Monday, 8 March 2021

আন্তর্জাতিক মহিলা দিৱস

 08 March, 2021


*আন্তর্জাতিক মহিলা দিৱস


* Date :- 8/3/21


আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে লখিমপুৰ জিলাৰ নকাৰী মিলি জুলি মহিলা গোটৰ সৌজন্যত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।


## উক্ত অনুষ্ঠানত সম্পাদিকা গৰাকীয়ে কয় যে, আজি আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নকাৰী মিলি জুলি গোটৰ মহিলা  সকলে  আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰে।


## আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহিলা সকলৰ বাবে এখনি খেল-ধেমালিৰ আয়োজন কৰা হয়।


## উক্ত খেলত প্ৰায় শতাধিক মহিলাই অংশগ্রহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

08 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাট জিলাত আজি ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

গোলাঘাট : গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।৯৫-গোলাঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজন্তা নেওগ, কংগ্ৰেছৰ বিতোপন শইকীয়া আৰু অসম জাতীয় পৰিষদৰ হৈ ৰীণা শইকীয়াই ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে ৯৬-খুমটাই সমষ্টিৰ বাবে কংগ্ৰেছৰ বিস্মিতা গগৈ, অসম জাতীয় পৰিষদৰ পবন শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ম কোঁৱৰে খুমটাই সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ ওচৰত  মনোনয়ন পত্ৰ দাখিল কৰে । ৯৩-বোকাখাট সমষ্টিত অসম গণ পৰিষদ দলৰ অতুল বৰা, ৰাইজৰ দলৰ হৈ জীৱন বৰা, নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ দলে আৰু দুলাল বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । সমষ্টিটোৰ বাবে পূৰ্বে আম আদমী পাৰ্টিৰ বিজয় কুটুম আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিতেন গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইফালে ৯৪-সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা টিৰ্কী, বিজেপিৰ বিশ্বজিৎ ফুকন আৰু নিৰ্দলীয় প্ৰাৰ্থী গোপাল গগৈয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে । কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । ১০মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ১২ মাৰ্চ ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ



সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলা নমিনেচন

 08 March, 2021

গোলাঘাট জিলা নমিনেচন





৯৫ নং গোলাঘাট বিধালসভা সমষ্টিৰ আৰু ৯৬ নং খুমটাই   বিধান সভা সমষ্টিৰ বাবে আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ণপত্ৰ দাখিল কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাটৰ পাৰ্থী বিতোপন শইকীয়া আৰু ৯৬নং খুমটাইৰ পাৰ্থী বিস্মিতা গগৈয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হাতীৰ পিঠিত উঠি বিতোপনে মনোনয়নপত্ৰ দাখিল কৰে ৷ আনহাতে  বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে মনোনয়ন দাখিল  কৰাৰ সময়ত  সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

   খুমটাই বিধান সভা সমষ্টিৰ  আৰু AJP ৰ প্ৰাৰ্থী পৱন শইকীয়াই মনোনয়ন দাখিল কৰে।


গোলাঘাটৰ পৰা  প্ৰকাশ শৰ্মা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

Sunday, 7 March 2021

*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*

 07 March, 2021


*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*


Date :- 7/3/21


## ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত  প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্নয়ণ খণ্ডত আজি বিপুল আদৰণি জনোৱা হয় ।


## নৱ দলে বিজেপি প্ৰাৰ্থিত্বলৈ সমষ্টিলৈ আহি থকাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চৰাই মৰীয়া চাৰি আলি  হাজাৰ হাজাৰ সমৰ্থকে বিপুল আদৰণি জনায় ।


## ইয়াৰ পিছতেই চৰাই মৰীয়া নাম ঘৰত সেৱা জনাই  নৱ দলে।


## পাৰ্থী গৰাকী হাজাৰ হাজাৰ সমৰ্থকে বাইক গাড়ীলৈ ঢকুৱাখনালৈ ৰাওনা হয় ।


## ৰাইজে পদুলিয়ে পদুলিয়ে প্ৰাৰ্থী গৰাকীক উস্ম আদৰণি জনায় ।


## শান্তিপূৰ্ণ ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন

07 March, 

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন

গোলাঘাট, ৭ মাৰ্চ : গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আৰু ফৰকাটিং মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত ১৬৭ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে । আনহাতে ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত ২৩২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াই অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হ'ব । প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰিছে । দ্বিতীয় পৰ্যায়ত অহা ১৩ আৰু ১৪ মাৰ্চত আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ ২০ আৰু ২১ মাৰ্চত সম্পন্ন হ'ব । মুঠ ছদিনজোৰা এই প্ৰশিক্ষণত গোলাঘাট নিৰ্বাচনী জিলাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ২,৩৩২ গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াই অংশগ্ৰহণ কৰিব । আজি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু ময়ূৰাক্ষী দত্ত উপস্থিত আছিল । ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু পল্লৱী গগৈ আৰু সহকাৰী আয়ুক্ত গৌৰীপ্রিয়া দেউৰী উপস্থিত আছিল । প্ৰশিক্ষণত সমষ্টি দুটাৰ ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ আৰু জ'নেল বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীয়ে অংশ লয় । 

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Saturday, 6 March 2021

06 March, 2021 গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। ‌● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। ● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু ● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা। সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 06 March, 2021


গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত,  দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ  সম্বৰ্দ্ধনা  অনুষ্ঠান। 

‌●  অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। 

● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু

● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব  সৰুপথাৰ সমষ্টিৰ পৰা। 



সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া


06 March, 2021গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্নগোলাঘাট, ৬ মাৰ্চ। গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী কাম-কাজত জড়িত বিষয়া-কৰ্মচাৰীসকল যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে ডাক বেলটযোগে ভোট দিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অম্লান ফুকন তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই উপস্থিত আছিল। প্ৰশিক্ষণত সমষ্টি দুটাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ৭১২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ লগতে ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল অংশ লয় । গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি

06 March, 2021

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

গোলাঘাট, ৬ মাৰ্চ। গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী কাম-কাজত জড়িত বিষয়া-কৰ্মচাৰীসকল যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে ডাক বেলটযোগে ভোট দিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু  সহকাৰী আয়ুক্ত অম্লান ফুকন তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই উপস্থিত আছিল। প্ৰশিক্ষণত সমষ্টি দুটাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ৭১২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ লগতে ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল অংশ লয় । 

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...