Monday, 14 August 2023

*গোলাঘাটত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন*

জনসংযোগ, গোলাঘাট

*গোলাঘাটত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন*

গোলাঘাট, ১৪ আগষ্ট ২০২৩ : ৰাজ্য চৰকাৰে ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হোৱা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সুঁৱৰি বিগত বৰ্ষত প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো "বিভাজন বিভীষিকা স্মৃতি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল । বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক বিভাজনৰ সময়ত মানুহৰ দুৰ্দশা আৰু সেই বিভীষিকাময় সময়ৰ বিষয়ে অৱগত কৰি ভৱিষ্যতে যাতে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি নহয় সেই উদ্দেশ্যে অহিংসা, একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে গোলাঘাটতো আজি এই দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এটা শান্তি সমদল উলিওৱা হয়। সমদলটোত গোলাঘাট ডি আৰ কলেজ, কমাৰ্চ কলেজ আৰু এইচ পি বি গাৰ্লছ কলেজৰ ছাত্ৰ ছাত্ৰী আৰু এন এছ এছৰ সদস্যসকলে অংশগ্ৰহণ কৰে। সমদলটোৱে হাতে হাতে মমবাতি লৈ গোলাঘাট নগৰৰ মাজেৰে পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে। ইয়াৰ পিছতেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবিৰ চুভানীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এগৰাকী ভাৰতীয় হিচাপে সেই দুৰ্বিসহ সময়ৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাজনমুখী শক্তিসমূহক পৰাভূত কৰি সদা সতৰ্ক হৈ আগবাঢ়িব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰাও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য আগবঢ়ায়। সভাত সহকাৰী আয়ুক্ত ভাৰ্গৱ কলিতা আৰু অন্বেষা ঠাকুৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা ক্ৰীড়া বিষয়া আৰু ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী উপস্থিত আছিল। 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...