Saturday, 24 June 2023

*২৫ জুনত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

*২৫ জুনত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

গোলাঘাট, ২৪ জুন : এ পি ডি চি এলৰ ১৩২কে.ভি. গড়মুৰ গ্ৰীড  উপকেন্দ্ৰ, যোৰহাটে ইয়াৰ পুৰণিপেনেল তথা কেবলসমূহ বদলি কৰি নতুন স্বয়ংক্ৰিয় ব্যৱস্থাযুক্ত পেনেল তথা কেবল সংস্থাপিত কৰাৰ এক আঁচনি হাতত লৈছে। উক্ত প্ৰচেষ্টাৰ অংশস্বৰূপে ২৫ জুন পুৱা ৯ বজাৰ পৰা বিয়লি  ৩ বজালৈ ১৩২ কে.ভি. যোৰহাট-যোৰহাট (পশ্চিম) বিদ্যুৎ পৰিবাহী লাইনৰ বিদ্যুৎ পৰিবহন ব্যৱস্থা বন্ধ ৰখা হ'ব। এপিডিচিএলৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে । 

NORTHEAST NEWS INDIA

Wednesday, 21 June 2023

*মিলেট খেতি সন্দৰ্ভত আঠখেলীয়াত সজাগতা সভা*

*মিলেট খেতি সন্দৰ্ভত আঠখেলীয়াত সজাগতা সভা*

২১ জুন, ২০২৩ঃ গোলাঘাট: 

গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি আঠখেলীয়াত  এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষ ২০২৩
ৰ লগত সংগতি ৰাখি আঠখেলীয়া গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সভাকক্ষত আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।

মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে আঠখেলীয়া গাঁও পঞ্চায়তৰ সভাপতি গুণীন বৰাই । সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ জিলা ন'ডেল বিষয়া শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ , মিলেট খেতিৰ গুৰুত্ব আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উপস্থিত কৃষক ৰাইজক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

সভাখনত সমল ব্যক্তি হিচাবে  ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই ৰ কৃষ্ণাক্ষী বৰাই। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক  লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত বক্তব্য আগবঢ়াই। ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত ফৰকাটিং কৃষি উন্নয়ন বিষয়া সপ্তৰ্ষী চেতিয়াই  কৃষক ৰাইজৰ লগত মিলেট খেতিৰ ভবিষ্যত সন্দৰ্ভত কৃষক ৰাইজৰ লগত মত বিনিময় কৰে।

আজিৰ এই সজাগতা সভাখনত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। জানিব পৰা মতে, অসম মিলেট মিছনৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ গুনিন ৰয়ে সজাগতা সভাৰ কাৰিকৰী দিশত সহায় সহযোগিতা ও দিহা পৰামৰ্শ আগবঢ়াই আহিছে। তদুপৰি, আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া , জিলা মিলেট বানিজ্যিক কাৰ্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়।

 NORTHEAST NEWS INDIA

বসুধৈৱ কুতুম্বকমৰ বাবে যোগ

গোলাঘাট ২১ জুন, ২০২৩ঃ "বসুধৈৱ কুতুম্বকমৰ বাবে যোগ"- এই মূল বিষয়বস্তুৰে আজি গোলাঘাটতো নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে গোলাঘাট নগৰৰ ইণ্ড'ৰ ক্ৰিকেট ষ্টেডিয়ামত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্য যোগ প্ৰশিক্ষক দীপক গগৈৰ নেতৃত্বত পাঁচজনীয়া প্ৰশিক্ষকৰ এটা দলে সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায়। যোগাভ্যাসত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক শ্ৰীপুষ্কিন জৈন, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত ভূঞা, কেইবাগৰাকীও প্ৰশাসনিক বিষয়া, বিভিন্ন বিভাগৰ জিলা মুৰব্বী আৰু বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হ'ল "বসুধৈৱ কুতুম্বকম"ৰ বাবে যোগ। অৰ্থাৎ এক বিশ্ব-এক পৰিয়ালৰ ধাৰণাৰে সকলোৰে কল্যাণ।

NORTHEAST NEWS INDIA

Sunday, 18 June 2023

সতৰ্ক বাণী

সতৰ্ক বাণী
 গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে বিগত দিনবোৰত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰ নদীৰ লগতে ধনশ্ৰী, দৈয়াং, কাকডোংঙা, গেলাবিল ইত্যাদি উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গতিকে গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক বানপানীৰ পৰা হব পৰা সম্ভাব্য বিপদ প্ৰতিহত কৰিবৰ বাবে সজাগ হৈ থাকিবলৈ জনোৱা হ’ল আৰু তলৰ নিৰ্দেশনাসমূহ পালন কৰিবলৈ জনোৱা হ’ল  :- 
১) বাঢ়নী পানীত গা-ধোৱা আৰু মাছ মাৰিবলৈ যোৱাৰ পৰা বিৰত থাকক।
২) সৰু লৰা ছোৱালীক নদী, জান-জুৰি, খাল, ডোং আদিৰ ওচৰত নাযাবলৈ/নেখেলিবলৈ বাধ্য কৰাওক।
৩) নদী, জান-জুৰি, খাল, ডোং আদিৰ পানীত নাওঁ চলোৱাৰ পৰা বিৰত থাকক ।
৪)  বাঢ়নী পানীত খোজ কাঢ়িবলৈ নাযাব।
৫) বাঢ়নী পানীত গাড়ী-মটৰ আদি চলাবলৈ নাযাব ।
৬) ৰাতিৰ ভাগত বাঢ়নী পানীয়েদি নাযাব ।
৭) বৈদ্যুতিক খুটা, ট্ৰেন্সফৰ্মাৰ, ওলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা দূৰত থাকক । পানীৰ সংস্পৰ্শত থকা বৈদ্যুতিক আহিলা পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব ।
৮)বৈদ্যুতিক আহিলা বা ট্ৰেন্সফৰ্মাৰ পানীত ডুবি থকা দেখিলে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাওঁক ।
৯) বানপানীৰ সময়ত ওখ ঠাই/ঘৰৰ ভিতৰলৈ সাপ সোমাই আহিব পাৰে । গতিকে সৰ্প দংশনৰ পৰা সাৱধানে থাকিব ।
১০)বানপানীৰ উটি অহা বা পানীত ওপঙি থকা খাদ্যবস্ত্ত নাখাব ।

