Tuesday, 1 June 2021

ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷

01Jun, 2021

যোৰহাট জিলা প্ৰশাসনক 
যোৱা কালি ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷ যোৱা কালি জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচা দেৱ আৰু যোৰহাটৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী দেৱে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে বিনামূলীয়া সেৱাৰ অটো এম্বুলেঞ্চ কেইখন মুকলি কৰি দিয়ে ৷ সাংসদ গৰাকীয়ে জিলা প্ৰশাসনক ক'ভিড নিয়ন্ত্ৰন কৰাত সফল হৈছে বুলি মন্তব্য কৰে ৷ সকলোৱে মিলি লোৱা এনেধৰনৰ পদক্ষেপে জনসাধাৰণক উপকৃত কৰাৰ লগতে ক'ভিডৰ যুঁজখনত জয় লাভ কৰিব পাৰিব বুলি তেওঁ আশাবাদী ৷ ১০ জন চালককে তেওঁলোকৰ স্বাস্হ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পি পি ই কিট,মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰা হয় ৷ ইয়াৰোপৰি ৰাইজৰ  সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা প্ৰশাসনে দুয়োজন বিশিষ্ট ব্যক্তিৰ উপস্হিতিত www.covid19jorhat.in  ৱেবছাইটটো মুকলি কৰে ৷
 ৱেবছাইটটোত ক'ভিড সম্পৰ্কীয় যিকোনো তথ্য উপলব্ধ থকাৰ উপৰিও তাত উল্লেখিত ফোন নাম্বাৰ সমূহত ফোন কৰিব পাৰিব৷ অনুষ্ঠানত মাননীয় জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন দেৱৰ লগতে জিলা প্ৰশাসনৰ জেষ্ঠ্য বিষয়াসকল, চেম্বাৰ অফ্ কমাৰ্চৰ সভাপতি-সম্পাদক, উপ সভাপতি, অটো সন্হাৰ বিষয়ববীয়া সকল উপস্হিত থাকে৷

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...