সতৰ্ক বাণী
গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে বিগত দিনবোৰত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰ নদীৰ লগতে ধনশ্ৰী, দৈয়াং, কাকডোংঙা, গেলাবিল ইত্যাদি উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গতিকে গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক বানপানীৰ পৰা হব পৰা সম্ভাব্য বিপদ প্ৰতিহত কৰিবৰ বাবে সজাগ হৈ থাকিবলৈ জনোৱা হ’ল আৰু তলৰ নিৰ্দেশনাসমূহ পালন কৰিবলৈ জনোৱা হ’ল :-
১) বাঢ়নী পানীত গা-ধোৱা আৰু মাছ মাৰিবলৈ যোৱাৰ পৰা বিৰত থাকক।
২) সৰু লৰা ছোৱালীক নদী, জান-জুৰি, খাল, ডোং আদিৰ ওচৰত নাযাবলৈ/নেখেলিবলৈ বাধ্য কৰাওক।
৩) নদী, জান-জুৰি, খাল, ডোং আদিৰ পানীত নাওঁ চলোৱাৰ পৰা বিৰত থাকক ।
৪) বাঢ়নী পানীত খোজ কাঢ়িবলৈ নাযাব।
৫) বাঢ়নী পানীত গাড়ী-মটৰ আদি চলাবলৈ নাযাব ।
৬) ৰাতিৰ ভাগত বাঢ়নী পানীয়েদি নাযাব ।
৭) বৈদ্যুতিক খুটা, ট্ৰেন্সফৰ্মাৰ, ওলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা দূৰত থাকক । পানীৰ সংস্পৰ্শত থকা বৈদ্যুতিক আহিলা পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব ।
৮)বৈদ্যুতিক আহিলা বা ট্ৰেন্সফৰ্মাৰ পানীত ডুবি থকা দেখিলে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাওঁক ।
৯) বানপানীৰ সময়ত ওখ ঠাই/ঘৰৰ ভিতৰলৈ সাপ সোমাই আহিব পাৰে । গতিকে সৰ্প দংশনৰ পৰা সাৱধানে থাকিব ।
১০)বানপানীৰ উটি অহা বা পানীত ওপঙি থকা খাদ্যবস্ত্ত নাখাব ।
উপায়ুক্ত,
গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India