উপায়ুক্ত,
গোলাঘাট

NORTHEAST NEWS INDIA

Sunday, 11 June 2023

প্ৰয়োজনীয় পথ নিৰ্দেশনা বা দুৰ্ঘটনা ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

১১ জুন, ২০২৩ গোলাঘাটঃ ইয়াৰ দ্বাৰা গোলাঘাট জিলাৰ ৰাইজক অৱগত কৰা হয় যে, জিলাখনৰ বিভিন্ন এলেকাত যিহেতু পথ নিৰ্মাণ আৰু মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি আছে, সেয়েহে কোনো ঠাইত যদি যাতায়ত ব্যৱস্থাৰ সুচলতাৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্ৰয়োজনীয় পথ নিৰ্দেশনা বা দুৰ্ঘটনা ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই তেতিয়া আপোনালোকে তাৎক্ষণিকভাৱে গোলাঘাট জিলা প্ৰশাসনক  ০৩৭৭৪-২৮৩২৮২ নম্বৰত অভিযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। জিলাখনত দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰপৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

উল্লিখিত ফোন নম্বৰত ফোন কৰি অভিযোগ কৰক আৰু দুৰ্ঘটনামুক্ত যাতায়ত সুনিশ্চিত কৰাত জিলা প্ৰশাসনক সহায় কৰক।

NORTHEAST NEWS INDIA

*মিলেট খেতি সন্দৰ্ভত চাওদাং পথাৰত সজাগতা সভা*

*মিলেট খেতি সন্দৰ্ভত চাওদাং পথাৰত  সজাগতা সভা*

১১ জুন, ২০২৩ গোলাঘাট: 

গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি চাওদাং পথাৰত  এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষ ২০২৩
ৰ লগত সংগতি ৰাখি চাওদাং পথাৰ কৃষক উৎপাদক কোম্পানীৰ কাৰ্যলয়ৰ সভাকক্ষত আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।

মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে চাওদাং পথাৰ কৃষক উৎপাদক কোম্পানীৰ অধ্যক্ষ হৰেন বৰাই। সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ জিলা ন'ডেল বিষয়া শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ , মিলেট খেতিৰ গুৰুত্ব আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উপস্থিত কৃষক ৰাইজক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

সভাখনত সমল ব্যক্তি হিচাবে  ভাষণ প্ৰদান কৰে জেষ্ঠ  কৃষি উন্নয়ন বিষয়া উত্তম মজুমদাৰে। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক  লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত বক্তব্য আগবঢ়াই।

 ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত মিলেট বানিজ্যিক কাৰ্যবাহী উত্তম দুৱৰাই কৃষক সকলক উদ্দেশ্য কৰি মিলেটৰ গুণাগুণ, মিলেট খেতিৰ মুল্য সংসাধন, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই।  সজাগতা সভাখনৰ শেষত কৃষক ৰাইজৰ লগত মিলেট খেতিৰ ভবিষ্যত সন্দৰ্ভত কৃষক ৰাইজৰ লগত মত বিনিময় কৰে।

আজিৰ এই সজাগতা সভাখনত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে।  আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়।

NORTHEAST NEWS INDIA

Sunday, 4 June 2023

*সমগ্র মানৱ জাতিলৈ আহ্বান।*

*সমগ্র মানৱ জাতিলৈ আহ্বান।*

যি খন দেশত বা ৰাজ্যত জনসাধাৰণে নিদিষ্ট বাচনি কৰি ৰখীয়া পাতে, যদি সেই ব্যক্তি অতিমাএা লুভিয়া, খকুৱা, চকুচৰহা, বেচি মোহকৰা, বেচি খঙাল এই গুণ কেইটাৰ অধিকাৰী হয়। তেন্তে সেইখন  ৰাজ্য বা দেশত শান্তি কেতিয়াও সম্ভৱ নহয়। সেইখন দেশৰ সমস্ত জীৱকোলৰ কেতিয়াও মঙ্গল নহয়। 
আমি সকলো মানৱ জাতিয়ে এই বিষয় বস্তু ত্যাগ দিও আহক। 

তেতিয়াহে সমগ্র পৃথিবীৰ কল্যাণ হৱ।

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...