Tuesday, 23 March 2021

গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা

23 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩৫/২০২১

গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা

গোলাঘাট, ২৩ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ পৰিপ্ৰেক্ষিতত অহা ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ আৰু অহা ২ মে' ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । গোলাঘাটৰ সৈতে থকা নাগালেণ্ড সীমান্তৱৰ্তী জিলাখনৰ অধীনৰ স্থানসমূহতো এই নিয়ম কাৰ্যকৰী হ'ব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...