গোলাঘাট ৩ জুলাই,২০২৩ঃ
 গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আজি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনত ৰেচন কাৰ্ডত নতুন নাম অন্তৰ্ভুক্তি তথা নতুন ৰেচন কাৰ্ড জাৰি কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে জিলাখনত বৰ্তমান এই প্ৰক্ৰিয়া অব্যাহত আছে। চাহ বাগিচাৰ ৰৈ যোৱা আধাৰ হিতাধিকাৰীসকলক কেনেকৈ পুনৰ ইয়াৰ আওতালৈ আনিব পাৰি এই সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। লগতে প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত বিদ্যালয়সমূহত চাউল আৰু অন্যান্য সামগ্ৰীৰ পৰ্যাপ্ত যোগানৰ বিষয়টোৱেও সভাত স্থান লাভ কৰে। উল্লেখযোগ্য যে ২০০৪-০৫ বিত্তীয় বৰ্ষত মধ্যাহ্ন ভোজন আঁচনিখন আৰম্ভ কৰা হৈছিল। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আঁচনিখনক প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ (PM-POSHAN) হিচাপে নামকৰণ কৰা হয়। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো পি এম-পোষণৰ আওঁতাত সামৰি লোৱা হয়। আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত ৱাছবিৰ সুভানি আৰু সুজাতা গগৈ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক জিতেন গগৈ আৰু যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ উপস্থিত আছিল।
NORTHEAST NEWS INDIA
  
  
  
No comments:
Post a Comment
Welcome Northeast News India