NORTHEAST NEWS INDIA
Thursday, 17 August 2023
ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন
গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ এ পি ডি চি এলৰ গোলাঘাট বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই জনাইছে যে এ পি ডি চি এলৰ বাণিজ্যিক শাখাই অৱগত কৰা মতে ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে আৰু অনাগত কেইটামান দিনতো এই বিদ্যুৎ চক্ৰৰ অধীনৰ এলেকাসমূহত সঘন বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব। এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি বিভাগৰ তৰফৰ পৰা ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
*শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)*
*শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)*
গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ সমাজৰ দুৰ্বল তথা স্পৰ্শকাতৰ শিশুসকলৰ বাবে তেওঁলোকৰ চিকিৎসা, শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)। গোলাঘাট জিলাত এনে শিশু থাকিলে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়, গোলাঘাটৰ সৈতে যোগাযোগ কৰক। উপযুক্ত প্ৰক্ৰিয়াৰ মাজেৰে ১৮ বছৰ বয়সৰ তলৰ এনে শিশুক প্ৰতি মাহে ৪,০০০ টকাকৈ আগবঢ়োৱা হ'ব।
প্ৰয়োজনীয় চৰ্তসমূহ 👇👇
✔️ পৰিয়ালৰ উপাৰ্জন বছৰি গ্ৰামাঞ্চলত ৭২,০০০ আৰু অন্য অঞ্চলত ৯৬,০০০ তকৈ অধিক হ'ব নোৱাৰিব।
আবেদনকাৰীৰ বাবে চৰ্ত 👇👇
👉 যদি শিশুটিৰ মাতৃ বিধৱা, বিবাহ বিচ্ছেদ হোৱা অথবা পৰিয়ালে এৰি দিয়া হয়।
👉 যদি শিশুটি পিতৃ-মাতৃহীন হয় আৰু যৌথ পৰিয়াল বা আত্মীয়ৰ সৈতে বাস কৰে।
👉 যদি শিশুটিৰ পিতৃ-মাতৃ জটিল ৰোগত আক্ৰান্ত হয়।
👉 যদি আৰ্থিক আৰু শাৰীৰিক উভয় ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃয়ে শিশুটিৰ যতন লোৱাত অসমৰ্থ হয়।
👉 সহায় আৰু পুনৰসংস্থাপনৰ প্ৰয়োজন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ভুক্তভোগী, শিশু শ্ৰমিক, বাল্য বিবাহ, সৰবৰাহ, এইচ আই ভি/ এইডছত আক্ৰান্ত শাৰীৰিকভাৱে অক্ষম, নিৰুদ্দিষ্ট বা পলাতক শিশু, ভিক্ষাবৃত্তিত জড়িত, পদপথত বাস কৰা শিশু, হাৰাশাস্তিৰ সন্মুখীন হোৱা, নিৰ্যাতিত আৰু শোষণৰ বলি হোৱা শিশু আদিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।
👉 PM CARES আঁচনিৰ অন্তৰ্ভুক্ত শিশু।
বৰ্তমান এই কাৰ্যসূচীৰ বাবে গোলাঘাট জিলাত ৪২ টি শিশু বাচনি কৰা হৈছে।
আগ্ৰহী ব্যক্তি/ অনুষ্ঠান/ প্ৰতিষ্ঠান/ কোম্পানী/ বেংক/ ঔদ্যোগিক গোট/ ন্যাস আদিয়ে যদি এনে শিশুৰ বাবে সহায়ৰ হাত আগবঢ়াব খোজে তেনেহ'লে যোগাযোগ কৰিব পাৰে।
বিতং তথ্যৰ বাবে যোগাযোগৰ ঠিকনা
👇👇
জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়,
কৰ্ট ৰোড (ছানু খেৰিয়া ক্লিনিকৰ সমীপত)
গোলাঘাট - ৭৮৫৬২১ (অসম)
ফোন : 8486885709/ 9365291226/ 8638411712
NORTHEAST NEWS INDIA
Wednesday, 16 August 2023
*ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন*
*ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন*
গোলাঘাট, ১৬ আগষ্ট, ২০২৩ঃ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।
NORTHEAST NEWS INDIA
Tuesday, 15 August 2023
*আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন*
গোলাঘাট, ১৫ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ সদৰত আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী শ্ৰীঅতুল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া ৰাজ্যখনৰ আৰু গোলাঘাট জিলাৰ বীৰ শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ, গৃহৰক্ষী বাহিনীৰ জোৱান, এন চি চি আৰু স্কাউট গাইডৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানৰ অংশৰূপে চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ জোৱানসকলে চকু বান্ধি অস্ত্ৰ পৰিচালনাৰ কৌশল প্ৰদৰ্শন কৰে। কাৰ্যসূচীৰ অংশৰূপে মুক্তিযুঁজাৰুৰ পৰিয়াল