থিত আছিল।

NORTHEAST NEWS INDIA

আয়ুষ্মান ভৱ অভিযানৰ শুভ উদ্বোধনী

*আয়ুষ্মান ভৱ অভিযানৰ শুভ উদ্বোধনী*

*মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মূৰ্মু ডাঙৰীয়ানীৰ দ্বাৰা আয়ুষ্মান ভৱ অভিযানৰ শুভাৰম্ভণি* 

গোলাঘাট ১৩ ছেপ্টেম্বৰ, ২০২৩ঃ স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে আয়ুষ্মান ভৱ অভিযানৰ আজি শুভাৰম্ভ কৰে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মূর্মু ডাঙৰীয়ানীয়ে।  উক্ত অনুষ্ঠানৰ ডিজিটেল মাধ্যমেৰে দেশৰ ৰাজধানীৰ পৰা শুভাৰম্ভ কৰি মাননিয় ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে এই অভিযানৰ দ্বাৰা স্বাস্থ্য সেৱাৰ সুবিধা আৰু আঁচনি
সমূহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে যাতে সহজতে লাভ কৰিব পাৰে তাৰে প্ৰচেষ্টাৰে আয়ুষ্মান ভৱ অভিযানৰ পৰিকল্পনা হাতত লোৱা হৈছে।

আয়ুষ্মান ভৱ অভিযানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত - অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে। 

এই অভিযানৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰত্যেক সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহত স্বাস্থ্য মেলাৰ আয়োজন কৰা হব। ইয়াৰ উপৰি স্বাস্থ্য মেলা সমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান যেনে টিকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক - প্ৰসৱ-কালিন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজেষ্ঠ জনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰা হব।

এই অভিযানৰ লগত সংগতি ৰাখি ২ অক্টোবৰ, ২০২৩ তাৰিখে প্ৰতিটো পঞ্চায়তত গ্ৰাম সভা আৰু নগৰ অঞ্চলৰ ৱাৰ্ড সমূহত সভা অনুষ্ঠিত কৰা হব। এই সভা সমূহত ভি. এইহ. এচ. এণ. চি (গাওঁ স্বাস্থ্য  অনাময় আৰু পুষ্টি সমিতি), জন আৰোগ্য সমিতি আদিৰ জৰিয়তে পঞ্চায়ত আৰু ৱাৰ্ড সমূহত স্বাস্থ্য বিষয়ে আলোচনা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সমূহৰ দ্বাৰা ৰাইজৰ কল্যাণৰ দিশত অনুসৰণ কৰা হব। 

আয়ুষ্মান ভৱ অভিয়ানৰ যোগেদি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব আৰু  অংগদানৰ সপত লোৱা হব। এই ক্ষেত্ৰত ৰাইজক ৰক্তদান আৰু অংগদানৰ ওপৰত সজাগ কৰি এই মহান কাৰ্যৰ অংশীদাৰ হোৱাৰ বাবে অণুপ্ৰাণীত কৰা হব। এই অভিযানৰ দ্বাৰা ৰাইজলৈ আহ্বান কৰা হৈছে যাতে তেওঁলোকে এই মহান কাৰ্যৰ দ্বাৰা অন্য লোকৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে আগবাঢ়ি আহে।

আজি এই শুভাৰম্ভ অনুষ্ঠানত  অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য বিভাগ) চৈয়দ ৱাচবিৰ সুভানী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: অনুৰাধা বৰুৱা, মহকুমা স্বাস্থ্য বিষয়া ড: ৰঞ্জিত হাজৰিকা, জিলা টি. বি. বিষয়া ড: সুনিতা এক্কা, ৰটাৰী ক্লাবৰ সভাপতি ড০ মিনুৱাৰা বেগম, চাহ বাগান  বাল্য বিকাশ ভৱনৰ সম্পাদক  শ্ৰী সোণেশ্বৰ বাঢ়ৈ, এন. এইহ.   এমৰ জিলা স্বাস্থ্য গোটৰ বিষয়া সকল, আশা কৰ্মী সকল আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Tuesday, 12 September 2023

*সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন*

*সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন*

গোলাঘাট 12 চেপ্তেম্বৰ ২০২৩ঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকৰ উদ্যোগত ৰাজ্যখনৰ চৌদিশে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ বিকশিত হোৱাৰ সুযোগ দিবলৈ আৰু  যুৱক-যুৱতীসকলৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে অহা ১ নৱেম্বৰ ২০২৩ ৰ পৰা ১০ জানুৱাৰী ২০২৪  লৈকে সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত খেলসমূহ পুৰুষ, মহিলা উভয় শাখাতে ১৯  বছৰৰ অনুৰ্ধ আৰু ১৯ বছৰৰ উৰ্ধৰ মাজত অনুষ্ঠিত কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত খেলসমূহ হৈছে ক্ৰমে ১০০ মি, ২০০ মি, ৪০০ মি, ৮০০ মি দৌৰ প্ৰতিযোগিতা, ফুটবল, ভলীবল, কাবাডী আৰু ১৯ বছৰৰ অনুৰ্ধৰ বাবে খো-খো প্ৰতিযোগিতা অনুষ্ঠিত  কৰা হ'ব। খেল মহাৰণৰ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে মুকলি কৰা ৱেবচাইট http://dsywassam.com/khel ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন জড়িত আৰু খেল মহাৰণ সম্পকত অধিক তথ্যৰ বাবে জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
ফোন নম্বৰ
৭০০২০১১৩৯২
৭০০২৮৯৮২৪৪
৯১০১১৪৯৪৪৯

 NORTHEAST NEWS INDIA

Tuesday, 5 September 2023

ৰাজ্যপাল শ্ৰীগুলাব চান্দ কাটাৰিয়া ডাঙৰীয়া গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়) উপস্থিত

জনসংযোগ, গোলাঘাট,
গোলাঘাট, ০৫ ছেপ্টেম্বৰ ২০২৩: আজি ০৫ ছেপ্টেম্বৰত দিনৰ ১২.১৫ বজাত  অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীগুলাব চান্দ কাটাৰিয়া ডাঙৰীয়া গোলাঘাটস্থিত  বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়) উপস্থিত হয় । ইয়াৰ পিছত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰ্যবেক্ষণ কৰি মাননীয় ৰাজ্যপাল                       ডাঙৰীয়াই  বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। মাননীয় ৰাজ্যপাল মহোদয়ে বন্তি প্ৰজ্বলনৰ দ্বাৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত  
অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ,  মাননীয় কৃষি মন্ত্রী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ  মাননীয়  বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতি প্ৰসাদ শইকীয়া আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ LOGO প্ৰস্তুত কৰা দাদুল চলিহাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপাচাৰ্য মহোদয়ে ৰচনা কৰা "যি কথা কবলৈ মন যায়" নামৰ পুথিখনৰ উন্মোচন কৰা হয়। ৰাজ্যপাল মহাদয়ে সতী সাধনীৰ মহান ব্যক্তিত্বকো সোঁৱৰণ কৰে আৰু উল্লেখ কৰে যে ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা হৈ ৰৱ। তেওঁ গুৰু শিষ্যৰ যি আন্তৰিক সম্পৰ্ক সেই বিষয়েও নিজৰ ব্ক্তব্য ৰাখে। চিৰ নমস্য শিক্ষা গুৰু সকলৰ বাবে কিদৰে ভাৰত বৰ্ষই উন্নতিৰ জখলাত আগবাঢ়ি চন্দ্ৰযান অভিযানৰ দৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় তাকো উল্লেখ কৰে। যুৱ প্ৰজন্মৰ প্ৰচুৰ সম্ভাবনা থকা ভাৰতৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ শিক্ষানুষ্ঠান আৰু শিক্ষকৰ  ভূমিকা  গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

ধন্যবাদ

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।
 NORTHEAST NEWS INDIA

Friday, 1 September 2023

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন

জনসংযোগ, গোলাঘাট

গোলাঘাট, ১ ছেপ্তেম্বৰ ২০২৩:                              ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন কৰা হয়। গোলাঘাট সমন্বয় খেলপথাৰত অনুষ্ঠিত এই সভাত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ,  মাননীয় কৃষি মন্ত্রী অতুল বৰা, মাননীয়  সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ  মাননীয়  বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ  মাননীয়  বিধায়ক মৃণাল শইকীয়া  আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
এই সভাত পথ সুৰক্ষাৰ লগত সংগতি ৰাখি জিলা পৰিবহন বিভাগৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
এই অনুষ্ঠানত এখন বাল্য বিবাহ বিৰোধী পুতলা নাচ অংগনবাড়ী সহায়িকা সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।
মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে সভাত থলুৱা খাদ্যৰ গুণগত মানৰ বিষয়ে এটি চমু আভাষ প্ৰদান কৰাৰ লগতে মিলেট খেতিৰ দ্বাৰা আৰ্থিক সমৃদ্ধি বঢ়োৱা তথা খাদ্য তালিকাতো মিলেটক অন্তৰ্ভু্ক্ত কৰি এটি সু-স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে বুলি আশা প্ৰকাশ কৰে। মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে পৰিয়ালৰ মাতৃ সকলক পুষ্টিগত খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত এটি গুৰুতৰ ভূমিকা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই।    

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।  NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...