Friday, 22 April 2022

*গোলাঘাট জিলাতো ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান**পি এম কিষাণৰ হিতাধিকাৰী সকলক কেচিচিৰ সুবিধা লোৱাৰ লগতে কৃষি বীমা কৰোৱাবলৈ উপায়ুক্তৰ আহ্বান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬২

*গোলাঘাট জিলাতো ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান*

*পি এম কিষাণৰ হিতাধিকাৰী সকলক কেচিচিৰ সুবিধা লোৱাৰ লগতে কৃষি বীমা কৰোৱাবলৈ উপায়ুক্তৰ আহ্বান*
গোলাঘাট, ২২ এপ্ৰিল : আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি অহা ২৪ এপ্ৰিলৰ পৰা দেশজুৰি আৰম্ভ হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" শীৰ্ষক অভিযান গোলাঘাট জিলাতো সপ্তাহজোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰা হ'ব । গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) আঁচনিৰ আওতালৈ আনি বিভিন্ন সা-সুবিধা তথা কৃষি ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ হিতাধিকাৰীসকলেও এই সুবিধাসমূহ লাভ কৰিব । কে চি চিৰ সুবিধাৰ পৰা বাদ পৰা খেতিয়কসকলক সামৰি লোৱাটো এই অভিযানৰ উদ্দেশ্য বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ২৪ তাৰিখে সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো বিশেষ গাঁওসভা অনুষ্ঠিত কৰি এই সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব । বিভিন্ন বেংক, জিলা প্ৰশাসন, নাবাৰ্ড, গাঁও পঞ্চায়ত, আৰু বিভিন্ন বিভাগে ঐক্যবদ্ধভাৱে এই বিশেষ অভিযান ৰূপায়ন কৰিব । তেওঁ কয় যে অভিযানৰ অংশৰূপে ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ 'ফচল বীমা পাঠশালা' শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত খেতিয়কসকলক অৱগত কৰোৱা আৰু অধিক খেতিয়কক এই বীমা আঁচনিৰ দ্বাৰা সামৰি লোৱা । তেওঁ কয় যে কেৱল এটকা খৰচ কৰি খেতিয়কে নিজৰ খেতিৰ বীমা কৰাব পাৰে । তেওঁ খেতিয়কসকলক কৃষি ঋণ লোৱাৰ লগতে নিজৰ ফচলৰ বীমা কৰোৱাবলৈ আহ্বান জনায় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে গ্ৰহণ কৰা আঁচনিখনৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে এই অভিযানৰ অধীনত প্ৰত্যেক দিনাই গাঁও পঞ্চায়ত আৰু ব্লক পৰ্যায়ত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । তেওঁ এই অভিযানৰ সফল ৰূপায়নৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত কৃষকসকলক সজাগ কৰি কে চি চি ৰ আওতালৈ আনি সা-সুবিধাসমূহ প্ৰদান কৰিব পৰিলেহে এই অভিযান সফল হ'ব বুলি তেওঁ কয় । বৈঠকত ভাগ লৈ এল ডি এম সজীৱ কুমাৰ বৰাই পি এম কিষাণৰ যোগ্য হিতাধিকাৰীসকলক বিনাদ্বিধাই কৃষি ঋণ ল'বলৈ আহ্বান জনায় ।  এই ক্ষেত্ৰত বেংকসমূহে হিতাধিকাৰীসকলক সকলো ধৰণে সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে এই অভিযানৰ অধীনত কেৱল সজাগ কৰাই নহয় যোগ্য খেতিয়কসকলক সা-সুবিধাসমূহ প্ৰদানৰ লগতে ঠাইতে বীমা কৰোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, বেংকৰ প্ৰতিনিধি, চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...