Sunday, 22 January 2023

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ বাবে যোগ্য ব্যক্তিৰ পৰা আবেদন আহ্বান*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৪/২০২৩

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ বাবে যোগ্য ব্যক্তিৰ পৰা আবেদন আহ্বান*

গোলাঘাট, ২২ জানুৱাৰী : গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ সকলো যোগ্য হিতাধিকাৰীক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে । অহা ২৫ জানুৱাৰীৰ ভিতৰত যোগ্য ব্যক্তিসকলে আবেদন কৰিব পাৰিব । ইয়াৰ বাবে গাঁও পঞ্চায়তৰ বাসিন্দাসকলে পঞ্চায়তৰ কাৰ্যালয়ত আৰু নগৰ এলেকাৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব । যিসমূহ পৰিয়ালৰ বছৰি আয় ২.৫ লাখ টকাতকৈ কম আৰু যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন জনাব পাৰিব । তাৰ বাবে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক । অন্ত্যেদ্যয়া অন্ন যোজনা আৰু অগ্ৰাধিকাৰ শ্ৰেণীত হিতাধিকাৰী হিচাপে বাচনিভুক্ত হ'বলৈ গৃহহীন আৰু আশ্ৰয়হীন পৰিয়াল, কৰ্কট ৰোগ আৰু এইচ আই ভিত আক্ৰান্ত ৰোগী (এনে লোকৰ ক্ষেত্ৰত উপাৰ্জনৰ সীমা প্ৰযোজ্য নহয় ), বিধৱা মহিলা, তৃতীয় লিংগ, বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ ই নিৰ্ধাৰণ কৰা বিশেষভাৱে সক্ষম লোক, বৃদ্ধ, দুৰ্বল ব্যক্তি আৰু বৃদ্ধাশ্ৰমৰ বাসিন্দা, কৃষিখণ্ডৰ ভূমিহীন শ্ৰমিক, উপান্ত কৃষক, গ্ৰামাঞ্চলৰ শিল্পী, কাৰুশিল্পী, কমাৰ, হস্তশিল্পী, চাৰুশিল্পী, টেপাৰ্চ, পটাৰ্চ, শিপিনী, কুমাৰ, কাৰ্পেণ্টাৰ, মিস্ত্ৰী, চাহ বাগিছাৰ বনুৱা আৰু প্ৰাক্তন বনুৱা, সকলো অংশকালীন শ্ৰমিক, ড্ৰাইভাৰ, কণ্ডাক্টৰ, হেণ্ডিমেন, পৰ্টাৰ, টেইলৰ, ৱাশ্বাৰমেন, নাপিত, মুচি, চুইপাৰ, ইলেক্ট্ৰিচিয়ান, ঘৰুৱা সহায়ক, হকাৰ, ভেণ্ডৰ, ডেলিভাৰী মেন, ৰিক্সাচালক, ঠেলাচালক, পথৰ কাষত ফল-মূল, শাক-পাচলি, মাছ আৰু ফুলৰ ব্যৱসায় কৰা লোক আদিয়ে আবেদন কৰিব পাৰিব ।  তদুপৰি খহনীয়াত ক্ষতিগ্ৰস্ত লোক যাৰ পৰিয়ালৰ মুঠ বছৰি উপাৰ্জন ২.৫ লাখ টকাতকৈ কম, যৌনকৰ্মী যাৰ বছৰি উপাৰ্জন ২.৫ লাখ টকাতকৈ কম, যিসমূহ পৰিয়ালত শিশু ঘৰখনৰ মুৰব্বী হ'বলগীয়া হয়, যদি পৰিয়ালটোৰ উপাৰ্জনকাৰী সকলো ব্যক্তি অক্ষম, দীৰ্ঘদিন ধৰি ৰোগগ্ৰস্ত অথবা ৬০ বছৰ বয়সৰ উৰ্দ্ধত হয়, অকলশৰীয়া মহিলা (বিধৱা, অবিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া মহিলা, পৰিয়ালত আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা অকলশৰীয়া মহিলা ), যিটো পৰিয়ালত অপ্ৰাপ্তবয়স্ক কিশোৰ-কিশোৰী মুৰব্বী হ'বলগীয়া হয় আৰু সকলো আদিম জনজাতীয় পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব । অৱশ্যে এই চৰ্তাৱলী কেৱল সূচকহে, সামগ্ৰিক নহয় । এই সন্দৰ্ভত অধিক জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত থকা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । যোগ্য ব্যক্তিসকলে আবেদনৰ বাবে জিলা প্ৰশাসনৰ ৱেবচাইট, ফেচবুক পেজ আৰু টুইটাৰৰ পৰা চি-ফৰ্ম ডাউনলোড কৰিব পাৰিব ।  
        
