Friday, 7 October 2022
Thursday, 6 October 2022
Wednesday, 5 October 2022
*গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসৰ ৩ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫১/২০২২
*গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসৰ ৩ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ*
গোলাঘাট, ৫ অক্টোবৰঃ গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে গোলাঘাট জিলা দিৱস । ১৯৮৭ চনৰ আজিৰ দিনটোতেই গোলাঘাটে এখন পূৰ্ণাংগ জিলাৰ মৰ্যাদা লাভ কৰিছিল । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ লগতে বোকাখাত আৰু ধনশিৰি মহকুমাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গোলাঘাট জিলা দিৱসৰ কাৰ্যসূচী আজি পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অর্পা বাগলাৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত জিলা পতাকা উত্তোলন কৰে । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট আৱৰ্ত ভৱনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, জিলা পুথভঁৰাল, শ্বহীদ স্মাৰক আৰু বিভিন্ন ঠাইত থকা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী তৰ্পণ কৰা হয় । সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয় আৰু সমূহ কাৰ্যালয়ত বন্তি প্ৰজ্বলন আৰু আলোকসজ্জিত কৰা হয় । লগতে তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ যোগেদি গোলাঘাট জিলাৰ সম্যক ইতিহাস বৰ্ণন কৰা হয়।
কাইলৈ সমূহ ৰাজহ চক্ৰ, গাঁও, চাপৰি আৰু অন্যান্য ভিতৰুৱা অঞ্চলসমূহত ৰাজহ আদালত, স্বাস্থ্য বিভাগৰ দ্বাৰা গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি শিবিৰ, এমজিএনৰেগাৰ অধীনত নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন, মডেল অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন, UDID কাৰ্ড বিতৰণ আদি অনুষ্ঠিত হ'ব । লগতে স্কুল তথা মহাবিদ্যালয় সমূহত জিলা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ মাজত গোলাঘাট জিলাৰ চমু ইতিহাস বৰ্ণনৰ কাৰ্যসূচী লোৱা হৈছে । ইয়াৰ উপৰি বিভিন্ন বিভাগৰ অধীনত বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা কাৰ্যসূচী হাতত লোৱা হৈছে ।
৭ অক্টোবৰত বীৰাংগণা সাধনী কলাক্ষেত্ৰত স্কুলসমূহৰ মাজত কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সেইদিনা সন্ধিয়া বীৰাংগণা সাধনী কলাক্ষেত্ৰত এখন সভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Tuesday, 4 October 2022
*পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা*
৪ অক্টোৱৰ ২০২২ঃ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত তথা কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাক পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত উল্লেখ কৰে যে মা দূৰ্গা শক্তি সাহস আৰু কৰুনাৰ প্ৰতিমূৰ্ত্তিৰ প্ৰতীক। সেয়ে মা আৰু প্ৰকৃতি ৰ মহানতাৰে অসম ৰাজ্যৰ প্ৰতি টো পৰিয়ালৰ কল্যান হওক তাৰে কামনা কৰে।
NORTHEAST NEWS INDIA
*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*
৪ অক্টোৱৰ২০২২ঃ মা আৰু প্ৰকৃতি নগাঁও জিলাৰ কমিটিৰ সভাপতি তথা কেন্দ্রীয় কমিটিৰ উপ-সভাপতি বিশিষ্ট উদ্যোগী সমাজ কৰ্মী লেখক কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাই শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত নগাঁৱৰ ক্ৰমে বিহাৰী গাঁও পাথৰি কেন্দ্ৰীয় কমিটিয়ে তেওঁক বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান জনায়।
NORTHEAST NEWS INDIA
Sunday, 2 October 2022
*গোলাঘাট পৌৰসভালৈ পুনৰ স্বচ্ছ সর্বেক্ষণ বঁটা**নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫০/২০২২
*গোলাঘাট পৌৰসভালৈ পুনৰ স্বচ্ছ সর্বেক্ষণ বঁটা*
*নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*
গোলাঘাট, ২ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ১৪ খন পৌৰ সভালৈ ২০২২ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । গোলাঘাট পৌৰ সভাই পুনৰ এবাৰ ২০২২ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত অসমৰ আন ১৪ খন পৌৰসভাৰ লগতে গোলাঘাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা আৰু কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰে এই বঁটা গ্ৰহণ কৰে । উল্লেখযোগ্য যে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ শ্ৰেনীত গোলাঘাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে উদ্ভাৱনী অনুশীলনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে । গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক বিভিন্ন উদ্ভাৱনী কৌশলেৰে পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...