Wednesday, 18 August 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত আই চি ইউ কক্ষ এটা মুকলি কৰে ।

18 August, 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত আই চি ইউ কক্ষ এটা মুকলি কৰে । কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এই আই চি ইউ কক্ষটোৱে ক'ভিডবিৰোধী যুঁজখনৰ লগতে জিলাখনৰ স্বাস্থ্য আন্তঃগাঁথনিত ভালেখিনি পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়া, চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকর্মীসকল উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...