Saturday, 23 April 2022
গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ
*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৩
*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*
গোলাঘাট, ২৩ এপ্ৰিল : গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজি মৰঙী ৰাজহ চক্ৰৰ অধীনৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । তেওঁ সখী স্বেচ্ছাসেৱীসকলক উদ্দেশ্যি কয় যে সাধাৰণতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে মানুহ আতংকিত হৈ পৰে আৰু প্ৰায়ে অগ্নি নিৰ্বাপন যন্ত্ৰ মজুত নথকাৰ ফলত অথবা থাকিলেও ব্যৱহাৰ কৰিবলৈ ভয় কৰে । এই প্ৰশিক্ষণে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মহিলাসকলক যথেষ্ট সাহস দিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত অন্য গাঁৱতো এনে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । নুমলিগড় শোধনাগাৰ লিমিটেডৰ অগ্নি নিৰ্বাপন বিভাগৰ এটা দলে সখী স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপন যন্ত্ৰৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখযোগ্য যে সখী স্বেচ্ছাসেৱীসকলক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কেনেকৈ জুই নুমুৱাব লাগে আৰু এনে ঘটনা যাতে সংঘটিত নহয় তাৰবাবে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল । আজিৰ প্ৰশিক্ষণতে সখী স্বেচ্ছাসেৱীসকলক গাঁৱত সৰু-সুৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে প্ৰথম সঁহাৰি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ অগ্নি নিৰ্বাপন যন্ত্ৰ প্ৰদান কৰা হয় । প্ৰশিক্ষণত ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষণকালত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ, প্ৰাধিকৰণৰ কেইবাগৰাকীও ক্ষেত্ৰ বিষয়া আৰু এন আৰ এলৰ প্ৰতিনিধি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Friday, 22 April 2022
*গোলাঘাট জিলাতো ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান**পি এম কিষাণৰ হিতাধিকাৰী সকলক কেচিচিৰ সুবিধা লোৱাৰ লগতে কৃষি বীমা কৰোৱাবলৈ উপায়ুক্তৰ আহ্বান*
দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান।
Thursday, 21 April 2022
Wednesday, 20 April 2022
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...