23 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৩৪/২০২১
গোলাঘাটত কাইলৈ পুৱা ৭ বজাৰ পৰা নিষিদ্ধ মটৰ চাইকেল ৰেলী
গোলাঘাট, ২৩ মাৰ্চ : ভাৰতীয় নিৰ্বাচন আয়োগে অসমকে ধৰি নিৰ্বাচন সম্পন্ন হ'বলগীয়া ৰাজ্যকেইখনত ভোটগ্ৰহনৰ ৭২ ঘণ্টাৰ পূৰ্বৰে পৰা সকলো ধৰণৰ মটৰ চাইকেল ৰেলী নিষিদ্ধ কৰিছে । ভোটগ্ৰহনৰ পূৰ্বে অথবা ভোটগ্ৰহনৰ দিনা ভোটাৰক আতংকিত কৰাৰ বাবে কেতবোৰ ঠাইত কিছুমান সমাজবিৰোধী চক্ৰই মটৰ চাইকেল ব্যৱহাৰ কৰাৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ভোটগ্ৰহন হ'বলগীয়া গোলাঘাট জিলাতো কাইলৈ পুৱা ৭ বজাৰ পৰা সকলো ধৰণৰ মটৰ চাইকেল ৰেলী নিষিদ্ধ ঘোষণা কৰা হৈছে । ভোটগ্ৰহনলৈ ৭২ ঘণ্টা থকাৰ পূৰ্বৰে পৰা অথবা ভোটগ্ৰহনৰ দিনা কোনো প্ৰাৰ্থী, সমৰ্থক তথা ৰাজনৈতিক দলে মটৰ চাইকেল ৰেলী উলিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India