জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৮/২০২২
*চিন্তন শিবিৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ, অৰ্থনীতিবিদ ডঃ বিবেক দেৱৰয়ৰ অংশগ্ৰহণ*
*মাটি আৰু পানীক লৈ থকা প্ৰত্যাহ্বানসমূহৰ সমাধানসূত্ৰ উলিয়াব পাৰিলেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ : দেৱৰয়*
*চিন্তন শিবিৰ আন্তঃবিভাগীয় বিষয়সমূহ আলোচনাৰ এখন উৎকৃষ্ট মঞ্চ : মুখ্য সচিব*
গোলাঘাট, ২৬ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰৰ আজি সামৰণি পৰে । আজি অন্তিম দিনাও ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য আৰু প্ৰত্যাহ্বান সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয় । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ বিবেক দেৱৰয়, পৰিষদৰ সদস্য সঞ্জীৱ সান্যাল আৰু যুটীয়া সচিব পৱন কুমাৰ চেইনে অংশগ্ৰহণ কৰে । অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষগৰাকীয়ে কয় যে পঞ্চভূতৰ ভিতৰত মাটি আৰু পানীক লৈ থকা প্ৰত্যাহ্বানসমূহৰ সমাধানসূত্ৰ উলিয়াব পাৰিলেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব । তেওঁ বিশেষকৈ ভূমিৰ মালিকীস্বত্ব, ভূমি অধিগ্ৰহণ তথা ক্ষতিপুৰণ আদি বিষয়সমূহক লৈ সৃষ্টি হোৱা সমস্যাসমূ্হৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভূমি আৰু পানীৰ পৰ্যাপ্ত ব্যৱহাৰে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাট মুকলি কৰিব বুলি উল্লেখ কৰি তেওঁ এই বিষয়সমূহৰ সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণে কিদৰে ভূমিৰ মালিকীস্বত্ব আৰু অন্য বিষয়সমূহৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ লগতে সদগুৰুৰ সৈতে হোৱা অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিষয়ক বুজাবুজিৰ চুক্তিৰ শলাগ লয় । অনুষ্ঠানত পৰিষদৰ সদস্য সঞ্জীৱ সান্যালে ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে অসমত চাহ উদ্যোগ আৰু অন্যান্য ক্ষেত্ৰত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে । কেতবোৰ নতুন পদক্ষেপৰ দ্বাৰা এই খণ্ডৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব পৰা যায় বুলি তেওঁ কয় । অনুষ্ঠানত পৰিষদৰ যুটীয়া সচিব পৱন কুমাৰ চেইনে দেশৰ প্ৰতিখন ৰাজ্যৰ বিকাশ হ'লেহে দেশৰ বিকাশ হ'ব বুলি উল্লেখ কৰি কয় যে তাৰ বাবে সকলোৱে দলীয় মানসিকতাৰে কাম কৰিব লাগিব ।
আজিৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে কয় যে চিন্তন শিবিৰে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগক এনে এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰিলে য'ত সকলোৱে নিজৰ অধীনস্থ বিষয়সমূহ, কাম-কাজসমূহ, পৰিকল্পনা, লক্ষ্য আৰু প্ৰত্যাহ্বানসমূহ মুকলিকৈ আলোচনা কৰাৰ এটা সুযোগ লাভ কৰিলে । প্ৰতিটো বিভাগে এই শিবিৰত আন্তঃবিভাগীয় বিষয়সমূহ আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভৱিষ্যত পৰিকল্পনা তথা লক্ষ্যপ্ৰাপ্তি ভালেখিনি প্ৰত্যাহ্বানমুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে ।
আজিৰ অনুষ্ঠানত গ্ৰামোন্নয়ন আৰু নগৰীয়া খণ্ডৰ অন্তৰ্গত বিষয়বস্তুমূলক প্ৰেজেণ্টেচন আগবঢ়ায় অতিৰিক্ত মুখ্য সচিব মুনিন্দৰ সিঙে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে গ্ৰামোন্নয়ন বিষয়ক আৰু গৃহনিৰ্মাণ আৰু নগৰীয়া পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভণে নগৰ উন্নয়ন বিষয়ক আলোচনাত অংশগ্ৰহন কৰে । আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব আজিজ কুমাৰ বুটানিয়ে কৃষি আৰু আনুসংগিক খণ্ড যেনে পশুপালন, পশুচিকিৎসা, মৎস্যপালন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিষয় সম্পৰ্কীয় আলোচনাত ভাগ লয় । ৰাজহ সৃষ্টি খণ্ড সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু তেওঁৰ দলে বিষয়বস্তুমূলক প্ৰেজেণ্টেচন আগবঢ়ায় । আটাইকেইটা বিভাগে যোৱা ৫ বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায় । তদুপৰি এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা সম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰা হয় । আনহাতে কালি নিশা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সন্দৰ্ভত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰীয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেচন আগবঢ়ায় । লগতে সামাজিক খণ্ডৰ আলোচনাত ভাগ লয় অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামালে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India