Saturday, 8 July 2023

*পদুমপথাৰত কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত*

*পদুমপথাৰত কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত* 

৮ জুলাই,২০২৩ গোলাঘাট:

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি পদুমপথাৰত এখন কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পদুম পথাৰ এগ্ৰ কৃষি উৎপাদক কোম্পানীৰ বাকৰিত অনুষ্ঠিত হোৱা সভা খন অধ্যক্ষতা কৰে গোলাঘাট জিলা উপায়ুক্ত ড: পি উদয় প্ৰবীনে। জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা পৰ্যালোচনা সভাখনত প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ধান ক্ৰয়, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, অসম মিলেট মিছন আদি আঁচনী সন্দৰ্ভত আলোচনা কৰে। কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিভাগীয় সকলো কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে উপায়ুক্ত জনে।

উল্লেখযোগ্য যে, আজিৰ এই সভাখনত গোলাঘাট জিলাৰ বহু কেইটা কৃষক উৎপাদক কোম্পানিৰ অধ্যক্ষ সকল উপস্থিত থাকে। জিলা খনৰ কৃষি উৎপাদক কোম্পানী সমূহৰ বিভিন্ন কৃষি কৰ্মৰ সন্দৰ্ভত আজিৰ পৰ্যালোচনা সভা খনত বিশদ ভাৱে আলোচনা কৰা হয়।

আজিৰ সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) দামোদৰ বৰ্মন, ৱাসবিৰ সুভানি, অনেষা ঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক  পোনা বৰা আৰু গোলাঘাট জিলাৰ কৃষি উন্নয়ন বিষয়া সকল উপস্থিত থাকে।উল্লেখ্য যে  পদুপ পথাৰ এগ্র কৃষি উৎপাদক কোম্পানীৰ তৰফৰ পৰা আজিৰ সভাত উপস্থিত সকলোকে একোটাকৈ জৈৱিক টোপোলা উপহাৰ স্বৰূপে প্ৰদান কৰে। তদুপৰি পদুম পথাৰ অঞ্চলৰ বহু কেইজন খেটিয়কৰ  কৃষি ভূমি পৰিদৰ্শন কৰে। 

__________

*জিলা সংবাদ বিশেষজ্ঞ, কৃষি বিভাগ, গোলাঘাট* 
NORTHEAST NEWS INDIA

*সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান**ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব যোগান বিভাগে*

জনসংযোগ, গোলাঘাট

*সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান*

*ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব যোগান বিভাগে*

গোলাঘাট, ৮ জুলাই ২০২৩: গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক যিকোনো ভুৱা ফোন কলৰ পৰা সাৱধান হ'বলৈ বিভাগৰ তৰফৰ আহ্বান জনোৱা হৈছে। এই সম্পৰ্কীয় এটা বাৰ্তাত কোৱা হৈছে যে যোৱা কেইটামান দিনত জিলাখনৰ সুলভ মূল্যৰ দোকানৰ কেইবাগৰাকীও এজেণ্টে মহাৰাষ্ট্ৰৰ এটা বিশেষ ফোন নম্বৰ (08766949027)ৰ পৰা ফোন কল লাভ কৰিছে। এনে ফোন কলত সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক ভয়-ভাবুকিৰে তেওঁলোকৰ পৰা মোটা অংকৰ ধন দাবী কৰা হয়। তেওঁলোকে ধন দিবলৈ অস্বীকাৰ কৰিলে গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাত এজেণ্টজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকি দিয়া হয়। এজেণ্টৰ সবিশেষ তথ্য তেওঁলোকৰ হাতত থাকে আৰু তাৰেই সুযোগ লৈ এনে ভুৱা নম্বৰৰ পৰা এজেণ্টসকলক ধন দাবী কৰা হয়। এই ভুৱা নম্বৰৰ বিৰুদ্ধে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাই গোচৰ ৰুজু কৰিব বুলি অৱগত কৰিছে। লগতে এনে নম্বৰৰ পৰা ফোন আহিলে উত্তৰ নিদিবলৈ বা ভয়-ভাবুকিত শংকিত নহ'বলৈ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ প্ৰতি আহ্বান জনোৱা হৈছে। বিভাগে দিয়া তথ্য মতে গোলাঘাট জিলাৰ কমাৰবন্ধাৰ গোলাঘাট সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকীও এজেণ্টে ইতিমধ্যে এনে প্ৰবঞ্চকৰ পৰা ফোন কল লাভ কৰিছে। যিকোনো অচিনাকী তথা অসমৰ বাহিৰৰ সন্দেহজনক নম্বৰৰ পৰা ফোন আহিলে সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে। 
                                   
