Wednesday, 18 August 2021

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভগৱানৰ ওচৰত মংগল কামনাৰে আশীষ লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে ।

18 August,2021

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভগৱানৰ ওচৰত মংগল কামনাৰে আশীষ লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে । অনুষ্ঠানৰ অংশৰূপে আঠখেলীয়া নামঘৰ প্রাংগনতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই ভ্ৰমনকালত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...