Sunday, 14 May 2023

শিঙিয়া পোটনী সোনাৰী গাঁও নবীন পুথিভঁৰাল আৰু ব'হাগ বিহুৰ বিদায় উৎসৱ

যোৱা ইং ১৩ মে ২০২৩ তাৰিখে
 শিঙিয়া পোটনী সোনাৰী গাঁও নবীন পুথিভঁৰাল আৰু ব'হাগ বিহুৰ বিদায় উৎসৱৰ নিশা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক সমাজ সেৱক ড° কেশৱ বৰা আৰু শ্ৰী যুত ৰমেশ গোস্বামী বিশিষ্ট সংগীত শিল্পী জীৱন সিং লগতে উদ্বোধক উৎপল বণিয়াক বিহু কমিটিয়ে বিপুল সম্বৰ্দ্ধনা জনাই। 
 ড° কেশৱ বৰা মা আৰু প্ৰকৃতি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি উপৰিও নগাঁও জিলাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

NORTHEAST NEWS INDIA

Monday, 8 May 2023

জাননী

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড

জাননী


ইয়াৰ  দ্বাৰাই  জনসাধাৰণক  অৱগত  কৰা  হয়  যে, 132kV গ্ৰীড উপ-কেন্দ্ৰ, এইজিচিএল, বোকাখাটৰ অধীনৰ 132 kV যোৰহাট (পশ্চিম)-বোকাখাট বিদ্য়ুৎ  পৰিবাহী   লাইনৰ  Coridor Cleaning ৰ অৰ্থে অহা 10 মে' 2023 তাৰিখে পুৱা  5:00 বজাৰ পৰা 10:00 বজালৈকে পৰিকল্পিত ভাৱে বিদ্য়ুৎ কৰ্তনৰ ব্য়ৱস্থা কৰা হৈছে | 
উক্ত  সময়চোৱাত  বোকাখাট,  কহঁৰা,  ৰজাবাৰী,  বিহৰা,  নুমলীগড়,  তেলগৰম, কমাৰগাঁও,  বাদুলীপাৰ,  খুমটাই  তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। 
উপৰোক্ত সময়চোৱাত ৰাইজক আমাৰ সৈতে সহযোগিতা কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। অসুবিধাৰ বাবে আমি একান্তই দু:খিত।



সহকাৰী মহাপ্ৰৱন্ধক,
গোলাঘাট বিদ্য়ুৎ সংমণ্ডল,
এপিডিচিএল, ইউএআৰ, গোলাঘাট

NORTHEAST NEWS INDIA

মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।NORTHEAST NEWS INDIA

মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।

NORTHEAST NEWS INDIA

Thursday, 4 May 2023

*এ.ই.এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগৰ ওপৰত আলোচনা সভা সম্পন্ন**এ ই এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগ ৰোধ কৰা আৰু ইয়াৰ উচিত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থাৰ তৈয়াৰী*

৪ মে, ২০২৩, গোলাঘাট

*এ.ই.এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগৰ ওপৰত আলোচনা সভা সম্পন্ন*

*এ ই এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগ ৰোধ কৰা আৰু ইয়াৰ উচিত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থাৰ তৈয়াৰী*

গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে আজি ৪ মে, ২০২৩ তাৰিখে জি.এন.এম প্ৰশিক্ষণ কেন্দ্ৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: ৰঞ্জিত ভূঞা দেৱৰ সভাপতিত্বত  চৰকাৰী খণ্ডৰ চিকিৎসা বিষয়া আৰু বেচৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহৰ চিকিৎসক তথা প্ৰতিনিধি সকলৰ লগত AES আৰু JE ৰোগৰ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে।

উক্ত সভা খনত সকলো চিকিৎসালয়কে পলম নকৰি যিকোনো সন্দেহজনক AES ৰোগীৰ তথ্য তৎকালীনভাবে জিলা চাৰভেইলেন্স বিষয়া বা জিলা মেলেৰিয়া বিষয়া বা জিলা বাহকজনিত ৰোগ কনচালটেন্ট ৰ ফোন বা AES/JE ৰ বিষয়ে যোগাযোগ অবিলম্ব আৰু শক্তিশালী কৰাৰ উদ্দেশ্যেৰে গঠন কৰা  WHATSAPP গ্ৰুপৰ মাধ্যমেৰে জনোৱাৰ অনুৰোধ কৰা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা সন্দেহজনক  ৰোগীজনৰ দৰকাৰী পৰীক্ষা আৰু অনুসন্ধান কৰি তেখেতৰ চিকিৎসাৰ উচিত ব্যৱস্থা লোৱাত উপযোগী হব আৰু যিটো অঞ্চলৰ পৰা ৰোগীজন আহিছে সেই অঞ্চলটোত ক্ষীপ্ৰতাৰে নিৰীক্ষণ কৰিব পৰা যাব।

যিসকল ৰোগীৰ AES ৰ লক্ষণ দেখা দিয়ে তেনে ৰোগীক গাওঁৰ চিকিৎসালয় খনৰ পৰা অনতিপলমে জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে  নিৰ্দেশ দিয়া হয়।

যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে সভাত উপস্থিত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া সকলক তেওঁলোকৰ অধীনৰ প্ৰত্যেক স্বাস্থ্য  কেন্দ্ৰৰ চিকিৎসক সকলক AES ৰ লক্ষণ চিনাক্তকৰণ আৰু AES/JE লগত জড়িত চিকিৎসা পদ্ধতি সঠিক ভাবে মানি চলিবৰ বাবে নিৰ্দেশ দিবলৈ কয়। এই লক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা পদ্ধতি সমান্তৰাল ভাৱে বেচৰকাৰী চিকিৎসালয় সমূহতো বাস্তবায়ন কৰাৰ বাবে অনুৰোধ জনোৱা হয়।

জিলা খনত AES আৰু JE ৰোগ ৰোধ কৰাৰ দিশত ইতিমধ্যে বহুতো কাৰ্যসূচী ৰূপায়ন কৰা ইছে আৰু স্বাস্থ্য খণ্ড সমূহত বহু খিনি পদক্ষেপ লোৱা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ অধীনৰ কাৰ্যসূচীৰ অন্তৰ্গত শেহতীয়াকৈ যোৱা ৩ এপ্ৰিল, ২০২২৩ তাৰিখে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ৰ সভাপতিত্বত জি.এন.এম প্ৰশিক্ষণ কেন্দ্ৰত অনাগত দিনবোৰত বাহক জনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আদিৰ ওপৰত লবলগীয়া পদক্ষেপ আৰু আগৰ কাৰ্যকাৰিতাৰ ওপৰত পৰ্যালোচনা সভা এখন অনুষ্ঠিত হয় । 

উক্ত সভাত যুটীয়া সঞ্চালক মহোদয়ে সকলো কৰ্মীকে প্ৰতিটো পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰি  যদি কোনোবা জ্বৰ আৰু আন লক্ষণ সমূহ থকা সন্দেহজনক ৰোগী পোৱা যায় তেতিয়া তেজৰ নমুনা সংগ্ৰহ কৰি হেই অঞ্চলৰ চিকিৎসা বিষয়াক খবৰ দি বিধিগত ব্যৱস্থা লবলৈ আহ্বান জনায় । ইয়াৰ লগতে তেখেতে জিলাখনৰ প্ৰতিখন গাঁও আৰু চাহবাগিচাত বাহকজনিত ৰোগৰ ওপৰত গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি সমিতিৰ সদস্যৰ উপস্থিতিত সজাগতা অভিযান অনুষ্ঠিত কৰিবৰ বাবে আহ্বান জনাই। লগতে প্ৰতিটো গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ দিনা ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ে বিভিন্ন স্বাস্থ্য বিষয়া সকলক নিজ-নিজ গাঁওৰ অন্তৰ্গত প্ৰতিগৰাকী আশাকৰ্মীৰ দ্বাৰা ঘৰে-ঘৰে জ্বৰত আক্ৰান্ত ৰোগীৰ খবৰ লোৱা আৰু তেজৰ নমুনা সংগ্ৰহ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰাৰ আহ্বান জনায়।

ৰাইজৰ মাজত বাহক জনিত ৰোগৰ সজাগতা বৃদ্ধিৰ দিশত ড: ৰঞ্জিত ভূঞা দেৱে কয় যে প্ৰতিঘৰ মানুহৰ ওচৰত নিজৰ অঞ্চলৰ আশাকৰ্মীসকলৰ মোবাইল নম্বৰ থকা টো অতিকৈ জৰুৰী যাতে জ্বৰ হোৱাৰ লগে লগে পৰিয়ালৰ মানুহে খবৰটো আশা গৰাকীক দিব পাৰে। ইয়াৰ উপৰি কোনোবা ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ টো পৰিয়ালৰ মানুহে যাতে আশাকৰ্মীক দিয়ে যাতে বিভাগীয় কৰ্মীসকলে তৎক্ষণাৎ সেই অঞ্চলটো পৰিদৰ্শন কৰি বাকী পৰিয়াল সমূহৰ পৰা তেজ সংগ্ৰহ ইত্যাদি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (বিদ্যালয় স্বাস্থ্য), মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (হেড কোৱাৰ্টাৰ), ডিষ্ট্ৰিক্ত চাৰভেইলেন্স অফিচ, মনোৰোগ বিশেষজ্ঞ, জিলা মেলেৰিয়া বিষয়া, জিলা বাহক জনিত ৰোগ কনছালতেন্ত, এপিদেমিওলজিষ্ট, এন এইহ এম ৰ বিষয়া, Multi Purpose Worker,  Surveillance Worker, Sanitary Inspector আদিৰ উপস্থিতিত প্ৰতিটো বাহক জনিত ৰোগত আক্ৰান্ত ৰোগীৰ সময়মতে পৰিদৰ্শন কৰাৰ লগতে সময়মতে ৰিপʼৰ্ট কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

বাহক জনিত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক সকলৰ লগত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ বুলি মন্তব্য কৰে যুটীয়া সঞ্চালক গৰাকীয়ে।  

