Tuesday, 29 December 2020

29 December, 2020 *পশ্চিম বংগৰ গোবৰদাংগাত অভিনৱ থিয়েটাৰৰ নাটক মঞ্চস্থ* ## লকডাউনৰ ফলত নাট্য জগত খনৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল। ## লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী। ## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই নাট্যগোষ্ঠীটোৱে লক ডাউনৰ পাছত ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় নাট্য উৎসৱত নাটক মঞ্চস্থ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ## নাট্য গোষ্ঠীটোৱে যোৱা ২৭ ডিচেম্বৰ,২০২০ তাৰিখে পশ্চিম বংগৰ গোবৰদাংগাত অনুস্হিত মৃদংগম ৰাষ্ট্ৰীয় মহোৎসৱত নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰে। ## সমাজ ব্যৱস্থা , ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যৱহাৰ কৰি সজাই তোলা এই নাটকখনিত অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 29 December, 2020


*পশ্চিম বংগৰ গোবৰদাংগাত অভিনৱ থিয়েটাৰৰ নাটক  মঞ্চস্থ*


## লকডাউনৰ ফলত নাট্য জগত খনৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল।


## লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী।


## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই  নাট্যগোষ্ঠীটোৱে লক ডাউনৰ পাছত ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় নাট্য উৎসৱত নাটক মঞ্চস্থ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।


## নাট্য গোষ্ঠীটোৱে যোৱা ২৭ ডিচেম্বৰ,২০২০  তাৰিখে পশ্চিম বংগৰ গোবৰদাংগাত অনুস্হিত মৃদংগম  ৰাষ্ট্ৰীয়  মহোৎসৱত   নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰে।


## সমাজ ব্যৱস্থা , ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যৱহাৰ কৰি সজাই তোলা এই নাটকখনিত  অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


29 December, 2020 ## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়। ## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। ## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে। ## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 29 December, 2020


## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়।


## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।


## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে।


## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 28 December 2020

28 December, 2020 *লখিমপুৰ Accident* Date :- 28/12/2020 ## বত্তৰ্মান পেট্ৰল যি হে চৰা দাম, অকমান তেল বাছিলেও বহুত। ## সেই অকমান তেল বছাবলৈ গৈ এখন গাড়ীয়ে প্ৰাণ কাঢ়িলে এটি ১৩ বছৰীয়া কিশোৰৰ। ## AS 07 AC 9047 মহেন্দ্ৰ গাড়ী খনে ৰাংচালী এঘৰলৈ কিছু সামগ্রী কঢ়িয়াই আনিছিল, পথেৰে গলে অলপ দুৰ হোৱাৰ বাবে পথাৰৰ মাজেৰে যাওঁতেই গাড়ীখন লাগি ধৰাত থেলিবলৈ কেইজন মান শিশুক দিছিল। ## শিশু কেইজনে গাড়ী খন থেলি উথাওতেই গাড়ী খন ডাইভাৰে চলাই হাতীলোং ৰাওনাপুৰৰ আব্বাচ আলি নামৰ শিশুটিৰ গা উপৰেৰে গাড়ী খন উঠি যোৱাৰ ফলত আব্বাচ আলি থিতাতে নিহত হয়। ## ইতিমধ্যে এই ঘটনাক লখিমপুৰ জিলা আমছুৱে তীব্ৰ গঢ়িহনা দিয়াৰ লগতে নিহত পৰিয়াল বৰ্গলৈ এক কালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাই। ## আনহাতে খেলমাটি আৰক্ষী উপস্থিতি হৈ নিহত আব্বাচ আলিক মৰোৰ্ণত পৰীক্ষা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। Byte :- লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 28 December, 2020


*লখিমপুৰ Accident* Date :- 28/12/2020


## বত্তৰ্মান পেট্ৰল যি হে চৰা দাম, অকমান তেল বাছিলেও বহুত।


## সেই অকমান তেল বছাবলৈ গৈ এখন গাড়ীয়ে প্ৰাণ কাঢ়িলে এটি ১৩ বছৰীয়া কিশোৰৰ।


## AS 07 AC 9047 মহেন্দ্ৰ গাড়ী খনে ৰাংচালী এঘৰলৈ কিছু সামগ্রী কঢ়িয়াই আনিছিল, পথেৰে গলে অলপ দুৰ হোৱাৰ বাবে পথাৰৰ মাজেৰে যাওঁতেই গাড়ীখন লাগি ধৰাত থেলিবলৈ কেইজন মান শিশুক দিছিল।


## শিশু কেইজনে গাড়ী খন থেলি উথাওতেই গাড়ী খন ডাইভাৰে চলাই হাতীলোং ৰাওনাপুৰৰ আব্বাচ আলি নামৰ শিশুটিৰ গা উপৰেৰে গাড়ী খন উঠি যোৱাৰ ফলত আব্বাচ আলি থিতাতে নিহত হয়।


