Tuesday, 25 April 2023

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*


আজি ২৫ এপ্ৰিল, ২০২৩ সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এখন সজাগতা ৰেলী আৰম্ভ কৰা হয় ।
 ৰেলীখন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ৰঞ্জিত ভূঞা দেৱে । তেখেতে  ৰেলী মুকলি কৰাৰ আৰম্ভণিতে নিজৰ বক্তব্যত এই দিৱসৰ তাৎপৰ্য আৰু ৰোগটোৰ বিষয়ে মন্তব্য দাঙি ধৰি কয় যে ৰাইজৰ মাজত সজাগতাবৃদ্ধিৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। স্বাস্থ্য বিভাগে কৰি থকা সজাগতা মূলক কাৰ্যসূচীত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ । ৰাইজে বিভিন্ন সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে মেলেৰিয়া বা অন্যান্য বাহক জনিত ৰোগৰ পৰা বাচি থাকিব পাৰিব।

আজিৰ সজাগতা ৰেলিখনত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ  উপ অধীক্ষক ডঃ বিপুল দাস, জিলা মেলেৰিয়া বিষয়া নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ট বিঞ্জি ৰহমান, এন এইচ এমৰ বিষয়া, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰীসকল, আশাকৰ্মী আৰু বিভাগৰ কৰ্মচাৰী সকল আদিয়ে অংশগ্ৰহণ কৰে।

বিশ্ব মেলেৰিয়া দিৱসৰ উপলক্ষে গোলাঘাট জিলাৰ গোটেই কেইটা স্বাস্থ্য খণ্ডত আজিৰ দিনটোত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলবোৰত বিভিন্ন কাৰ্যসূচী যেনে সজাগতা সভা, সজাগতা মূলক প্ৰচাৰ পত্ৰিকা বিতৰণ, আঠুৱা ঔষধিকৰণ, মাইকিং, মহৰ বংশবৃদ্ধিৰ উৎস চিনাক্তকৰণ আৰু চাফাই অভিযান ইত্যাদি কাৰ্যসূচী পালন কৰা হয় । 

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...