Wednesday, 18 August 2021

প্ৰশাসন, স্বাস্থ্য বিভাগ, জল জীৱন অভিযান, লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ) আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

18 August, 2021

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, জল জীৱন অভিযান, লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ) আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ছেপ্টেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে প্ৰথম পালি প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে পাইপেৰে পানী যোগান ব্যৱস্থাৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈও জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ কাম তৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । আঢ়ৈশ কোটিৰো অধিক টকাৰে চাৰিলেনযুক্ত পথ হিচাপে উন্নীত কৰিবলগীয়া গোলাঘাটৰ পৰা দেৰগাঁৱলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটোৰ নিৰ্মাণ সন্দৰ্ভতো তেওঁ বিভিন্ন দিশ পৰ্যালোচনা কৰে । সভাত বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা, স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া, দেৰগাঁৱৰ বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী আৰু সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।

গোলাঘাটৰ পৰা মাধৱ গগৈ
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...