গোলাঘাট ২৯ ডিচেম্বৰ, ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি জিলাখনৰ কাকডোঙা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি যেনে এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আধাৰ সংযোগ, পঞ্চদশ বিত্ত আয়োগ, ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা আঁচনি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, অৰুণোদই আদি ৰূপায়ন সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে । বৈঠকত উপায়ুক্তগৰাকীয়ে অৰুণোদইৰ লগতে অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় গৃহ, স্বাস্থ্য কেন্দ্ৰ অথবা চিকিৎসালয় আদি নিৰ্মাণক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, উন্নয়ন খণ্ডটোৰ বিষয়া আৰু কৰ্মচাৰী তথা বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত আছিল ।
Thursday, 29 December 2022
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India