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 7 July 2023

*গোলাঘাটৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়ন অব্যাহতঃ ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জিলা প্ৰশাসনৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাটৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়ন অব্যাহতঃ ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জিলা প্ৰশাসনৰ*

*আধাৰৰ নামত মাচুল বিচাৰিলে আৰক্ষী অথবা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষত অৱগত কৰকঃ উপায়ুক্ত*

গোলাঘাট, ৭ জুলাই : গোলাঘাট জিলাৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়নৰ কাম অব্যাহত আছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক ওচৰৰ কেন্দ্ৰত গৈ আধাৰৰ বাবে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ জিলাখনৰ ১৪ খন বিদ্যালয়ত আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে এই পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া। উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছে যে আধাৰৰ নাম পঞ্জীয়নৰ নামত কোনো কেন্দ্ৰত ৰাইজৰ পৰা কোনোধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব । কোনো কেন্দ্ৰত এনে কাৰ্য কৰাটো প্ৰমাণিত হ'লে আইনমতে দণ্ডনীয় হ'ব। আধাৰৰ নামত মাচুল দাবী কৰিলে তেনে লোকৰ বিৰুদ্ধে ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অথবা গোলাঘাট জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৭৪২৮৩২৮২ ত যোগাযোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ১৪ খন বিদ্যালয়ত আধাৰ পঞ্জীয়নৰ কাম অব্যাহত আছে। কেন্দ্ৰসমূহ হ'ল মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ন-ভঙা হাইস্কুল, মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাদুলিপাৰাৰ বনগাঁও চ'লা হাইস্কুল, কাকদোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, উৰিয়ামঘাটৰ ৰেংমা সীমান্ত হাইস্কুল, সৰুপথাৰ হিন্দী এম ই স্কুল, থুৰাজানৰ অসমী হাইস্কুল, দৈগ্ৰোঙৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী হাইস্কুল, টেঙানীৰ বৰহোলা নৱজ্যোতি এম ই স্কুল আৰু চুঙাজান এম ই স্কুল। প্ৰতিটো কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা আধাৰ পঞ্জীয়ন কৰা হয়। আধাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ ৩১ জুলাই।
                                                                     
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 6 July 2023

*অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান*

*অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান*

 গোলাঘাট ৬ জুলাই, ২০২৩ঃ গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এক গোহাৰিত বিভাগে প্ৰকাশ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্টত বাণিজ্যিক উদ্দেশ্যৰে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাটো ৰন্ধন গেছ (যোগান আৰু বিতৰণৰ নিয়ামক) আদেশ, ২০০০ৰ অধীনত নিষিদ্ধ আৰু বেআইনী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয়। হোটেল, ৰেষ্টুৰেণ্টসমূহত ১৯ কিলোগ্ৰাম ওজনৰ নীলা ৰঙৰ বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ বিভাগে আহ্বান জনাইছে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ প্ৰমাণ পালে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ অভিযোগৰ ভিত্তিত যোৱা ৪ জুলাইত গোলাঘাটৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে গোলাঘাট নগৰৰ কেইবাখনো ৰেষ্টুৰেণ্ট আৰু হোটেলত ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত গোলাঘাট নগৰৰ এখন হোটেলৰ পৰা ছটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়।
NORTHEAST NEWS INDIA

Tuesday, 4 July 2023

*সৰুপথাৰত কৃষি সজুলি বিতৰণ বিধায়ক বিশ্বজিৎ ফুকনৰ*

*সৰুপথাৰত কৃষি সজুলি বিতৰণ বিধায়ক বিশ্বজিৎ ফুকনৰ*

গোলাঘাট, ৪ জুলাই ২০২৩:

