28 December, 2020
NUMALIGARH CSR SKILL DEVELOPMENT INTERVIEW
নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত SKILL DEVELOPMENT ৰ জৰিয়তে নিবনুৱা যুৱতী নিয়োগ প্ৰক্ৰিয়াৰ প্ৰশিক্ষণৰ বাবে বাচনি প্ৰক্ৰিয়া ।
নুমলীগড় তেলশোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত বিভিন্ন সময়ত নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপনৰ লগতে ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰি আহিছে ।বিগত সময়ত দুখীয়া নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ।আজিও শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত পঞ্চাছ গৰাকী যুৱতীৰ সংস্থাপনৰ বাবে গুৱাহাটীৰ TUSTI FOUNDATION য়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে ।বাচনি পৰীক্ষাত প্ৰায় দুই শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰে ।তেওঁলোকৰ মাজৰ পৰা পঞ্চাশ গৰাকী যুৱতীক Aviation আৰু Hospitality প্ৰশিক্ষণৰ বাবে বাচনি কৰিব বুলি TUSTI FOUNDATION ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India