Thursday, 29 December 2022

Golaghat News

Golaghat 29 December, 2022:  
Deputy Commissioner, Golaghat Dr P Uday Praveen today chaired a meeting at the conference hall of office of the Deputy Commissioner to review the new guidelines issued by the Govt of Assam regarding issuing of new ration cards and selection of new beneficiaries under Food, Civil Supplies and Consumer Affairs department. The meeting was also discussed about the implementation of various schemes and activities of the department in the district. Smt Dinchengfa Borua, SDO (C), Dhansiri, Shri Jiten Gogoi, DDS, FCS&CA, Shri Binayam Krishna, Inspector, FCS&CA and inspectors from Bokakhat and Dhansiri sub-division were also present in the meeting.

NORTHEAST NEWS INDIA

*গোলাঘাট নগৰৰ বিভিন্ন সমস্যা লৈ আলোচনা*

*গোলাঘাট নগৰৰ বিভিন্ন সমস্যা লৈ আলোচনা*

গোলাঘাট ২৯ ডিচেম্বৰ, ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ইউনাইটেড চেম্বাৰ অব কমাৰ্চৰ বিষয়ববীয়াসকলৰ সৈতে গোলাঘাট নগৰৰ বিভিন্ন সমস্যা লৈ আলোচনা কৰে । বৈঠকত গোলাঘাট নগৰত সম্ভাব্য অগ্নিকাণ্ড ৰোধ কৰিব পৰাকৈ প্ৰয়োজনীয় প্ৰস্তুতি, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মজুত ৰখা, অগ্নি নিৰ্বাপনৰ সময়ত কোনো অসুবিধা নোহোৱাকৈ জুই নুমুওৱা গাড়ীত পানী ভৰোৱাৰ ব্যৱস্থা কৰা আদি সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয় । আলোচনাকালত পাৰ্কিঙৰ সমস্যা, গুৰুত্বপূৰ্ণ ঠাইসমূহত চি চি কেমেৰা সংস্থাপন, ৰাজহুৱা শৌচালয় স্থাপন, পথৰ দাঁতি অথবা যিকোনো স্থানৰ পৰিৱৰ্তে নিৰ্ধাৰিত স্থানলৈ মাছৰ বজাৰ স্থানান্তৰ কৰা, ষ্ট্ৰীট লাইটৰ সমস্যা, বান্দৰৰ সমস্যা আদি বিষয়েও স্থান লাভ কৰে । বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, ইউনাইটেড চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি শ্ৰী কিশোৰ দত্ত, জ্যেষ্ঠ উপ সভাপতি দ্বীপ কলিতা, সাধাৰণ সম্পাদক পৱন বাহেটি আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া তথা চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়া উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

গোলাঘাট নিউজ

গোলাঘাট ২৯ ডিচেম্বৰ, ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি জিলাখনৰ কাকডোঙা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি যেনে এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আধাৰ সংযোগ, পঞ্চদশ বিত্ত আয়োগ, ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা আঁচনি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, অৰুণোদই আদি ৰূপায়ন সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে । বৈঠকত উপায়ুক্তগৰাকীয়ে অৰুণোদইৰ লগতে অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় গৃহ, স্বাস্থ্য কেন্দ্ৰ অথবা চিকিৎসালয় আদি নিৰ্মাণক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, উন্নয়ন খণ্ডটোৰ বিষয়া আৰু কৰ্মচাৰী তথা বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

*গোলাঘাটত সখী ৱান ষ্টপ চেণ্টাৰ, পানী যোগান আঁচনি, পথ মুকলি মন্ত্ৰী অজন্তা নেওগৰ**কেৱল পথ অথবা গৃহ নিৰ্মাণ নহয়, এখন সুস্থ মানসিকতাৰ সমাজহে আমাৰ প্ৰকৃত সাফল্য : নেওগ**নানা প্ৰত্যাহ্বানৰ মাজতো মহিলাসকলক নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ আহ্বান*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৭/২০২২

