Saturday, 23 April 2022
গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ
*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৩
*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*
গোলাঘাট, ২৩ এপ্ৰিল : গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজি মৰঙী ৰাজহ চক্ৰৰ অধীনৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । তেওঁ সখী স্বেচ্ছাসেৱীসকলক উদ্দেশ্যি কয় যে সাধাৰণতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে মানুহ আতংকিত হৈ পৰে আৰু প্ৰায়ে অগ্নি নিৰ্বাপন যন্ত্ৰ মজুত নথকাৰ ফলত অথবা থাকিলেও ব্যৱহাৰ কৰিবলৈ ভয় কৰে । এই প্ৰশিক্ষণে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মহিলাসকলক যথেষ্ট সাহস দিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত অন্য গাঁৱতো এনে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । নুমলিগড় শোধনাগাৰ লিমিটেডৰ অগ্নি নিৰ্বাপন বিভাগৰ এটা দলে সখী স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপন যন্ত্ৰৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখযোগ্য যে সখী স্বেচ্ছাসেৱীসকলক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কেনেকৈ জুই নুমুৱাব লাগে আৰু এনে ঘটনা যাতে সংঘটিত নহয় তাৰবাবে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল । আজিৰ প্ৰশিক্ষণতে সখী স্বেচ্ছাসেৱীসকলক গাঁৱত সৰু-সুৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে প্ৰথম সঁহাৰি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ অগ্নি নিৰ্বাপন যন্ত্ৰ প্ৰদান কৰা হয় । প্ৰশিক্ষণত ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষণকালত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ, প্ৰাধিকৰণৰ কেইবাগৰাকীও ক্ষেত্ৰ বিষয়া আৰু এন আৰ এলৰ প্ৰতিনিধি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Friday, 22 April 2022
*গোলাঘাট জিলাতো ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান**পি এম কিষাণৰ হিতাধিকাৰী সকলক কেচিচিৰ সুবিধা লোৱাৰ লগতে কৃষি বীমা কৰোৱাবলৈ উপায়ুক্তৰ আহ্বান*
দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান।
Thursday, 21 April 2022
Wednesday, 20 April 2022
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...