Saturday, 23 April 2022

গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ

গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ

গোলাঘাট, ২৩ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষকে ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ অভিযান সফল কৰাৰ উদ্দেশ্যে সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগৰ অংশগ্ৰহণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে ৷ উদ্যোগ খণ্ডৰে জড়িত শ্ৰমিক আৰু কৰ্মচাৰীৰ মাজত যক্ষ্মা ৰোগৰ আশংকা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যোগসমূহে যক্ষ্মামুক্ত অভিযানত বিশেষ ভূমিকা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাখনক যক্ষ্মামূক্ত কৰাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।  ইতিমধ্যে যোৱা ১৮ ছেপ্টেম্বৰত এন আৰ এল, ভি কে এন আৰ এল আৰু জিলা যক্ষ্মা কাৰ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ তাৰে অংশৰূপে এন আৰ এল কৰ্তৃপক্ষই যোৱা ২০ এপ্ৰিলত গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে প্লাটিনাম শাখাত আনুষ্ঠানিকভাৱে সংকল্প গ্ৰহণ কৰে ৷ এই উপলক্ষে উক্ত দিনা এখন সভা অনুষ্ঠিত হয় । সভাত এন আৰ এলৰ মুখ্য পৰিচালক কাজল শইকীয়া, নতুন দিল্লীৰ দিপাঙ্কৰ ভট্টাচাৰ্য, গুলচন বৰা আৰু ৰাজ্যিক কাৰিকৰী সমৰ্থন গোটৰ প্ৰতিনিধি ড° অৰূপ জ্যোতি কলিতা, জিলা টিবি বিষয়া ডা° সুনিতা এক্কা, এন আৰ এলৰ বিবেকানন্দ চিকিৎসালয়ৰ ডা°প্ৰাঞ্জল শইকীয়া, ডা° সমীৰজ্যোতি শইকীয়া, কংকনা পাঠক, দেৱজ্যোতি বৰা, মীনাক্ষী বৰ্মন, তুলুমণি বাৰুকীয়াল, চিকিৎসা কৰ্মী অৰিন্দম কটকী, অপূৰ্ব বৰা আদি উপস্থিত আছিল ৷ অনুষ্ঠানত যক্ষ্মা নিবাৰণৰ যুটীয়া কৰ্মসূচীও যুগুত কৰা হয় ৷ 

মাধৱ গগৈ 
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...