06 March, 2021
গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন
গোলাঘাট, ৬ মাৰ্চ। গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী কাম-কাজত জড়িত বিষয়া-কৰ্মচাৰীসকল যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে ডাক বেলটযোগে ভোট দিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অম্লান ফুকন তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই উপস্থিত আছিল। প্ৰশিক্ষণত সমষ্টি দুটাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ৭১২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ লগতে ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল অংশ লয় ।
No comments:
Post a Comment
Welcome Northeast News India