## ইতিমধ্যে এই ঘটনাক লখিমপুৰ জিলা আমছুৱে তীব্ৰ গঢ়িহনা দিয়াৰ লগতে নিহত পৰিয়াল বৰ্গলৈ এক কালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাই।


## আনহাতে খেলমাটি আৰক্ষী উপস্থিতি হৈ নিহত আব্বাচ আলিক মৰোৰ্ণত পৰীক্ষা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


28 December, 2020 Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড । । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 28 December, 2020


Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড ।  । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে  ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ  অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ  ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।

কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


28 December, 2020 NUMALIGARH CSR SKILL DEVELOPMENT INTERVIEW নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত SKILL DEVELOPMENT ৰ জৰিয়তে নিবনুৱা যুৱতী নিয়োগ প্ৰক্ৰিয়াৰ প্ৰশিক্ষণৰ বাবে বাচনি প্ৰক্ৰিয়া । নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত বিভিন্ন সময়ত নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপনৰ লগতে ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰি আহিছে ।বিগত সময়ত দুখীয়া নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ।আজিও শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত পঞ্চাছ গৰাকী যুৱতীৰ সংস্থাপনৰ বাবে গুৱাহাটীৰ TUSTI FOUNDATION য়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে ।বাচনি পৰীক্ষাত প্ৰায় দুই শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰে ।তেওঁলোকৰ মাজৰ পৰা পঞ্চাশ গৰাকী যুৱতীক Aviation আৰু Hospitality প্ৰশিক্ষণৰ বাবে বাচনি কৰিব বুলি TUSTI FOUNDATION ৰ তৰফৰ পৰা জানিবলৈ দিয়ে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 28 December, 2020


NUMALIGARH CSR SKILL DEVELOPMENT INTERVIEW



নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত SKILL DEVELOPMENT ৰ জৰিয়তে নিবনুৱা যুৱতী নিয়োগ প্ৰক্ৰিয়াৰ প্ৰশিক্ষণৰ বাবে বাচনি প্ৰক্ৰিয়া ।


নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত বিভিন্ন সময়ত নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপনৰ লগতে ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰি আহিছে ।বিগত সময়ত   দুখীয়া নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ।আজিও শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত পঞ্চাছ গৰাকী যুৱতীৰ সংস্থাপনৰ বাবে গুৱাহাটীৰ TUSTI FOUNDATION য়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে ।বাচনি পৰীক্ষাত প্ৰায় দুই শতাধিক যুৱতীয়ে অংশগ্ৰহণ  কৰে ।তেওঁলোকৰ মাজৰ পৰা পঞ্চাশ গৰাকী যুৱতীক  Aviation আৰু Hospitality প্ৰশিক্ষণৰ বাবে বাচনি কৰিব বুলি TUSTI FOUNDATION ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।


 কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া  গোলাঘাট ৷


27 December, 2020 *গ্ৰন্থ আৰু চোতাল শীৰ্ষক অনুষ্ঠান লখিমপুৰ* Date :- 27/12/2020 ## উত্তৰ লখিমপুৰ চহৰৰ পৰ্য্যটন উদ্যোগৰ বাটকটীয়া তথা গ্ৰাম্যানুভূতিৰ স্বষ্টা দিকপল লাহনৰ উদ্যোগত তেখতৰ লাহন গাওঁৰ বাসভৱনত আজি "গ্ৰন্থ আৰু চোতাল" শীৰ্ষক এক অন্তৰঙ্গ আলাপৰ অনুষ্ঠান মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহযোগত আয়োজন কৰা হয়। ## মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহকাৰী সঞ্চালক পঙ্কজ সভাপণ্ডিত আৰু দিকপল লাহনে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ তথা ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক ভৰত ৰাজখোৱা, নিবন্ধকাৰ তথ্যচিত্ৰ পৰিচালক নৃপেন ফুকন আৰু মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সঞ্চালক জিতেন বৰুৱা। ## লাহন গাওঁৰ ৰংঘৰ মইনা পাৰিজাতৰ প্ৰায় বিশ গৰাকী শিশু তথা ছাত্ৰ ছাত্ৰীয়ে এই অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰে। ## এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্রৰ তৰফৰ পৰা প্ৰায় "এশখন গ্ৰন্থ " দিকপল লাহনৰ বাসভৱনৰ সন্মুখত স্থাপন কৰা পদপথৰ পুথি ভঁৰালৈ দান দিয়া হয়। ## ৰংঘৰ মইনা পাৰিজাতৰ সভাপতি অনিল লাহন, সাংস্কৃতিক সম্পাদিকা অৰুপা খনিকৰ বৰপাত্ৰগোহাঁই, সাংবাদিক প্ৰিয়মজ্যোতি ফুকনও উপস্থিত থাকি বক্তব্য আগবঢ়াই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 December, 2020


