২১ জুন, ২০২৩ঃ গোলাঘাট:
গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি আঠখেলীয়াত এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষ ২০২৩
ৰ লগত সংগতি ৰাখি আঠখেলীয়া গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সভাকক্ষত আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।
মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে আঠখেলীয়া গাঁও পঞ্চায়তৰ সভাপতি গুণীন বৰাই । সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ জিলা ন'ডেল বিষয়া শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ , মিলেট খেতিৰ গুৰুত্ব আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উপস্থিত কৃষক ৰাইজক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।
সভাখনত সমল ব্যক্তি হিচাবে ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই ৰ কৃষ্ণাক্ষী বৰাই। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত বক্তব্য আগবঢ়াই। ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত ফৰকাটিং কৃষি উন্নয়ন বিষয়া সপ্তৰ্ষী চেতিয়াই কৃষক ৰাইজৰ লগত মিলেট খেতিৰ ভবিষ্যত সন্দৰ্ভত কৃষক ৰাইজৰ লগত মত বিনিময় কৰে।
আজিৰ এই সজাগতা সভাখনত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। জানিব পৰা মতে, অসম মিলেট মিছনৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ গুনিন ৰয়ে সজাগতা সভাৰ কাৰিকৰী দিশত সহায় সহযোগিতা ও দিহা পৰামৰ্শ আগবঢ়াই আহিছে। তদুপৰি, আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া , জিলা মিলেট বানিজ্যিক কাৰ্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India