Tuesday, 1 June 2021

ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷

01Jun, 2021

যোৰহাট জিলা প্ৰশাসনক 
যোৱা কালি ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷ যোৱা কালি জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচা দেৱ আৰু যোৰহাটৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী দেৱে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে বিনামূলীয়া সেৱাৰ অটো এম্বুলেঞ্চ কেইখন মুকলি কৰি দিয়ে ৷ সাংসদ গৰাকীয়ে জিলা প্ৰশাসনক ক'ভিড নিয়ন্ত্ৰন কৰাত সফল হৈছে বুলি মন্তব্য কৰে ৷ সকলোৱে মিলি লোৱা এনেধৰনৰ পদক্ষেপে জনসাধাৰণক উপকৃত কৰাৰ লগতে ক'ভিডৰ যুঁজখনত জয় লাভ কৰিব পাৰিব বুলি তেওঁ আশাবাদী ৷ ১০ জন চালককে তেওঁলোকৰ স্বাস্হ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পি পি ই কিট,মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰা হয় ৷ ইয়াৰোপৰি ৰাইজৰ  সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা প্ৰশাসনে দুয়োজন বিশিষ্ট ব্যক্তিৰ উপস্হিতিত www.covid19jorhat.in  ৱেবছাইটটো মুকলি কৰে ৷
 ৱেবছাইটটোত ক'ভিড সম্পৰ্কীয় যিকোনো তথ্য উপলব্ধ থকাৰ উপৰিও তাত উল্লেখিত ফোন নাম্বাৰ সমূহত ফোন কৰিব পাৰিব৷ অনুষ্ঠানত মাননীয় জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন দেৱৰ লগতে জিলা প্ৰশাসনৰ জেষ্ঠ্য বিষয়াসকল, চেম্বাৰ অফ্ কমাৰ্চৰ সভাপতি-সম্পাদক, উপ সভাপতি, অটো সন্হাৰ বিষয়ববীয়া সকল উপস্হিত থাকে৷

01 Jun, 2021🦠 COVID-19 update in Dima Hasao District date 31-05-2021

01 Jun, 2021

🦠 COVID-19 update in 
Dima Hasao District date 31-05-2021

01 Jun, 2021গুৰুত্বপূৰ্ণ COVID19 টিকাকৰণৰ বাবে অন-চাইট পঞ্জীয়ন 18-44 বছৰ বয়সৰ গোট এতিয়া কেৱল চাহ বাগিচা অঞ্চলৰ বাবে হে খোলা হয়। ইয়াত শেহতীয়া নিৰ্দেশনাৰ মুখ্য আলোকপাতসমূহ

01 Jun, 2021

গুৰুত্বপূৰ্ণ 
COVID19 টিকাকৰণৰ বাবে অন-চাইট পঞ্জীয়ন 18-44 বছৰ বয়সৰ গোট এতিয়া কেৱল চাহ বাগিচা অঞ্চলৰ বাবে হে খোলা হয়। 
ইয়াত শেহতীয়া নিৰ্দেশনাৰ মুখ্য আলোকপাতসমূহ

01 Jun, 2021Covid Update Assam Covid19 #Assam and actions taken as on 31/05/2021.

01 Jun, 2021

Covid Update Assam 

Covid19 #Assam and actions taken as on 31/05/2021.

Monday, 31 May 2021

কেনছাৰৰ মূল কাৰক ধপাত ৷

 31 May, 2021


ধপাত" ধপাত দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধোঁৱা ওলোৱা আৰু নোলোৱা ধপাত ৷ বিড়ি; চিগাৰেট; চিগাৰ ; চিৰাট ; আদিৰ ধোঁৱা ওলায় ৷ আৰু গুটখা; জৰ্দা; পানমচলা ; বগা-কলা পাটচাদা ; তুলসী ; ৰজনীগন্ধা কমলাপচন আদি ধোঁৱা বিহীন ধপাত ৷ এই সমূহ আছলতে মানৱ শৰীৰৰ বাবে বৰবিহ ৷ ধপাত সেৱনকৰি বিশ্বত প্ৰতিবছৰে লক্ষাধিক লোকৰ মৃত্যু হয় ৷ কেনছাৰৰ মূল কাৰক ধপাত ৷


অসমত ২০০৭ চনত ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ কোষ গঠন কৰা হয় ৷  আৰু আইন প্ৰণয়ন কৰি ধপাত সেৱনকাৰীৰ সংখ্যা ণিয়ণ্তনৰ ব্যৱস্থা কৰা হয় ৷ সোমবাৰে গোলাঘাটত ধপাত ণিয়ণ্তন কোষে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ দিৱস পালন কৰে ৷ জিলা সমল ব্যক্তি ডা° সুনীতা এক্কাৰ উদ্যোগত  গোলাঘাটৰ ক’ভীড-১৯ৰ এক প্ৰতিষেধক প্ৰদান চেণ্টাৰত ক’ভীড-১৯ নিয়ম মানি অনুস্থূপিয়াকৈ এই দিৱস পালন কৰি প্ৰতিষেধক গ্ৰহণৰ বাবে অহা লোকৰ মাজত প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰা হয় ৷ 


:::::কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

31 May, 2021Bed Available in Golaghat District

31 May, 2021

Bed Available in Golaghat District

31 May, 2021Golaghat Covid🦠 update

31 May, 2021

Golaghat Covid🦠 update

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...