Saturday, 23 April 2022

*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*

 জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৩


*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*



গোলাঘাট, ২৩ এপ্ৰিল : গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজি মৰঙী ৰাজহ চক্ৰৰ অধীনৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । তেওঁ সখী স্বেচ্ছাসেৱীসকলক উদ্দেশ্যি কয় যে সাধাৰণতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে মানুহ আতংকিত হৈ পৰে আৰু প্ৰায়ে অগ্নি নিৰ্বাপন যন্ত্ৰ মজুত নথকাৰ ফলত অথবা থাকিলেও ব্যৱহাৰ কৰিবলৈ ভয় কৰে । এই প্ৰশিক্ষণে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মহিলাসকলক যথেষ্ট সাহস দিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত অন্য গাঁৱতো এনে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । নুমলিগড় শোধনাগাৰ লিমিটেডৰ অগ্নি নিৰ্বাপন বিভাগৰ এটা দলে সখী স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপন যন্ত্ৰৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখযোগ্য যে সখী স্বেচ্ছাসেৱীসকলক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কেনেকৈ জুই নুমুৱাব লাগে আৰু এনে ঘটনা যাতে সংঘটিত নহয় তাৰবাবে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল । আজিৰ প্ৰশিক্ষণতে সখী স্বেচ্ছাসেৱীসকলক গাঁৱত সৰু-সুৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে প্ৰথম সঁহাৰি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ অগ্নি নিৰ্বাপন যন্ত্ৰ প্ৰদান কৰা হয় । প্ৰশিক্ষণত ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষণকালত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ  জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ, প্ৰাধিকৰণৰ কেইবাগৰাকীও ক্ষেত্ৰ বিষয়া আৰু এন আৰ এলৰ প্ৰতিনিধি উপস্থিত আছিল । 

   

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...