*গ্ৰন্থ আৰু চোতাল শীৰ্ষক অনুষ্ঠান লখিমপুৰ* Date :- 27/12/2020


## উত্তৰ লখিমপুৰ চহৰৰ পৰ্য্যটন উদ্যোগৰ বাটকটীয়া তথা গ্ৰাম্যানুভূতিৰ স্বষ্টা দিকপল লাহনৰ উদ্যোগত  তেখতৰ  লাহন গাওঁৰ বাসভৱনত আজি  "গ্ৰন্থ আৰু চোতাল" শীৰ্ষক এক  অন্তৰঙ্গ আলাপৰ অনুষ্ঠান  মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহযোগত আয়োজন কৰা হয়।


## মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহকাৰী সঞ্চালক পঙ্কজ সভাপণ্ডিত আৰু দিকপল লাহনে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ তথা ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক ভৰত ৰাজখোৱা, নিবন্ধকাৰ  তথ্যচিত্ৰ পৰিচালক নৃপেন ফুকন আৰু মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সঞ্চালক জিতেন বৰুৱা।


## লাহন গাওঁৰ ৰংঘৰ মইনা পাৰিজাতৰ প্ৰায় বিশ গৰাকী শিশু তথা ছাত্ৰ ছাত্ৰীয়ে এই অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰে।


## এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্রৰ তৰফৰ পৰা প্ৰায় "এশখন গ্ৰন্থ " দিকপল লাহনৰ বাসভৱনৰ সন্মুখত স্থাপন কৰা পদপথৰ পুথি ভঁৰালৈ দান দিয়া হয়।


## ৰংঘৰ মইনা পাৰিজাতৰ সভাপতি অনিল লাহন, সাংস্কৃতিক সম্পাদিকা অৰুপা খনিকৰ বৰপাত্ৰগোহাঁই, সাংবাদিক প্ৰিয়মজ্যোতি ফুকনও উপস্থিত থাকি বক্তব্য আগবঢ়াই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 26 December 2020

26 December, 2020 *গীত উন্মোচন লখিমপুৰ* Date :- 26/12/2020 ## বিগত কেইবাখনো চুতি ছবি ৰাইজৰ মাজলৈ আগবঢ়াই ৰাইজৰ সমাদৰ বুতলিবলৈ সক্ষম হোৱা ৰাজ শেষৰৰ পৰিচলনাত এইবাৰ মুক্তি লাভ কৰিলে "স্তব্দ সময়" শীৰ্ষক এটি গীত। ## গীতৰ ৰচনা মঙলদৈৰ অভি ভৰদ্বাজৰ আৰু গীতটোত কন্ঠ দান কৰিছে ৰিতু প্ৰতিম ৰাজখোৱা আৰু শিৰুমনি গগৈয়ে। ## গীতটোত লখিমপুৰৰ কেইবাজনো কলা কৌশলীয়ে অভিনয় কৰিছে। ## গীতটোৰ জড়িয়তে লকডাওনৰ সময়ত ৰাইজৰ কেনে দুখ দুৰ্দশা হৈছে সেই কথাই উপস্থাপন কৰা হৈছে। ## শনিবাৰে লখিমপুৰৰ ভূকপুৰত সৃস্থি "প্ৰশান্তি ধাম বয়োজ্যেষ্ঠ মহিলা আশ্ৰয় গৃহত" এই স্তব্দ সময় নামৰ গীতটি মুকলি কৰে এই বৃদ্ধা আশ্ৰমৰ এগৰাকী আইতাই। ## ইতিমধ্যে গীতটো উপভোগ কৰি আনন্দও ললে আইতা সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 December, 2020


*গীত উন্মোচন লখিমপুৰ* Date :- 26/12/2020


## বিগত কেইবাখনো চুতি ছবি ৰাইজৰ মাজলৈ আগবঢ়াই ৰাইজৰ সমাদৰ বুতলিবলৈ সক্ষম হোৱা ৰাজ শেষৰৰ পৰিচলনাত এইবাৰ মুক্তি লাভ কৰিলে "স্তব্দ সময়" শীৰ্ষক এটি গীত।


## গীতৰ ৰচনা মঙলদৈৰ অভি ভৰদ্বাজৰ আৰু গীতটোত কন্ঠ দান কৰিছে ৰিতু প্ৰতিম ৰাজখোৱা আৰু শিৰুমনি গগৈয়ে।


## গীতটোত লখিমপুৰৰ কেইবাজনো কলা কৌশলীয়ে অভিনয় কৰিছে।


## গীতটোৰ জড়িয়তে লকডাওনৰ সময়ত ৰাইজৰ কেনে দুখ দুৰ্দশা হৈছে সেই কথাই উপস্থাপন কৰা হৈছে।


## শনিবাৰে লখিমপুৰৰ ভূকপুৰত সৃস্থি "প্ৰশান্তি ধাম বয়োজ্যেষ্ঠ মহিলা আশ্ৰয় গৃহত" এই স্তব্দ সময় নামৰ গীতটি মুকলি কৰে এই বৃদ্ধা আশ্ৰমৰ এগৰাকী আইতাই।


## ইতিমধ্যে গীতটো উপভোগ কৰি আনন্দও ললে আইতা সকলে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...