23 March, 2021
মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি
৷ বায়ফ্লক্চ পদ্ধতিৰে কৰা এই মীনপালন এগৰাকী গৃহিনী বা বৃদ্ধাইও কৰি লাভান্বিত হব পাৰে ৷ এনে সহজ পদ্ধতিৰে মীন উৎপাদনকৰি স্পষ্ট নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ ঢ়েকীয়ালৰ নৱজ্যোতি শইকীয়া আৰু তেওৰ পত্নী লিপিকা দত্তই ৷ তেওলোকে চাৰে বাৰ ফুট এটা প্লাষ্টিকৰ টেংকীত প্ৰথমবাৰৰ বাবে ৬ হেজাৰ কাৱৈমাছৰ পোৱালী প্ৰতিপালন কৰি তিনি মাহত মাত্ৰ ৫৫ কিলো দানা খুৱাই মাছ বিক্ৰীৰে যথেষ্টখিনি সফলতাৰ মুখ দেখিলে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া