18 August, 2021
দিনজোৰা কাৰ্যসূচীৰে আজি গোলাঘাট জিলা ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে । তেওঁ পৰৱৰ্তী চাৰি মাহমানৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে । তেওঁ সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু অধ্যাপক পদৰ মঞ্জুৰীৰ কাম অতি সোনকালে সম্পূৰ্ণ হ'ব বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদর্শনকালত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া আৰু সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনো উপস্থিত আছিল ।
গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
No comments:
Post a Comment
Welcome Northeast News India