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত অলপতে কৃষক ৰাইজৰ বাবে বিভিন্ন কৃষি সজুলি বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। সৰুপথাৰস্থিত দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত সভা খনত অতিথি হিচাপে অংশগ্ৰহন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই ৷  তদুপৰি সভাখনত  ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰী যুতা দিনচেংফা বৰুৱা, গোলাঘাট-দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস, সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হেমাংগ নবিচ, কৃষাণ মৰ্চাৰ  জিলা সভাপতি  হৰেন গগৈ আৰু সহকাৰী কৃষি সঞ্চালক কৃষ্ণ ৰঞ্জন শইকীয়াকে ধৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান  আঁচনিৰ অধীনত অনুষ্ঠানটিত জিলাখনৰ কৃষকৰ বাবে বিভিন্ন কৃষি সা-সঁজুলি বিতৰণ কৰে।আজিৰ এই কাৰ্যসূচীত  ৰাজসাহায্য যুক্ত দুখন পাৱাৰ টিলাৰ, চাৰিখন দ্বীপ বাহন , একৈছ টা খেৰকটা যন্ত্ৰ হিতাধিকাৰি সকলৰ মাজত বিতৰণ কৰে।তদুপৰি প্ৰধানমন্ত্ৰী কৃষণ সঞ্চিত যোজনাৰ অন্তৰ্গত দুটা ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা বিতৰণ কৰা হয়।

NORTHEAST NEWS INDIA

Monday, 3 July 2023

*ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে স্থান লাভ*

*ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে স্থান লাভ*
৩ জুলাই,২০২৩ঃ গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধুলিমাৰীৰ উমা ছেত্ৰীয়ে ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰি জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰখনত অসমৰ বাবে এটা নতুন অধ্যায়ৰ সূচনা কৰা উমাৰ এই সাফল্যত গোলাঘাট জিলা প্ৰশাসনে ক্ৰিকেটাৰগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । নিজৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অনুশীলনৰ ফলত উমাই অৰ্জন কৰা এই সাফল্যই অসমৰ নাম বিশ্ব প্ৰেক্ষাপটত উজলাই তুলিব। গোলাঘাট জিলা প্ৰশাসনে উমাৰ উজ্জ্বল ভৱিষ্যৎ আৰু ক্ৰিকেটৰ ক্ষেত্ৰখনত খেলুৱৈগৰাকীৰ আৰু অধিক সাফল্য কামনা কৰিছে।

লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ হিচাপে অহা ৯ জুলাইৰ পৰা বাংলাদেশৰ সৈতে তিনিখনীয়া টি ২০ আন্তঃৰাষ্ট্ৰীয় আৰু তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশ ল'ব। বাংলাদেশৰ মিৰপুৰৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ছখন খেলতে উমাই উইকেট কিপাৰ হিচাপে খেলিব। ৯,১১ আৰু ১৩ জুলাইত তিনিখন টি ২০ আৰু ১৬, ১৯ আৰু ২২ জুলাইত তিনিখন এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। ইয়াৰ পূৰ্বে উমাই যোৱা ১২ জুনৰ পৰা হংকঙত অনুষ্ঠিত মহিলা এমাৰ্জিং টীমছ এছিয়া কাপ ২০২৩ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলি দেশ, ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। 

NORTHEAST NEWS INDIA

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু জিলা উপায়ুক্ত মাজত বৈঠক

গোলাঘাট ৩ জুলাই,২০২৩ঃ

 গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আজি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনত ৰেচন কাৰ্ডত নতুন নাম অন্তৰ্ভুক্তি তথা নতুন ৰেচন কাৰ্ড জাৰি কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে জিলাখনত বৰ্তমান এই প্ৰক্ৰিয়া অব্যাহত আছে। চাহ বাগিচাৰ ৰৈ যোৱা আধাৰ হিতাধিকাৰীসকলক কেনেকৈ পুনৰ ইয়াৰ আওতালৈ আনিব পাৰি এই সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। লগতে প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত বিদ্যালয়সমূহত চাউল আৰু অন্যান্য সামগ্ৰীৰ পৰ্যাপ্ত যোগানৰ বিষয়টোৱেও সভাত স্থান লাভ কৰে। উল্লেখযোগ্য যে ২০০৪-০৫ বিত্তীয় বৰ্ষত মধ্যাহ্ন ভোজন আঁচনিখন আৰম্ভ কৰা হৈছিল। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আঁচনিখনক প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ (PM-POSHAN) হিচাপে নামকৰণ কৰা হয়। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো পি এম-পোষণৰ আওঁতাত সামৰি লোৱা হয়। আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত ৱাছবিৰ সুভানি আৰু সুজাতা গগৈ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক জিতেন গগৈ আৰু যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ উপস্থিত আছিল।
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...