Wednesday, 18 August 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত আই চি ইউ কক্ষ এটা মুকলি কৰে ।

18 August, 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত আই চি ইউ কক্ষ এটা মুকলি কৰে । কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এই আই চি ইউ কক্ষটোৱে ক'ভিডবিৰোধী যুঁজখনৰ লগতে জিলাখনৰ স্বাস্থ্য আন্তঃগাঁথনিত ভালেখিনি পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়া, চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকর্মীসকল উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভগৱানৰ ওচৰত মংগল কামনাৰে আশীষ লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে ।

18 August,2021

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভগৱানৰ ওচৰত মংগল কামনাৰে আশীষ লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে । অনুষ্ঠানৰ অংশৰূপে আঠখেলীয়া নামঘৰ প্রাংগনতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই ভ্ৰমনকালত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাট জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত ২৫ লাখ টকা ব্যয়েৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাস্কৰ্যবিদ ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই নিৰ্মাণ কৰা সতী সাধনীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে ।

18 August,2021

কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাট জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত ২৫ লাখ টকা ব্যয়েৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাস্কৰ্যবিদ ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই নিৰ্মাণ কৰা সতী সাধনীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া, দেৰগাঁৱৰ বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী আৰু সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

প্ৰশাসন, স্বাস্থ্য বিভাগ, জল জীৱন অভিযান, লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ) আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

18 August, 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, জল জীৱন অভিযান, লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ) আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ছেপ্টেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে প্ৰথম পালি প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে পাইপেৰে পানী যোগান ব্যৱস্থাৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈও জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ কাম তৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । আঢ়ৈশ কোটিৰো অধিক টকাৰে চাৰিলেনযুক্ত পথ হিচাপে উন্নীত কৰিবলগীয়া গোলাঘাটৰ পৰা দেৰগাঁৱলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটোৰ নিৰ্মাণ সন্দৰ্ভতো তেওঁ বিভিন্ন দিশ পৰ্যালোচনা কৰে । সভাত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া, দেৰগাঁৱৰ বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী আৰু সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

প্ৰেছ বাৰ্তা

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Covid Update Assam Covid19 Assam and actions taken as on 17/08/2021.

Covid Update Assam  

Covid19 Assam and actions taken as on 17/08/2021.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...