*গোলাঘাটত সখী ৱান ষ্টপ চেণ্টাৰ, পানী যোগান আঁচনি, পথ মুকলি মন্ত্ৰী অজন্তা নেওগৰ*

*কেৱল পথ অথবা গৃহ নিৰ্মাণ নহয়, এখন সুস্থ মানসিকতাৰ সমাজহে আমাৰ প্ৰকৃত সাফল্য : নেওগ*

*নানা প্ৰত্যাহ্বানৰ মাজতো মহিলাসকলক নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ আহ্বান*

গোলাঘাট, ২৯ ডিচেম্বৰ : বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটত মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এটা সখী ৱান ষ্টপ চেণ্টাৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ন কৰা এখন পানীযোগান আঁচনি আৰু লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা দুটা পথ উদ্বোধন কৰে । গোলাঘাটৰ জোনাকী নগৰত স্থাপন কৰা সখী ৱান ষ্টপ চেণ্টাৰ উদ্বোধন কৰি এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰ কেৱল নিৰ্যাতিত মহিলাসকলৰ বাবে এক সকাহ নহয়, বৰং মহিলা সবলীকৰণৰ দিশত ই আৰু এটা খোজ । তেওঁ কয় যে আমাৰ সাফল্য কেৱল পথ অথবা গৃহ নিৰ্মাণ নহয়, এখন সুস্থ মানসিকতাৰ সমাজ যদি আমি গঢ় দিব পাৰিছোঁ, সেইয়াহে আমাৰ প্ৰকৃত সাফল্য । সমাজ পৰিৱৰ্তনৰ বাবে সমাজৰ পৰা লিংগ বৈষম্য দূৰ হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰধান অস্ত্ৰ হ'ল শিক্ষা আৰু সামাজিক সজাগতা । তেওঁ কয় যে মহিলাসকলে তেওঁলোকৰ সমস্যাবোৰ, মনৰ কথাবোৰ মুকলিকৈ পাতিব পাৰিব লাগিব । অন্যথা কথাবোৰ পুঞ্জীভূত হৈ থাকিলে মহিলাৰ ওপৰত হোৱা নিৰ্যাতন, অন্যায়, যৌন আতিশয্য আদিৰ দৰে ঘটনাসমূহত তেওঁলোকে কেতিয়াও প্ৰকৃত ন্যায় লাভ কৰিব নোৱাৰিব । শিশু, ছোৱালী আৰু মহিলাৰ সুৰক্ষা সুনিশ্চিত নহ'লে আমি সফলতাৰ পথেৰে অগ্ৰসৰ হ'বই নোৱাৰিম বুলি তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে নানা প্ৰত্যাহ্বানৰ মাজতো প্ৰথমে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব লাগিব । তেওঁ ঘৰুৱা হিংসা অথবা নিৰ্যাতনৰ চিকাৰ হোৱা মহিলাসকলকো সাহসেৰে ওলাই আহি নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় ।  

অনুষ্ঠানত দিয়া ভাষণত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে কয় যে এই ৱান ষ্টপ চেণ্টাৰত ঘৰুৱা হিংসা, আশ্ৰয়হীন, মানৱ সৰবৰাহৰ বলি হোৱা আদি মহিলাক বিনামূলীয়া আইন সেৱা, চিকিৎসা সেৱা, আৰক্ষীৰ সহায়, কাউন্সেলিং আৰু ৪ দিন ৫ নিশাৰ বাবে থকা-খোৱাৰ সুবিধা দিয়া হয় আৰু পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি তেওঁলোকক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হয় । তেওঁ কৰ্মক্ষেত্ৰত যৌন আতিশয্যৰ চিকাৰ হোৱা মহিলাসকলক সুৰক্ষাৰ বাবে নিজৰ কৰ্মস্থানৰ সুৰক্ষা সমিতি অথবা স্থানীয় পৰ্যায়ৰ সুৰক্ষা সমিতিৰ ওচৰ চাপিবলৈ আহ্বান জনায় । আনহাতে ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলক সুৰক্ষা বিষয়াৰূপে দায়িত্বপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া অথবা প্ৰয়োজন অনুসৰি জিলা সমাজ কল্যাণ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায় ।

