Wednesday, 28 September 2022

Notification

*গোলাঘাটত শাৰদী মেলা উদ্বোধন আৰু মীন পালকলৈ বাহন প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অজন্তা নেওগৰ**পানী মেটেকা উদ্যোগৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ, যুৱক- যুৱতীসকলক মৎস্য পালনেৰে স্বাৱলম্বী হোৱাৰ আহ্বান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৯/২০২২

*গোলাঘাটত শাৰদী মেলা উদ্বোধন আৰু মীন পালকলৈ বাহন প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অজন্তা নেওগৰ*

*পানী মেটেকা উদ্যোগৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ, যুৱক- যুৱতীসকলক মৎস্য পালনেৰে স্বাৱলম্বী হোৱাৰ আহ্বান*
গোলাঘাট, ২৮ ছেপ্টেম্বৰ : বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ জোনাকী নগৰত থকা জোনাকী সংঘৰ খেলপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শাৰদী মেলা উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে বেংকৰ সৈতে মহিলাসকলৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । মহিলাই সমাজ শক্তিশালী কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলা সবলীকৰণৰ বাবে চৰকাৰে অৰুণোদয়ৰ দৰে আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে মহিলাক অগ্ৰাধিকাৰ দিছে । মন্ত্ৰীগৰাকীয়ে পানী মেটেকা উদ্যোগৰ প্ৰসাৰ আৰু এই ক্ষেত্ৰত মহিলাসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ঋণ ল'বলৈ ভয় খাব নালাগে, কেৱল সময়মতে পৰিশোধ কৰিব লাগে । মহিলাসকলৰ সহযোগ অবিহনে আমি অসমক দেশৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিব নোৱাৰিম বুলি উল্লেখ কৰি তেওঁ অসমৰ জনমূৰি আয় বৃদ্ধি কৰাৰ দিশত কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসেও ভাষণ দিয়ে । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, পদুমণি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি সন্দিকৈ বৰা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া মাধুৰ্য প্ৰসাদ বৰা, খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত আছিল । উল্লেখযোগ্য যে এই মেলাত জিলাখনৰ ৮টা উন্নয়ন খণ্ডৰ বিভিন্ন আত্মসহায়ক গোটৰ ৩০ খন বিপনী খোলা হৈছে ।  

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি মীন বিভাগৰ জৰিয়তে দুজন মীন পালকলৈ দুখন ১৫ লাখ টকীয়া বাহন আনুষ্ঠানিকভাবে আগবঢ়ায় । জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰ আই ডি এফ আঁচনিৰ অধীনত শীতলীকৃত মাছ পৰিবহন বাহন দুখন আগবঢ়োৱা হয় । মীন পালনৰ জৰিয়তে এই দুয়োজন যুৱকে বছৰি ৫ লাখৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ যুৱক - যুৱতীসকলক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা মীন উন্নয়ন বিষয়া সীমান্ত কোঁৱৰ আৰু ভালেসংখ্যক লোক উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 27 September 2022

*কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস ২০২২ উদযাপন**পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে আতিথ্য আন্তঃগাঁথনি আৰু পৰ্যটন অনুকূল পৰিৱেশ সৃষ্টি হৈছে মূল চাবিকাঠি: জয়ন্ত মল্লবৰুৱা*

*কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস ২০২২ উদযাপন*

*পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে আতিথ্য আন্তঃগাঁথনি আৰু পৰ্যটন অনুকূল পৰিৱেশ সৃষ্টি হৈছে মূল চাবিকাঠি: জয়ন্ত মল্লবৰুৱা*

