Sunday, 11 June 2023

*মিলেট খেতি সন্দৰ্ভত চাওদাং পথাৰত সজাগতা সভা*

*মিলেট খেতি সন্দৰ্ভত চাওদাং পথাৰত  সজাগতা সভা*

১১ জুন, ২০২৩ গোলাঘাট: 

গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি চাওদাং পথাৰত  এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষ ২০২৩
ৰ লগত সংগতি ৰাখি চাওদাং পথাৰ কৃষক উৎপাদক কোম্পানীৰ কাৰ্যলয়ৰ সভাকক্ষত আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।

মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে চাওদাং পথাৰ কৃষক উৎপাদক কোম্পানীৰ অধ্যক্ষ হৰেন বৰাই। সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ জিলা ন'ডেল বিষয়া শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ , মিলেট খেতিৰ গুৰুত্ব আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উপস্থিত কৃষক ৰাইজক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

সভাখনত সমল ব্যক্তি হিচাবে  ভাষণ প্ৰদান কৰে জেষ্ঠ  কৃষি উন্নয়ন বিষয়া উত্তম মজুমদাৰে। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক  লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত বক্তব্য আগবঢ়াই।

 ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত মিলেট বানিজ্যিক কাৰ্যবাহী উত্তম দুৱৰাই কৃষক সকলক উদ্দেশ্য কৰি মিলেটৰ গুণাগুণ, মিলেট খেতিৰ মুল্য সংসাধন, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই।  সজাগতা সভাখনৰ শেষত কৃষক ৰাইজৰ লগত মিলেট খেতিৰ ভবিষ্যত সন্দৰ্ভত কৃষক ৰাইজৰ লগত মত বিনিময় কৰে।

আজিৰ এই সজাগতা সভাখনত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে।  আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...