আজিৰ সভাত লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা উদয়ন বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, সমাজ সেৱিকা ৰূপা শইকীয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, বিভাগীয় বিষয়া-কৰ্মচাৰী, বিভিন্ন এন জি অ'ৰ প্ৰতিনিধি আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।

উল্লেখযোগ্য যে লোকনিৰ্মাণ (গৃহ) বিভাগে নিৰ্মাণ কৰা এই ৱান ষ্টপ চেণ্টাৰৰ নিৰ্মাণ ব্যয় ২৪,৩৩, ৫৫২ টকা । 

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে আজি গোলাঘাটৰ পুলিবৰ পঞ্চায়তৰ অধীনত 'জল জীৱন মিছন'ৰ অধীনত এখন পানী যোগান আঁচনি উদ্বোধন কৰে । জানপাৰ পানী যোগান আঁচনিখনৰ অধীনত ২৪৬টা পৰিয়ালক পানী যোগান ধৰা হৈছে । তেওঁ মাটিখোলা পঞ্চায়তৰ অধীনৰ মাটিখোলা-নাহৰজান গ্ৰাণ্ট পথ (দৈৰ্ঘ্য-৫.০০ কিঃমিঃ) আৰু হাতীগড় মাটিখোলা প্রজেক্ট তিনিআলি পথ (দৈৰ্ঘ্য-১.১৮কিঃমিঃ)ৰো উদ্বোধন কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 27 December 2022

২৯ ডিচেম্বৰত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৬/২০২২

*২৯ ডিচেম্বৰত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

গোলাঘাট, ২৭ ডিচেম্বৰ : অসম শক্তি সংবহন নিগম লিমিটেড ( এ ই জি চি এল), বোকাখাতৰ অধীনৰ ১৩২ কে ভি ক্ষমতাসম্পন্ন  যোৰহাট (পশ্চিম)- বোকাখাত বিদ্যুৎ পৰিবাহী লাইনৰ কৰিডৰ পৰিষ্কাৰকৰণৰ অৰ্থে অহা ২৯ ডিচেম্বৰৰ পুৱা ৬.৩০ বজাৰ পৰা ১০ বজালৈ বিদ্যুৎ কৰ্তন কৰা হ'ব । এপিডিচিএলৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কঁহৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব । এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 23 December 2022

*গোলাঘাটত সু-শাসন দিৱস পালন, কৰ্মশালা আৰু বিশেষ গাঁওসভা সম্পন্ন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৪/২০২২

