Saturday, 24 September 2022

*আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ*

*আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ*


২৪ ছেপ্টেম্বৰ ২০২২ঃ অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশত সুপৰিকল্পনা আৰু নতুন চিন্তাৰ উন্মেষ ঘটাই ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ আজি আধ্যাত্মিক গুৰু সদ্ গুৰু জগ্গি বাসুদেৱ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ সদ্ গুৰুৱে তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়ায় । অনুষ্ঠানৰ অংশৰূপে সদ্ গুৰুৰ ইছা ফাউণ্ডেছনৰ দ্বাৰা ৰূপায়িত "ছেভ ছয়ল" শীৰ্ষক অভিযান সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় । ভূমিৰ বহনক্ষম ব্যৱহাৰ আৰু মাটিৰ অৱক্ষয় ৰোধ কৰাৰ বাবে এই বুজাবুজিৰ চুক্তি নীতি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নথি হ'ব বুলি আশা কৰা হৈছে । দ্বিতীয় দিনা অৰ্থাৎ কাইলৈৰ কাৰ্যসূচীত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰে অংশগ্ৰহণ কৰিব । 

আজিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম, শ্ৰীযুত পৰিমল শুক্লবৈদ্য, শ্ৰীযুত কেশৱ মহন্ত, শ্ৰীযুত ৰনোজ পেগু, শ্ৰীযুত অশোক সিংহল, শ্ৰীযুত যোগেন মহন, শ্ৰীযুত সঞ্জয় কিষাণ, শ্ৰীযুতা অজন্তা নেওগ, শ্ৰীযুত পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...