*কাজিৰঙা, ২৭ ছেপ্টেম্বৰ:* আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবাৰুৰ উপস্থিতিত পৰ্যটন বিভাগ,অসমৰ দ্বাৰা কাজিৰঙাৰ কঁহৰাত বিশ্ব পৰ্যটন দিৱস,২০২২ উদযাপন কৰা হয়। অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শিত কৰি এক সাংস্কৃতিক সমাৱেশেৰে আৰম্ভ কৰা  এই অনুষ্ঠানৰ  পৰৱৰ্তী পৰ্যায়ত "পৰ্য্যটন পুনৰচিন্তন" আলোচনা চক্ৰ অনুষ্ঠিত হয়। মুকলি অধিবেশনত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱে পৰ্যটনক লৈ মত ব্যক্ত কৰি সাংস্কৃতিক বিনিময় আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যটক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে আউটষ্টেচন পৰ্যটকৰ বাবে উপযুক্ত আতিথ্য নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰ্যটন আৰু আতিথ্য উদ্যোগীসকলে আতিথ্য আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে আৰু উদ্যোগীসকলক সুবিধা আৰু প্ৰচাৰৰ বাবে চৰকাৰে অনুঘটক হিচাপে কাম কৰিব। তেওঁ আৰু কয় যে ৰাজ্য বা দেশৰ বাহিৰত বসবাস কৰা পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সংবাদ মাধ্যমে অসমৰ ইতিবাচক দিশসমূহ আলোকপাত কৰিব লাগে। "অসমৰ পৰ্যটন বেছিভাগেই ধৰ্মীয়, প্ৰত্নতাত্ত্বিক আৰু বন্যপ্ৰাণীকেন্দ্ৰিক, গতিকে এই দিশসমূহক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি সম্ভাৱনা আৰু অধিক বিচাৰি উলিওৱাটো প্ৰয়োজন" মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়।

একেটা অনুষ্ঠানতে "অনুপম অসম" নামেৰে এখন কফি টেবুল বুকও উদ্বোধন কৰে মন্ত্ৰী মল্লবৰুৱাই।

মন্ত্ৰী অতুল বৰা, অতিৰিক্ত মূখ্য সচিব মণিন্দৰ সিং, এ টি ডি চি ৰ অধ্যক্ষ, ঋতুপৰ্ণ বৰুৱা; এ টি ডি চি ৰ উপাধ্যক্ষ, দিলীপ দাস;এম ডি এ টি ডি চি, কুমাৰ পদ্মপানী বৰা, অ’ এছ ডি পৰ্যটন বিভাগ ৰজবী হুছেইনৰ লগতে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

NORTHEAST NEWS INDIA

Monday, 26 September 2022

চিন্তন শিবিৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ, অৰ্থনীতিবিদ ডঃ বিবেক দেৱৰয়ৰ অংশগ্ৰহণ**মাটি আৰু পানীক লৈ থকা প্ৰত্যাহ্বানসমূহৰ সমাধানসূত্ৰ উলিয়াব পাৰিলেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ : দেৱৰয়**চিন্তন শিবিৰ আন্তঃবিভাগীয় বিষয়সমূহ আলোচনাৰ এখন উৎকৃষ্ট মঞ্চ : মুখ্য সচিব*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৮/২০২২

*চিন্তন শিবিৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ, অৰ্থনীতিবিদ ডঃ বিবেক দেৱৰয়ৰ অংশগ্ৰহণ*

*মাটি আৰু পানীক লৈ থকা প্ৰত্যাহ্বানসমূহৰ সমাধানসূত্ৰ উলিয়াব পাৰিলেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ : দেৱৰয়*

*চিন্তন শিবিৰ আন্তঃবিভাগীয় বিষয়সমূহ আলোচনাৰ এখন উৎকৃষ্ট মঞ্চ : মুখ্য সচিব*
গোলাঘাট, ২৬ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰৰ আজি সামৰণি পৰে । আজি অন্তিম দিনাও ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য আৰু প্ৰত্যাহ্বান সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয় । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ বিবেক দেৱৰয়, পৰিষদৰ সদস্য সঞ্জীৱ সান্যাল আৰু যুটীয়া সচিব পৱন কুমাৰ চেইনে অংশগ্ৰহণ কৰে । অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষগৰাকীয়ে কয় যে পঞ্চভূতৰ ভিতৰত মাটি আৰু পানীক লৈ থকা প্ৰত্যাহ্বানসমূহৰ সমাধানসূত্ৰ উলিয়াব পাৰিলেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব । তেওঁ বিশেষকৈ ভূমিৰ মালিকীস্বত্ব, ভূমি অধিগ্ৰহণ তথা ক্ষতিপুৰণ আদি বিষয়সমূহক লৈ সৃষ্টি হোৱা সমস্যাসমূ্হৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভূমি আৰু পানীৰ পৰ্যাপ্ত ব্যৱহাৰে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাট মুকলি কৰিব বুলি উল্লেখ কৰি তেওঁ এই বিষয়সমূহৰ সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণে কিদৰে ভূমিৰ মালিকীস্বত্ব আৰু অন্য বিষয়সমূহৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ লগতে সদগুৰুৰ সৈতে হোৱা অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিষয়ক বুজাবুজিৰ চুক্তিৰ শলাগ লয় । অনুষ্ঠানত পৰিষদৰ সদস্য সঞ্জীৱ সান্যালে ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে অসমত চাহ উদ্যোগ আৰু অন্যান্য ক্ষেত্ৰত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে । কেতবোৰ নতুন পদক্ষেপৰ দ্বাৰা এই খণ্ডৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব পৰা যায় বুলি তেওঁ কয় । অনুষ্ঠানত পৰিষদৰ যুটীয়া সচিব পৱন কুমাৰ চেইনে দেশৰ প্ৰতিখন ৰাজ্যৰ বিকাশ হ'লেহে দেশৰ বিকাশ হ'ব বুলি উল্লেখ কৰি কয় যে তাৰ বাবে সকলোৱে দলীয় মানসিকতাৰে কাম কৰিব লাগিব । 

আজিৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে কয় যে চিন্তন শিবিৰে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগক এনে এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰিলে য'ত সকলোৱে নিজৰ অধীনস্থ বিষয়সমূহ, কাম-কাজসমূহ, পৰিকল্পনা, লক্ষ্য আৰু প্ৰত্যাহ্বানসমূহ মুকলিকৈ আলোচনা কৰাৰ এটা সুযোগ লাভ কৰিলে । প্ৰতিটো বিভাগে এই শিবিৰত আন্তঃবিভাগীয় বিষয়সমূহ আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভৱিষ্যত পৰিকল্পনা তথা লক্ষ্যপ্ৰাপ্তি ভালেখিনি প্ৰত্যাহ্বানমুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে । 

আজিৰ অনুষ্ঠানত গ্ৰামোন্নয়ন আৰু নগৰীয়া খণ্ডৰ অন্তৰ্গত বিষয়বস্তুমূলক প্ৰেজেণ্টেচন আগবঢ়ায় অতিৰিক্ত মুখ্য সচিব মুনিন্দৰ সিঙে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে গ্ৰামোন্নয়ন বিষয়ক আৰু গৃহনিৰ্মাণ আৰু নগৰীয়া পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভণে নগৰ উন্নয়ন বিষয়ক আলোচনাত অংশগ্ৰহন কৰে । আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব আজিজ কুমাৰ বুটানিয়ে কৃষি আৰু আনুসংগিক খণ্ড যেনে পশুপালন, পশুচিকিৎসা, মৎস্যপালন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিষয় সম্পৰ্কীয় আলোচনাত ভাগ লয় । ৰাজহ সৃষ্টি খণ্ড সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু তেওঁৰ দলে বিষয়বস্তুমূলক প্ৰেজেণ্টেচন আগবঢ়ায় । আটাইকেইটা বিভাগে যোৱা ৫ বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায় । তদুপৰি এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা সম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰা হয় । আনহাতে কালি নিশা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সন্দৰ্ভত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰীয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেচন আগবঢ়ায় । লগতে সামাজিক খণ্ডৰ আলোচনাত ভাগ লয় অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামালে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 25 September 2022

*চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত শ্ৰী শ্ৰী ৰবি শংকৰৰ অংশগ্ৰহণ**হিংসামুক্ত সমাজ, ৰোগমুক্ত দেহ, বিভ্ৰান্তিমুক্ত মন, বাধাহীন জ্ঞান, আঘাতমুক্ত স্মৃতি আৰু দুখমুক্ত আত্মা প্ৰতিজন ব্যক্তিৰ জন্মস্বত্ব অধিকাৰ : শ্ৰী শ্ৰী ৰবি শংকৰ**আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত কেইবাটাও বিভাগৰ ২০২৬ চনৰ পূৰ্বে লক্ষ্যপ্ৰাপ্তিৰ হেতু যুগুত কৰা পৰিকল্পনা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৭/২০২২

*চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত শ্ৰী শ্ৰী ৰবি শংকৰৰ অংশগ্ৰহণ*