আৰু বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু জনসাধাৰণে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু আৰক্ষী অধীক্ষক শ্ৰীপুস্কিন জৈনৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে মন্ত্ৰীগৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰলৈ যোৱাৰ লগতে প্ৰশাসনৰ বিষয়াসকলে গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত ফল-মূল আদি বিতৰণ কৰে। ইয়াৰ পিছতেই মেৰী মাটি মেৰা দেশ অভিযানৰ অংশৰূপে প্ৰশাসনৰ বিষয়ববীয়াসকলে বীৰসকলৰ বন্দন অৰ্থাৎ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদ তথা প্ৰাণহানি হোৱা আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা বাহিনী/ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আৰক্ষীৰ লোকসকলক তেওঁলোকৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। বিয়লি জিলা প্ৰশাসন আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।
NORTHEAST NEWS INDIA
Monday, 14 August 2023
*গোলাঘাটত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন*
জনসংযোগ, গোলাঘাট
গোলাঘাট, ১৪ আগষ্ট ২০২৩ : ৰাজ্য চৰকাৰে ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হোৱা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সুঁৱৰি বিগত বৰ্ষত প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো "বিভাজন বিভীষিকা স্মৃতি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল । বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক বিভাজনৰ সময়ত মানুহৰ দুৰ্দশা আৰু সেই বিভীষিকাময় সময়ৰ বিষয়ে অৱগত কৰি ভৱিষ্যতে যাতে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি নহয় সেই উদ্দেশ্যে অহিংসা, একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে গোলাঘাটতো আজি এই দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এটা শান্তি সমদল উলিওৱা হয়। সমদলটোত গোলাঘাট ডি আৰ কলেজ, কমাৰ্চ কলেজ আৰু এইচ পি বি গাৰ্লছ কলেজৰ ছাত্ৰ ছাত্ৰী আৰু এন এছ এছৰ সদস্যসকলে অংশগ্ৰহণ কৰে। সমদলটোৱে হাতে হাতে মমবাতি লৈ গোলাঘাট নগৰৰ মাজেৰে পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে। ইয়াৰ পিছতেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবিৰ চুভানীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এগৰাকী ভাৰতীয় হিচাপে সেই দুৰ্বিসহ সময়ৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাজনমুখী শক্তিসমূহক পৰাভূত কৰি সদা সতৰ্ক হৈ আগবাঢ়িব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰাও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য আগবঢ়ায়। সভাত সহকাৰী আয়ুক্ত ভাৰ্গৱ কলিতা আৰু অন্বেষা ঠাকুৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা ক্ৰীড়া বিষয়া আৰু ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
*বোকাখাত বিদ্যুৎ পৰিবাহী লাইনৰ এক পৰিকল্পিত বিদ্যুৎ কৰ্তন*
গোলাঘাট, ১৪ আগষ্ট, ২০২৩ঃ ইয়াৰ দ্বাৰাই জনসাধাৰণক অৱগত কৰা হয় যে, নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ বাবে নুমলীগড় ঘাটলৈ ৰিয়েক্টৰ (Reactor) কঢ়িয়াই অনা এখন মালবাহী জাহাজৰ সুগম চলাচল সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL) এ ১৬ আগষ্টৰ পুৱা ০৭-০০ বজাৰ পৰা ১০-০০ বজালৈকে ১৩২ কে. ভি. যোৰহাট (পশ্চিম) - বোকাখাত বিদ্যুৎ পৰিবাহী লাইনৰ এক পৰিকল্পিত বিদ্যুৎ কৰ্তনৰ ব্যৱস্থা কৰিছে।
উক্ত সময়চোৱাত বোকাখাত, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। গতিকে উপৰুক্ত সময়চোৱাত ৰাইজক আমাৰ সৈতে সহযোগিতা কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। অসুবিধাৰ বাবে আমি একান্তই দুঃখিত।
সহকাৰী মহাপ্ৰৱন্ধক,
গোলাঘাট বিদ্যুৎ সংমণ্ডল,
এপিডিচিএল, ইউএআৰ, গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...