Friday, 13 January 2023

৭.০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী

খুমটাইত ৭টা জল জীৱন মিচন প্ৰকল্প উদ্বোধন কৰে বিধায়ক মৃণাল শইকীয়াই 

৭.০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী 

গোলাঘাট ১৩ জানুৱাৰী, ২০২৩

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন হিতকৰ আঁচনি জল জীৱন মিচনৰ অংশ স্বৰূপে আজি খুমটাই সমষ্টিৰ ৭ টাকৈ অঞ্চলত উদ্ধোধন কৰে পানী যোগান আঁচনি। আজি সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই ৭ টা বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে , দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ সপোন আছিল যে দেশৰ জনতাক বিশুদ্ধ খোৱা পানী যোগানেৰে সুস্থ সৱল এখন দেশ গঢ়াৰ। প্ৰধানমন্ত্ৰী গৰাকীৰ এনে সপোনক বাস্তবায়িত কৰাৰ অংশ হিচাপে আজি আমাৰ সমষ্টিৰ ১০৩৫ ঘৰ পৰিয়ালৰ বাবে বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰা হৈছে। ৭.০৩ কোটি টকাৰ বিনিময়ত নিৰ্মিত এই প্ৰকল্প কেইটা ভোগালী বিহুৰ উপহাৰ হিচাপে ৰাইজলৈ আগবঢ়াই দিয়া বুলি উল্লেখ কৰে । আজি উদ্ধোধন কৰা ৭ টা আঁচনিয়েই চাহ বাগিছা অঞ্চলৰ । সেই অনুসৰি ১ নং শেনচোৱা চাহ বাগিছা পানী যোগান আঁচনি, চেপাগুৰি চাহ বাগিছা পানী যোগান আঁচনি, বেতিয়নী চাহ বাগিছা পানী যোগান আঁচনি, ১ নং খাচীচুক চাহ বাগিছা পানী যোগান আঁচনি, ভুলুকীটিং চাহ বাগিছা পানী যোগান আঁচনি, বৰটিং চাহ বাগিছা পানী যোগান আঁচনি আৰু পদুমনি চাহ বাগিছা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত জনস্বাস্থ্য ও কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ কাৰ্যবাহী অভিযন্তা মাধৱ চন্দ্ৰ নাথ, মহকুমা বিষয়া ঈশান খাউণ্ড, খণ্ড বিষয়া লিপিকা গগৈ, CWC JJM বিষয়া বাবুল শইকীয়া, বিজেপি গোলাঘাট জিলাৰ উপ সভাপতি হৰি প্ৰসাদ দত্ত, জিলা পৰিষদৰ সদস্য অৰুণ গগৈ, ধৰিত্ৰী খাউণ্ড, পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আদিকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...