*হিংসামুক্ত সমাজ, ৰোগমুক্ত দেহ, বিভ্ৰান্তিমুক্ত মন, বাধাহীন জ্ঞান, আঘাতমুক্ত স্মৃতি আৰু দুখমুক্ত আত্মা প্ৰতিজন ব্যক্তিৰ জন্মস্বত্ব অধিকাৰ : শ্ৰী শ্ৰী ৰবি শংকৰ*

*আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত কেইবাটাও বিভাগৰ ২০২৬ চনৰ পূৰ্বে লক্ষ্যপ্ৰাপ্তিৰ হেতু যুগুত কৰা পৰিকল্পনা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা*

গোলাঘাট, ২৫ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰৰ আজি দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু আমোলাৰ উপস্থিতিত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰে তেখেতৰ মূল্যবান প্ৰৱচন আগবঢ়ায় । তেওঁ অনুষ্ঠানত অংশ লোৱা মন্ত্ৰী, বিধায়ক আৰু বিষয়াসকলক উদ্দেশ্যি কয় যে হিংসামুক্ত সমাজ, ৰোগমুক্ত দেহ, বিভ্ৰান্তিমুক্ত মন, বাধাহীন জ্ঞান, আঘাতমুক্ত স্মৃতিশক্তি আৰু দুখমুক্ত আত্মা প্ৰতিজন ব্যক্তিৰ জন্মস্বত্ব অধিকাৰ । তেওঁ খঙক মানুহৰ এটা সহজাত প্ৰবৃত্তি বুলি উল্লেখ কৰি কয় যে এই খং চিৰস্থায়ী হ'লে ক্ষতিৰ আশংকা বাঢ়ি যায় । তেওঁ কয় যে আচলতে খং কৰি নিজকহে শাস্তি দিয়া হয়, কাৰণ খঙে মানুহৰ ইমানেই ক্ষতি কৰে যে ব্যক্তিসত্বাৰ মাজত থকা ইতিবাচক ধাৰণাসমূহ লোপ পাবলৈ আৰম্ভ কৰে । খঙক আটাইতকৈ মূল্যৱান হিচাপে আৰু হাঁহিক আটাইতকৈ কমখৰচী হিচাপে গণ্য কৰি জীৱনৰ পথত আগবাঢ়িবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । তেওঁ ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন হেতু "মাল্টি ক্ৰপিং" অৰ্থাৎ কেইবাবিধো শস্যৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অসমৰ মানুহক ভাল আৰু শান্তিপ্ৰিয় বুলি প্ৰশংসা কৰে । আধ্যাত্মিক গুৰুগৰাকীয়ে মানসিক স্বাস্থ্য সবল কৰি ৰখাত গুৰুত্ব আৰোপ কৰি কয় যে ধ্যানে বহু সমস্যা সমাধানৰ পথ উলিয়াব পাৰে । তেওঁ সকলোকে পুৱা কাৰ্যালয়লৈ অহাৰ পূৰ্বে কিছু সময় ধ্যান কৰিবলৈ আহ্বান জনায় । আনহাতে উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মূল সুঁতিলৈ ওভতাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকাৰ তেওঁ শলাগ লয় । তেওঁ কয় যে কেৱল কথা পাতিয়েই বহু সমস্যা সমাধান কৰিব পাৰি । তেওঁ বিষয়াসকলক উদ্দেশ্যি কয় যে অধিকাংশ সংঘাত আলোচনাৰ অভাৱৰ বাবে হোৱা দেখা যায় । তেওঁ কাৰ্যালয়ৰ যিকোনো বৰ্গৰ কৰ্মচাৰীসকলক হেয় জ্ঞান নকৰি এটা মানৱীয় সম্পৰ্ক ৰক্ষা কৰি 'টিম' হিচাপে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে নিম্নবৰ্গৰ কৰ্মচাৰী এজনকো নিজৰ ধাৰণা আৰু চিন্তাসমূহ ব্যক্ত কৰাৰ সুযোগ দিয়া উচিত, কিয়নো কেতিয়াবা তেনে এজন কৰ্মচাৰীৰ পৰাই সৃজনীমূলক নব্য ধাৰণা ওলাই আহিব পাৰে । তেওঁ কয় যে যদি চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নিজৰ কাম পেলাই নোথোৱাকৈ উদ্যমেৰে সময়মতে সম্পন্ন কৰে, তেনেহ'লে সমাজলৈ আমূল পৰিৱৰ্তন আহিব । আধ্যাত্মিক গুৰুগৰাকীয়ে উপস্থিত মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে এটা মত-বিনিময় কাৰ্যসূচীতো ভাগ লয় । 

আজিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম, শ্ৰীযুত পৰিমল শুক্লবৈদ্য, শ্ৰীযুত কেশৱ মহন্ত, শ্ৰীযুত ৰনোজ পেগু, শ্ৰীযুত অশোক সিংহল, শ্ৰীযুত যোগেন মহন, শ্ৰীযুত সঞ্জয় কিষাণ, শ্ৰীযুতা অজন্তা নেওগ, শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, শ্ৰীযুত পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল ।

আজিৰ অনুষ্ঠানৰ অংশৰূপে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ আব্বাচিয়ে উদ্যোগ, আন্তঃগাথঁনি আৰু উদ্ভাৱনী শীৰ্ষক বিষয় লৈ আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত বিভিন্ন বিভাগৰ আলোচনাত অংশ লয় । আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত কেইবাটাও বিভাগে অনুষ্ঠানত প্ৰেজেণ্টেচন আগবঢ়ায় । ইয়াৰ ভিতৰত লোকনিৰ্মাণ, শক্তি, জলসিঞ্চন, সংহত বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থাপনা, জল জীৱন অভিযান, উদ্যোগ, পৰিবহণ আৰু তথ্য-প্ৰযুক্তি আদি খণ্ড অন্যতম । আটাইকেইটা বিভাগে যোৱা ৫ বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায় । তদুপৰি এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা সম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও অৱলোকন কৰা হয় । আনহাতে ৰাজহ প্ৰশাসন সন্দৰ্ভত কৰ্ণাটকৰ জৰীপ, বন্দোৱস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্ত মুনিষ মৌদগীলে প্ৰেজেন্টেচন আগবঢ়ায় । অনুষ্ঠানত ইজ অৱ ডুয়িং বিজনেছ সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব সমীৰ শৰ্মা আৰু নগৰীয়া আন্তঃগাথঁনি আৰু নগৰ পৰিক্ৰমা বিষয় লৈ উত্তৰ প্ৰদেশৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰই প্ৰেজেণ্টেচন আগবঢ়ায় ।  অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আজি পুৱাৰ ভাগত বৰগছ ৰিজৰ্টত আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা মন্ত্ৰী-বিষয়াসকলক যোগাভ্যাসো কৰোৱা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 24 September 2022

*আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ*

*আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ*


২৪ ছেপ্টেম্বৰ ২০২২ঃ অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশত সুপৰিকল্পনা আৰু নতুন চিন্তাৰ উন্মেষ ঘটাই ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ আজি আধ্যাত্মিক গুৰু সদ্ গুৰু জগ্গি বাসুদেৱ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ সদ্ গুৰুৱে তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়ায় । অনুষ্ঠানৰ অংশৰূপে সদ্ গুৰুৰ ইছা ফাউণ্ডেছনৰ দ্বাৰা ৰূপায়িত "ছেভ ছয়ল" শীৰ্ষক অভিযান সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় । ভূমিৰ বহনক্ষম ব্যৱহাৰ আৰু মাটিৰ অৱক্ষয় ৰোধ কৰাৰ বাবে এই বুজাবুজিৰ চুক্তি নীতি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নথি হ'ব বুলি আশা কৰা হৈছে । দ্বিতীয় দিনা অৰ্থাৎ কাইলৈৰ কাৰ্যসূচীত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰে অংশগ্ৰহণ কৰিব । 

আজিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম, শ্ৰীযুত পৰিমল শুক্লবৈদ্য, শ্ৰীযুত কেশৱ মহন্ত, শ্ৰীযুত ৰনোজ পেগু, শ্ৰীযুত অশোক সিংহল, শ্ৰীযুত যোগেন মহন, শ্ৰীযুত সঞ্জয় কিষাণ, শ্ৰীযুতা অজন্তা নেওগ, শ্ৰীযুত পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...