গোলাঘাট, ২৪ জুন : এ পি ডি চি এলৰ ১৩২কে.ভি. গড়মুৰ গ্ৰীড উপকেন্দ্ৰ, যোৰহাটে ইয়াৰ পুৰণিপেনেল তথা কেবলসমূহ বদলি কৰি নতুন স্বয়ংক্ৰিয় ব্যৱস্থাযুক্ত পেনেল তথা কেবল সংস্থাপিত কৰাৰ এক আঁচনি হাতত লৈছে। উক্ত প্ৰচেষ্টাৰ অংশস্বৰূপে ২৫ জুন পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ ১৩২ কে.ভি. যোৰহাট-যোৰহাট (পশ্চিম) বিদ্যুৎ পৰিবাহী লাইনৰ বিদ্যুৎ পৰিবহন ব্যৱস্থা বন্ধ ৰখা হ'ব। এপিডিচিএলৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে ।
NORTHEAST NEWS INDIA