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 14 January 2023

সমগ্র মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন

সমগ্র মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো। 

সমগ্র মানৱ জাতিলৈ এই শুভখনত 
আহ্বান জনাইছো আহক সকলো মানৱ জাতি, এই নতুন চিন্তা ধাৰাৰ মাজেৰে 
এখন সুন্দৰ সমাজ গঢ় দিওঁ। যত নেকি লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ 
একো নথকা এটা মানৱ জাতি।  মা আৰু প্ৰকৃতি ৰ সমাজ। আমাৰ মা আৰু প্ৰকৃতি য়ে আমাৰ গুৰু, ভগৱান। এটা নতুন 
যোগৰ আৰম্ভ হওঁক। 
ধন্যবাদেৰে। 

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।

Friday, 13 January 2023

*গোলাঘাটত গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭২/২০২৩

*গোলাঘাটত গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*
গোলাঘাট, ১৩ জানুৱাৰী : গোলাঘাট জিলাৰ সদৰত সমাগত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেংক, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত গণৰাজ্য দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ আনহাতে, গণৰাজ্য দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন, কুচকাৱাজৰ বাবে প্ৰয়োজনীয় অনুশীলন আদিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । লগতে প্ৰতিটো বিভাগক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ সময়মতে পালন কৰিবলৈ তেওঁ আহ্বান জনায় । গণৰাজ্য দিৱস সাফল্যমণ্ডিত কৰাৰ বাবে তেওঁ গোলাঘাটবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে । সভাত কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।  সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদীপ হাজৰিকা, চুলতানা আখটাৰা আহমেদ আৰু ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, বিশিষ্ট নিবন্ধকাৰ চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ কমাণ্ডেণ্ট ভি কে বৈষ্ণৱ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বেংকৰ প্ৰতিনিধি আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল । 
        
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত শিপিনীসকলৰ বাবে ক্ৰয় কেন্দ্ৰ মুকলি*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৭১/২০২৩

*গোলাঘাটত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত শিপিনীসকলৰ বাবে ক্ৰয় কেন্দ্ৰ মুকলি*
গোলাঘাট, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ অধীনত আজি গোলাঘাটত শিপিনীসকলৰ বাবে এটা ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় । গোলাঘাটৰ জোনাকী নগৰত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত এই কেন্দ্ৰটো মুকলি কৰা হৈছে । আজি কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে । তেওঁ কয় যে এই ক্ৰয় কেন্দ্ৰ মুকলি হোৱাৰ লগে লগে শিপিনীসকলে নিজে প্ৰস্তুত কৰা বস্ত্ৰৰ উচিত মূল্য আৰু এখন বজাৰ লাভ কৰিব । তেওঁ কাপোৰৰ মানৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাকৈ আগবাঢ়ি যাবলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে শিপিনীসকলৰ কামৰ যাতে উচিত মূল্যায়ন হয় চৰকাৰে তাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছে । মহিলাসকল স্বনিৰ্ভৰ হলে সমাজখন আগুৱাই যাব বুলিও তেওঁ কয় । সভাত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে শিপিনীসকলক এই আঁচনিৰ অধীনত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মান অনুসৰি প্ৰস্তুত কৰা গামোচা, আৰ্ণাই আদি কেনেকৈ ক্ৰয় কেন্দ্ৰটোত বিক্ৰী কৰিব পাৰি এই বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । তেওঁ কয় যে গামোচা বিক্ৰী কৰাৰ পিছত শিপিনীৰ বেংক একাউণ্টত ধন জমা হ'ব । অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ৰাজু প্ৰসাদ বৰা, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক চন্দন শ্ব', জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীৰ লগতে ভালেসংখ্যক শিপিনী উপস্থিত আছিল । আজি বহু শিপিনীয়ে নিজে উৎপাদন কৰা গামোচা আদি ক্ৰয় কেন্দ্ৰটোত বিক্ৰী কৰে । উল্লেখযোগ্য যে এই কেন্দ্ৰত এগৰাকী পঞ্জীয়নভুক্ত শিপিনীয়ে সৰ্বাধিক ১০০ খন নিজে প্ৰস্তুত কৰা গামোচা বা অন্য জনগোষ্ঠীয় গামোচা বিক্ৰী কৰিব পাৰিব । কিন্তু তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা আৰু চৰ্তসমূহ পালন কৰিব লাগিব । গোলাঘাট জিলাত মুঠ ১০,৫৫২ গৰাকী পঞ্জীয়নভুক্ত শিপিনী আছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

