গোলাঘাট ১২ জানুৱাৰী, ২০২৩ঃ
গোলাঘাট জিলাৰ খুমটাই আদৰ্শ চিকিৎসালয়ত আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাহিলী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক প্ৰসৱকালীন যতন, প্ৰতিষেধক প্ৰদান, পৰিয়াল পৰিকল্পনা, যক্ষ্মা, বাহকজনিত ৰোগ, কুষ্ঠ ৰোগ, প্ৰতিষ্ঠানিক প্ৰসৱ আদি স্বাস্থ্যৰ বিভিন্ন মান নিৰ্ণয়কাৰী দিশসমূহৰ ভিত্তিত প্ৰতিটো ব্লকৰ কাম-কাজ বিশদভাৱে পৰ্যালোচনা কৰা হয় । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ গোলাঘাট জিলাৰ বাবে নিয়োজিত ৰাজ্যিক নিৰীক্ষকসকলেও সভাত অংশগ্ৰহণ কৰে । সভাত মৰঙি ৰিপৰ্টিং ইউনিটকে ধৰি সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা যক্ষ্মা দলৰ সদস্য আৰু জিলা যক্ষ্মা বিষয়া, জিলা মেলেৰিয়া বিষয়া আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সদস্য, জিলা টীকাকৰণ বিষয়া, জিলা প্ৰকল্প পৰিচালনা শাখা আৰু ব্লক প্ৰকল্প পৰিচালনা শাখাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India