তেওঁ কয় যে ৰাইজৰ মাজত চলি থকা বিভিন্ন সজাগতা কাৰ্যসূচী সমূহত অংসগ্ৰহন কৰি সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে জিলা খনৰ পৰা বাহক জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ আঁতৰি থাকিব।

NORTHEAST NEWS INDIA

Friday, 28 April 2023

নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ

 *১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ


*


২৮ এপ্রিল,২০২৩ঃ ১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ   আৰু স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় সমূহৰ উন্নয়নৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত তিখেশ্বৰ দাসদেৱ আৰু প্ৰধান শিক্ষক ম: নচিব আলী বৰবৰাদেৱে ছাত্ৰ-ছাত্ৰীৰ আৰু মাতৃসকলক ধন্যবাদ জনায়। স্থানীয় গাওঁ প্ৰধান শ্ৰীযুত পদ্মনাথ দাসদেৱে বিদ্যালয়ৰ বিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায়। ৰাইজৰ সহযোগত আজি এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হয়।


NORTHEAST NEWS INDIA

সমগ্র মানৱ জাতিলৈ আহ্বান।

সমগ্র মানৱ জাতিলৈ আহ্বান। 

সেই মানৱ জাতি, ইমান অংহকাৰ নকৰিবা, সকলো জীৱকোল সময়ৰ উপৰত নিভৰশীল। আপোনালোকে যাক লৈ অংহকাৰ কৰিছে, সেয়া সময়ত উতি ভাহি নাইকিয়া হৈ যাৱ। সকলো জীৱকোলৰ, তেওঁ লোকৰ খাদ্য ও সামগ্রী ব্যবহাৰ কৰিব নিবিচাৰিব অকমান সময়ৰ নিজৰ স্বাৰ্থৰ বাবে। মা আৰু প্ৰকৃতি য়ে যি শক্তি প্ৰদান কৰিছে আপোনাক সেয়া ভাল কামত ব্যবহাৰ কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ যি সম্পদ আছে সেয়া এদিন এই মা আৰু প্ৰকৃতি ৰ বুকুত লুপ্ত পাব। আপোনালোকৰ বওমান যি সম্পদ আছে তাকে লৈ সন্তুষ্ট থাকক, আনক অনিষ্ট কৰিবলৈ চেষ্টা নকৰিব, আনৰ বস্তুৰ ওপৰত লুভ কৰা, মোহ কৰা, ক্ৰামনা কৰা, খং কৰা, দম্ভ কৰা, অংহকাৰ কৰা সময় থাকোতেই বন্ধ কৰক।
তেতিয়াহে আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰিব। 

আহক সকলো মানৱ জাতি সময় থাকোতেই নিজৰ ভূল সমূহ দুৰ কৰো। সকলোৰে প্ৰতি সমান সন্মান, সমান শ্ৰদ্ধা , ভক্তি কৰো।। 

সেৱাৰে
মাধৱ গগৈ 
প্ৰতিষ্ঠাপক
মা আৰু প্ৰকৃতি
 
NORTHEAST NEWS INDIA

Tuesday, 25 April 2023

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*


আজি ২৫ এপ্ৰিল, ২০২৩ সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এখন সজাগতা ৰেলী আৰম্ভ কৰা হয় ।
 ৰেলীখন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ৰঞ্জিত ভূঞা দেৱে । তেখেতে  ৰেলী মুকলি কৰাৰ আৰম্ভণিতে নিজৰ বক্তব্যত এই দিৱসৰ তাৎপৰ্য আৰু ৰোগটোৰ বিষয়ে মন্তব্য দাঙি ধৰি কয় যে ৰাইজৰ মাজত সজাগতাবৃদ্ধিৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। স্বাস্থ্য বিভাগে কৰি থকা সজাগতা মূলক কাৰ্যসূচীত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ । ৰাইজে বিভিন্ন সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে মেলেৰিয়া বা অন্যান্য বাহক জনিত ৰোগৰ পৰা বাচি থাকিব পাৰিব।

আজিৰ সজাগতা ৰেলিখনত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ  উপ অধীক্ষক ডঃ বিপুল দাস, জিলা মেলেৰিয়া বিষয়া নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ট বিঞ্জি ৰহমান, এন এইচ এমৰ বিষয়া, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰীসকল, আশাকৰ্মী আৰু বিভাগৰ কৰ্মচাৰী সকল আদিয়ে অংশগ্ৰহণ কৰে।

বিশ্ব মেলেৰিয়া দিৱসৰ উপলক্ষে গোলাঘাট জিলাৰ গোটেই কেইটা স্বাস্থ্য খণ্ডত আজিৰ দিনটোত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলবোৰত বিভিন্ন কাৰ্যসূচী যেনে সজাগতা সভা, সজাগতা মূলক প্ৰচাৰ পত্ৰিকা বিতৰণ, আঠুৱা ঔষধিকৰণ, মাইকিং, মহৰ বংশবৃদ্ধিৰ উৎস চিনাক্তকৰণ আৰু চাফাই অভিযান ইত্যাদি কাৰ্যসূচী পালন কৰা হয় । 

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...