৭.০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী

খুমটাইত ৭টা জল জীৱন মিচন প্ৰকল্প উদ্বোধন কৰে বিধায়ক মৃণাল শইকীয়াই 

৭.০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী 

গোলাঘাট ১৩ জানুৱাৰী, ২০২৩

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন হিতকৰ আঁচনি জল জীৱন মিচনৰ অংশ স্বৰূপে আজি খুমটাই সমষ্টিৰ ৭ টাকৈ অঞ্চলত উদ্ধোধন কৰে পানী যোগান আঁচনি। আজি সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই ৭ টা বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে , দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ সপোন আছিল যে দেশৰ জনতাক বিশুদ্ধ খোৱা পানী যোগানেৰে সুস্থ সৱল এখন দেশ গঢ়াৰ। প্ৰধানমন্ত্ৰী গৰাকীৰ এনে সপোনক বাস্তবায়িত কৰাৰ অংশ হিচাপে আজি আমাৰ সমষ্টিৰ ১০৩৫ ঘৰ পৰিয়ালৰ বাবে বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰা হৈছে। ৭.০৩ কোটি টকাৰ বিনিময়ত নিৰ্মিত এই প্ৰকল্প কেইটা ভোগালী বিহুৰ উপহাৰ হিচাপে ৰাইজলৈ আগবঢ়াই দিয়া বুলি উল্লেখ কৰে । আজি উদ্ধোধন কৰা ৭ টা আঁচনিয়েই চাহ বাগিছা অঞ্চলৰ । সেই অনুসৰি ১ নং শেনচোৱা চাহ বাগিছা পানী যোগান আঁচনি, চেপাগুৰি চাহ বাগিছা পানী যোগান আঁচনি, বেতিয়নী চাহ বাগিছা পানী যোগান আঁচনি, ১ নং খাচীচুক চাহ বাগিছা পানী যোগান আঁচনি, ভুলুকীটিং চাহ বাগিছা পানী যোগান আঁচনি, বৰটিং চাহ বাগিছা পানী যোগান আঁচনি আৰু পদুমনি চাহ বাগিছা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত জনস্বাস্থ্য ও কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ কাৰ্যবাহী অভিযন্তা মাধৱ চন্দ্ৰ নাথ, মহকুমা বিষয়া ঈশান খাউণ্ড, খণ্ড বিষয়া লিপিকা গগৈ, CWC JJM বিষয়া বাবুল শইকীয়া, বিজেপি গোলাঘাট জিলাৰ উপ সভাপতি হৰি প্ৰসাদ দত্ত, জিলা পৰিষদৰ সদস্য অৰুণ গগৈ, ধৰিত্ৰী খাউণ্ড, পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আদিকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
NORTHEAST NEWS INDIA

Thursday, 12 January 2023

খুমটাই আদৰ্শ চিকিৎসালয়ত আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাহিলী পৰ্যালোচনা বৈঠক অনুষ্ঠিত

গোলাঘাট ১২ জানুৱাৰী, ২০২৩ঃ
গোলাঘাট জিলাৰ খুমটাই আদৰ্শ চিকিৎসালয়ত আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাহিলী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক প্ৰসৱকালীন যতন, প্ৰতিষেধক প্ৰদান, পৰিয়াল পৰিকল্পনা, যক্ষ্মা, বাহকজনিত ৰোগ, কুষ্ঠ ৰোগ, প্ৰতিষ্ঠানিক প্ৰসৱ আদি স্বাস্থ্যৰ বিভিন্ন মান নিৰ্ণয়কাৰী দিশসমূহৰ ভিত্তিত প্ৰতিটো ব্লকৰ কাম-কাজ বিশদভাৱে পৰ্যালোচনা কৰা হয় । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ গোলাঘাট জিলাৰ বাবে নিয়োজিত ৰাজ্যিক নিৰীক্ষকসকলেও সভাত অংশগ্ৰহণ কৰে । সভাত মৰঙি ৰিপৰ্টিং ইউনিটকে ধৰি সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা যক্ষ্মা দলৰ সদস্য আৰু জিলা যক্ষ্মা বিষয়া, জিলা মেলেৰিয়া বিষয়া আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সদস্য, জিলা টীকাকৰণ বিষয়া, জিলা প্ৰকল্প পৰিচালনা শাখা আৰু ব্লক প্ৰকল্প পৰিচালনা শাখাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

NORTHEAST NEWS INDIA

জীৱ-জন্তুৰ সুৰক্ষা আৰু যতন সম্পৰ্কীয় তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী

গোলাঘাট, ১২ জানুৱাৰী,২০২৩ঃ
গোলাঘাট জিলাৰ কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত ১১ জানুৱাৰীৰ পৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীসকলৰ বাবে সন্ধান আৰু উদ্ধাৰ অভিযান তথা দুৰ্যোগৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষা আৰু যতন সম্পৰ্কীয় তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...