*গোলাঘাটত সু-শাসন দিৱস পালন, কৰ্মশালা আৰু বিশেষ গাঁওসভা সম্পন্ন*
গোলাঘাট, ২৩ ডিচেম্বৰ : গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি এখনি কৰ্মশালা অনুষ্ঠিত হয় । উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা শিৱ প্ৰসাদ বৰা । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰৰ লগতে কৰ্মশালাত প্ৰায় প্ৰতিটো বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে । কৰ্মশালাত সু-প্ৰশাসন ব্যৱস্থাৰ অন্যতম স্তম্ভস্বৰূপ স্বচ্ছতা আৰু দায়বদ্ধতাৰ ওপৰত মুখ্য অতিথিগৰাকীয়ে বিতংভাবে আলোকপাত কৰে । লগতে প্ৰশাসন ব্যৱস্থাক ৰাইজৰ ওচৰ চপাই নিব পৰাকৈ জনসাধাৰণৰ অনুকূল কৰি গঢ় দিয়াৰ ওপৰত বিভিন্নজনে মত প্ৰকাশ কৰে । আজিৰ কৰ্মশালাত কামৰ গতি আৰু ধাৰাবাহিকতাক অক্ষুণ্ণ ৰাখি অধিক ত্বৰান্বিত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয় যাতে সমান্তৰালভাবে উন্নয়নৰ গতিও ক্ষীপ্রতৰ হয় । গোলাঘাটৰ বাবে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয় । উল্লেখযোগ্য যে সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিৱসৰ দিনা অৰ্থাৎ ২৫ ডিচেম্বৰৰ দিনটোত প্ৰতি বছৰে এই দিৱস পালন কৰা হয় । ২৫ ডিচেম্বৰলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা চলিত বৰ্ষৰ সু-শাসন সপ্তাহৰ মূল বিষয়বস্তু হৈছে "গাওঁ অভিমূখে প্ৰশাসন"। প্ৰশাসন ব্যৱস্থাত মূলতঃ অংশীদাৰিত্ব, দায়বদ্ধতা, স্বচ্ছতা আৰু জবাবদিহিতা আদিৰ দৰে বিষয়সমূহ সুনিশ্চিত কৰি জনসাধাৰনক এই সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস তথা সপ্তাহ পালন কৰা হয় । এই দিৱস পালনৰ আন এটা উদ্দেশ্য হ'ল ৰাইজক চৰকাৰৰ ওচৰ চপাই আনি প্ৰশাসনযন্ত্ৰ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশীদাৰিত্ব নিশ্চিত কৰা । গোলাঘাট জিলাত এই সপ্তাহ তথা দিৱসৰ সৈতে সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত বিশেষ গাঁওসভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিভাগৰ উদ্যোগত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে সমস্যাসমূহৰ সমাধানৰ প্ৰয়াস চলোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

সমগ্র মানৱ জাতিলৈ আহ্বান

মা আৰু প্ৰকৃতি
🙏🏾জয় মা আৰু প্ৰকৃতি🙏🏾

মানৱ জাতিলৈ আহ্বান।।

মানৱ জাতিৰ এই পৃথিবীত জীৱন নিৰ্বাহ কৰিবলৈ
 👉🏿এডোখৰ ঠাই 
👉🏿 অলপ মান বস্তু লাজ নিবাৰণ কৰিবলৈ
👉🏿এমুঠি অন্ন খাই জীয়াই থাকিবৰ কাৰণে
👉🏿পানি পিয়াহঁ গুচাবলৈ
👉🏿অলপ মান বিশুদ্ধ বায়ু আৰু
👉🏿এখন সুন্দৰ সব্বাঙ্গীন সমাজ। 
👉🏿 এখন সুন্দৰ প্ৰাকৃতিক পৰিবেশ
এই খিনিয়ে মানৱ জীৱনৰ প্ৰয়োজন এই পৃথিবীত জীয়াই থাকিবলৈ। 
সেই মানৱ জাতি আহঁক আমি সকলোৱে সকলোকে লৈ সকলোকে সহসন্মান জনাই, 

👉🏿লুভ, মোহ, কাম, ক্ৰধ, দম্ভ অংহকাৰ, হিংসা ত্যাগ কৰি, সকলো জীৱকে শান্তিৰে জীয়াই থাকিবলৈ সকলো মানৱ জাতিলৈ আহ্বান জনাইছো।। 
👉🏿কোনো জীৱকে এই পাপ্যৰ পৰা বঞ্চিত নকৰিৱ। সকলোকে এই অধিকাৰ গ্রহণ কৰিব দিয়ক।
👉🏿 কোনো জীৱকোল এই পৃথিবীত চিৰজীৱন জীয়াই থাকিব নোৱাৰে। সকলো এই পৃথিবী এৰি যাব লাগিব। মাথো সময়ৰ ব্যৱধান। 

👉🏿 সমগ্র মানৱ জাতিৰ এই পৃথিবীত এটা ডাঙৰ প্ৰধান কাম টো হৈছে জন্ম নিয়ন্ত্রণ কৰা। জন্ম নিয়ন্ত্রণ কৰিব লাগে, সমগ্র জীৱকোল যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে।। 

আহঁক আমি সকলো মানৱ জাতিয়ে এই নিয়ম পালন কৰো।। 

ধন্যবাদেৰে। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি 
প্ৰতিষ্ঠাপক।।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।